অষ্ট্ৰেলিয়ান তাৰকা ডেভিদ ৱাৰ্ণাৰ আৰু ইংলেণ্ডৰ বেটছমেন জনি বেয়াৰষ্টোৱেক আই পি এল 2025 ৰ নিলামৰ প্ৰথম দিনটোত কোনো ফ্ৰেঞ্চাইজিয়ে বৰ্তমানলৈকে ক্ৰয় কৰা নাই ৷
আই পি এল 2025 মেগা নিলাম; ক্ৰেতা বিচাৰি পোৱা নাই ডেভিদ ৱাৰ্ণাৰ আৰু জনি বেয়াৰষ্টোৱে
Published : Nov 24, 2024, 3:24 PM IST
|Updated : Nov 24, 2024, 7:59 PM IST
স্প’ৰ্টছ ডেস্ক: ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ (আই পি এল) ৰ মেগা নিলাম দেওবাৰৰ পৰা দুদিনীয়া কাৰ্যসূচীৰে চৌদি আৰৱৰ জেদ্দাত অনুষ্ঠিত হৈছে । আই পি এল 2025 ৰ মেগা নিলামত মুঠ 577 গৰাকী খেলুৱৈক বিড কৰা হ'ব ।
মুঠ 1577 গৰাকী খেলুৱৈয়ে আই পি এল নিলাম 2025 ৰ বাবে কৰিছিল পঞ্জীয়ন । অৱশ্যে পৰৱৰ্তী সময়ত খেলুৱৈৰ সংখ্যা 577 লৈ হ্ৰাস কৰা হয়, য’ত আছে 367 গৰাকী ভাৰতীয় আৰু 210 গৰাকী বিদেশী খেলুৱৈ । 10 টা দলত মুঠ 204 টা খালী স্থান আছে, য’ত বিদেশী খেলুৱৈসকলৰ বাবে ৰখা হৈছে 70 টা স্থান । দলবোৰৰ মুঠ পাৰ্চ 641.5 কোটি টকা ।
আই পি এল মেগা নিলাম 2025-ৰ সকলো আপডেট জানিবলৈ সংযুক্ত থাকক ইটিভি ভাৰতৰ এই পেজৰ সৈতে...
LIVE FEED
ক্ৰেতা বিচাৰি পোৱা নাই ডেভিদ ৱাৰ্ণাৰ আৰু জনি বেয়াৰষ্টোৱে
11.5 কোটি টকাত চুক্তিবদ্ধ ফিল চল্ট
ইংলেণ্ডৰ ক্ৰিকেটাৰ ফিল চল্ট আগন্তুক আই পি এল 2025 ছিজনৰ বাবে আৰ চি বিৰ সৈতে চুক্তিবদ্ধ হৈছে ৷ খেলুৱৈগৰাকী ফ্ৰেঞ্চাইজিটোৰ সৈতে 11.5 কোটি টকাত চুক্তিবদ্ধ হয় ৷
পঞ্জাৱ কিংছত অন্তৰ্ভুক্ত গ্লেন মেক্সৱেল
অষ্ট্ৰেলিয়াৰ ক্ৰিকেটাৰ গ্লেন মেক্সৱেলক ক্ৰয় কৰিছে পঞ্জাৱ কিংছে ৷ 4.2 কোটি টকাত চুক্তিবদ্ধ হৈছে খেলুৱৈগৰাকী ৷
23.75 কোটি টকাত ক্ৰয় ভেংকটেশ আয়াৰ
তাৰকা অলৰাউণ্ডাৰ ভেংকটেশ আয়াৰক 2024 চনৰ আই পি এল চেম্পিয়ন কলকাতা নাইট ৰাইডাৰ্ছে 23.75 কোটি টকাৰ নিবিদাৰে দলত অন্তৰ্ভুক্ত কৰিছে । আয়াৰৰ ওপৰত এই নিবিদাৰ পৰিমাণ হৈছে চলিত আই পি এল মেগা নিলাম 2025 ৰ তৃতীয় সৰ্বাধিক নিবিদা ।
