অসম

assam

ETV Bharat / sports

যশপ্ৰীত বুমৰাহৰ বিকল্পৰ সন্ধানত বি চি চি আই - CHAMPIONS TROPHY 2025

Jasprit Bumrah Injury: চেম্পিয়নছ ট্ৰফীত অংশগ্ৰহণক লৈ অনিশ্চিত যশপ্ৰীত বুমৰাহ ৷ যাৰ বাবে বিকল্পৰ সন্ধানত নামি পৰিছে বি চি চি আই ৷

CHAMPIONS TROPHY 2025
যশপ্ৰীত বুমৰাহ (ANI Photo)

By ETV Bharat Sports Team

Published : Jan 27, 2025, 3:19 PM IST

হায়দৰাবাদ: 19 ফ্ৰেব্ৰুৱাৰীৰ পৰা আৰম্ভ হ’ব চেম্পিয়নছ ট্ৰফী 2025 ৷ তাৰ বাবে টীম ইণ্ডিয়াই কঁকালত টঙালি বান্ধি সাজু হৈছে ৷

পিছে এই প্ৰতিযোগিতাত দলটোৰ দ্ৰুত বলাৰ যশপ্ৰীত বুমৰাহে অংশগ্ৰহণ কৰিব নে নকৰে, সেয়া এতিয়াও স্পষ্ট নহয় ৷ তাকে লৈ উৎকণ্ঠা অব্যাহত ৰাখিছে টীম ইণ্ডিয়াৰ অনুৰাগীসকলে ৷ সম্প্ৰতি পিঠিৰ আঘাতত ভুগি থকা সোঁহতীয়া বলাৰগৰাকীৰ আঘাত সন্দৰ্ভত কিছু নতুন কথা জানিব পৰা গৈছে ৷

বুমৰাহৰ আঘাতৰ শেহতীয়া তথ্য

টাইমছ অৱ ইণ্ডিয়াৰ এক প্ৰতিবেদন অনুসৰি, নিউজিলেণ্ডৰ প্ৰখ্যাত শল্য চিকিৎসক ডাঃ ৰোবন স্কাউটনে টীম ইণ্ডিয়াৰ বলাৰগৰাকীক পৰীক্ষা-নিৰীক্ষা কৰিব ৷ চিকিৎসকগৰাকীয়ে প্ৰকাশ কৰিবলগীয়া প্ৰতিবেদনৰ ওপৰত ভিত্তি কৰিহে বুমৰাহে চিকিৎসাৰ বাবে নিউজিলেণ্ড যোৱা-নোযোৱাটো ঠিৰাং কৰা হ’ব ৷

তদুপৰি চিকিৎসকৰ পৰামৰ্শ আৰু মূল্যাংকনৰ অন্ততহে বুমৰাহে চেম্পিয়নছ ট্ৰফীত অংশগ্ৰহণ কৰা-নকৰাটো ষ্পষ্ট হ’ব ৷

বুমৰাহ 100 শতাংশ সুস্থ হ’লে এয়া হ’ব চমৎকাৰ

বি চি চি আইৰ এক সূত্ৰই টাইমছ অৱ ইণ্ডিয়াৰ আগত সদৰী কৰা অনুসৰি, ব’ৰ্ডৰ অধীনষ্ঠ চিকিৎসা সেৱাৰ দলটোৱে ডাঃ স্কাউটনৰ সৈতে যোগাযোগ অব্যাহত ৰাখিছে ৷ ব’ৰ্ডে বুমৰাহক নিউজিলেণ্ড পঠোৱাৰো পৰিকল্পনা তৈয়াৰ কৰিছিল ৷ কিন্তু সেয়া বাস্তৱত ৰূপায়িত হোৱা নাই ৷

যদি নিৰ্দিষ্ট সময়ৰ লগে লগে বুমৰাহ 100 শতাংশ সুস্থ হৈ উঠে, তেন্তে সেয়া হ’ব চমৎকাৰ বুলি নিৰ্বাচকসকলে মন্তব্য কৰে ৷

বি চি চি আইয়ে সাজু কৰি ৰাখিছে বুমৰাহৰ বিকল্প

যশপ্ৰীত বুমৰাহে চেম্পিয়নছ ট্ৰফীত অংশগ্ৰহণ কৰাটো ভাৰতীয় অনুৰাগীসকলে মনে-প্ৰাণে বিচাৰিছে ৷ খবৰ অনুসৰি, অজিত আগৰকাৰ নেতৃত্বাধীন বাছনি সমিতিয়ে জানে যে আঘাতৰ পৰা খেলুৱৈগৰাকীয়ে আৰোগ্য লাভ কৰাটো কোনো চমৎকাৰতকৈ কম নহ’ব ৷ যাৰ বাবে তেওঁলোকে ফ্ৰেব্ৰুৱাৰীত ডুবাইত হ'বলগীয়া আই চি চি টুৰ্ণামেণ্টখনৰ বাবে বুমৰাহৰ বিকল্প সাজু ৰাখিছে ।

কোনে ল’ব বুমৰাহৰ স্থান ?

যদি বুমৰাহ এই প্ৰতিযোগিতাৰ পৰা বাহিৰ হয়, তেন্তে নিৰ্বাচকসকলে বিকল্প বাছনি কৰিব লাগিব । অৱশ্যে শেহতীয়াকৈ হৰ্ষিত ৰাণাক ঘৰুৱা খেলপথাৰত ইংলেণ্ডৰ বিৰুদ্ধে প্ৰথম দুখন খেলৰ বাবে ভাৰতীয় এদিনীয়া দলত অন্তৰ্ভুক্ত কৰা হৈছিল ।

খবৰ অনুসৰি, আই চি চি টুৰ্ণামেণ্টখনৰ বাবে দলত নিৰ্বাচিত নোহোৱা মহম্মদ চিৰাজক বুমৰাহৰ বিকল্প পেচাৰ হিচাপে নিৰ্বাচিত কৰাৰ সম্ভাৱনা আছে ৷

লগতে পঢ়ক:আই চি চিয়ে ঘোষণা কৰিলে ২০২৪ চনৰ টি-২০ দল: অধিনায়কৰ দায়িত্ব ৰোহিত শৰ্মাক, দলৰ পৰা বাহিৰ বিৰাট কোহলী

ABOUT THE AUTHOR

...view details