নতুন ফ্ৰেঞ্চাইজিয়ে ক্ৰয় কৰিলে আৰ অশ্বিনক
অভিজ্ঞ সোঁহতীয়া অফ স্পিনাৰ ৰবিচন্দ্ৰন অশ্বিনে আই পি এল 2025 ত বিচাৰি পালে নতুন ক্ৰেতা । দেওবাৰে অনুষ্ঠিত মেগা নিলামৰ প্ৰথম দিনটোত অশ্বিনে তেওঁৰ পুৰণি দললৈ প্ৰত্যাৱৰ্তন কৰে । ক্ৰিকেটাৰগৰাকীক চেন্নাই চুপাৰ কিংছে 9.75 কোটি টকাৰ নিবিদাৰে দলত অন্তৰ্ভুক্ত কৰে ।
ক্ৰয় কৰা নাই দেৱদত্ত পাডিক্কালক
বাওঁহতীয়া তাৰকা বেটছমেন দেৱদত্ত পাডিক্কালক আই পি এল নিলাম 2025 ৰ প্ৰথম দিনটোত কোনো ফ্ৰেঞ্জাইজিয়ে ক্ৰয় কৰা নাই ৷
হেৰী ব্ৰুকক ক্ৰয় কৰিলে দিল্লী কেপিটেলছে
ইংলেণ্ডৰ সোঁহতীয়া বেটছমেন হেৰী ব্ৰুকক দিল্লী কেপিটেলছে 6.25 কোটি টকাত ক্ৰয় কৰে ৷
আৰ চি বিয়ে ক্ৰয় কৰিলে লিয়াম লিভিংষ্টোনক
ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুৱে ক্ৰয় কৰিলে লিয়াম লিভিংষ্টোনক ৷ 8.75 কোটি টকাত ফ্ৰেঞ্জাইজিটোৱে ক্ৰয় কৰে খেলুৱৈগৰাকীক ৷
গুজৰাট টাইটানছে ক্ৰয় কৰিলে মহম্মদ চিৰাজক
মহম্মদ চিৰাজক গুজৰাট টাইটানছে 12.25 কোটি টকাত ক্ৰয় কৰিছে ।
ঠিকনা সলনি হ’ল কে এল ৰাহুলৰ
পূৰ্বে লক্ষ্ণৌ চুপাৰ জায়েণ্টছৰ সৈতে সংযুক্ত থকা কে এল ৰাহুলৰ সলনি হ’ল ঠিকনা ৷ ক্ৰিকেটাৰগৰাকীক দিল্লী কেপিটেলছে আগন্তুক ছিজনৰ বাবে 14 কোটি টকাত ক্ৰয় কৰে ৷
যুজবেন্দ্ৰ চাহালক ক্ৰয় কৰিলে পঞ্জাৱ কিংছে
সোঁহতীয়া অফ স্পিনাৰ যুজবেন্দ্ৰ চাহালেও আই পি এলৰ নিলামত যথেষ্ট ধন লাভ কৰে । পঞ্জাৱ কিংছে চাহালক 18 কোটি টকাত ক্ৰয় কৰিছে ৷
কাগিচো ৰাবাডা গুজৰাট টাইটানছত অন্তৰ্ভুক্ত
দক্ষিণ আফ্ৰিকাৰ খেলুৱৈ কাগিচো ৰাবাডাক গুজৰাট টাইটানছে 10.75 কোটি টকাত ক্ৰয় কৰিছে ৷
ছানৰাইজাৰ্ছ হায়দৰাবাদত মহম্মদ ছামী
ভাৰতৰ সোঁহতীয়া ফাষ্ট বলাৰ মহম্মদ ছামীক ছানৰাইজাৰ্ছ হায়দৰাবাদে 10 কোটি টকা মূল্যত ক্ৰয় কৰিছে ।
গুজৰাট টাইটানছে ক্ৰয় কৰিলে জছ বাটলাৰক
সোঁহতীয়া উইকেটকীপাৰ বেটছমেন জছ বাটলাৰক গুজৰাট টাইটানছে 15.75 কোটি টকাত ক্ৰয় কৰে ৷
ঋষভ পন্ত আই পি এল ইতিহাসৰ সৰ্বাধিক ব্যয়বহুল খেলুৱৈত পৰিণত
ভাৰতৰ বাওঁহতীয়া উইকেটকীপাৰ বেটছমেন তথা অধিনায়ক ঋষভ পন্তক লক্ষ্ণৌ চুপাৰ জায়েণ্টছে অভিলেখসংখ্যক 27 কোটি টকাত ক্ৰয় কৰে ৷ যাৰ বাবে পন্ত আই পি এলৰ ইতিহাসৰ সৰ্বাধিক ব্যয়বহুল খেলুৱৈত পৰিণত হৈ পৰিছে ।
আৰ চি বিৰ সৈতে চামিল মিচেল ষ্টাৰ্ক
অষ্ট্ৰেলিয়াৰ বাওঁহতীয়া ফাষ্ট বলাৰ মিচেল ষ্টাৰ্কক ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুৱে 11.75 কোটি টকাত ক্ৰয় কৰে ৷
শ্ৰেয়ছ আয়াৰক 26.75 কোটি টকাত ক্ৰয় পঞ্জাৱ কিংছৰ
আই পি এল 2024 ত কলকাতা নাইট ৰাইডাৰ্ছক তৃতীয়বাৰৰ বাবে নেতৃত্ব দিয়া শ্ৰেয়ছ আয়াৰ আই পি এল ইতিহাসৰ সৰ্বাধিক দামী খেলুৱৈত পৰিণত ৷ বৰ্তমানলৈকে সৰ্বাধিক নিবিদা দি 26.75 কোটি টকাত পঞ্জাৱ কিংছে ক্ৰয় কৰে খেলুৱৈগৰাকীক ।
অৰ্শদীপ সিঙৰ পৰা আৰম্ভ দিনটোৰ প্ৰথম নিলাম
অৰ্শদীপ সিঙক নিজৰ দলত অন্তৰ্ভুক্ত কৰিবলৈ তীব্ৰ প্ৰতিদ্বন্দ্বিতা হৈছিল চেন্নাই চুপাৰ কিংছ আৰু দিল্লী কেপিটেলছৰ মাজত ৷ কিন্তু শেষ সময়ত পঞ্জাৱ কিংছে আৰ টি এম কাৰ্ড ব্যৱহাৰ কৰি অৰ্শদীপ সিঙক 18 কোটি টকাত ক্ৰয় কৰে ৷
আই পি এল 2025 ৰ নিলামত কোন কোন শীৰ্ষ খেলুৱৈৰ ওপৰত থাকিব দৃষ্টি
এম 1 ত ঋষভ পন্ত, শ্ৰেয়ছ আয়াৰ, জছ বাটলাৰ, অৰ্শদীপ সিং, কাগিচো ৰাবাডা আৰু মিচেল ষ্টাৰ্ক আছে । আনহাতে, এম 2 ত আছে কে এল ৰাহুল, যুজবেন্দ্ৰ চাহাল, লিয়াম লিভিংষ্টোন, ডেভিড মিলাৰ, মহম্মদ ছামী আৰু মহম্মদ চিৰাজ ।
প্ৰথম দিনটোত 84 গৰাকী খেলুৱৈক নিবিদা
আই পি এল 2025 নিলাম আৰম্ভ হোৱাৰ কিছু সময় পূৰ্বে বি চি চি আইয়ে নিলামৰ নিয়মবোৰৰ সন্দৰ্ভত দিছে এক আপডেট ৷ সেই অনুসৰি, দেওবাৰে মেগা নিলামৰ প্ৰথম দিনটোত 84 গৰাকী খেলুৱৈক নিবিদা দিয়া হ'ব ।