ETV Bharat / sports

7 ৰাণত দক্ষিণ আফ্ৰিকাক পৰাস্ত কৰি ৰোহিত বাহিনীয়ে ৰচিলে বিজয়ৰ ইতিহাস; প্লেয়াৰ অৱ দ্য মেচ কোহলী, প্লেয়াৰ অৱ দ্য টুৰ্ণামেন্ট বুমৰাহ - IND vs SA Final

author img

By ETV Bharat Assamese Team

Published : Jun 29, 2024, 6:40 PM IST

Updated : Jun 30, 2024, 12:08 AM IST

IND VS SA FINAL
সমুখ সমৰত ভাৰত আৰু দক্ষিণ আফ্ৰিকা (ETV BHARAT ASSAM)

স্প’টছ ডেস্ক, ২৯ জুন: টি-২০ বিশ্বকাপ 2024ৰ চূড়ান্ত খেলখনত আজি ব্ৰীজটাউনৰ কেনচিংটন অভাল ষ্টেডিয়ামত ভাৰতে দক্ষিণ আফ্ৰিকাক 7 ৰাণত পৰাস্ত কৰি 11 বছৰৰ অন্তত নিজৰ ঘৰলৈ আই চি চিৰ ট্ৰফী কঢ়িয়াই আনিবলৈ সক্ষম হৈছে । তীব্ৰ উত্তেজনাপূৰ্ণ খেলখনত ভাৰতে দক্ষিণ আফ্ৰিকাক জয়ৰ বাবে 177 ৰাণৰ লক্ষ্য বান্ধি দিছিল । কিন্তু অন্তিম অভাৰত ভাৰতীয় বলাৰৰ কৌশলগত প্ৰদৰ্শনৰ বাবে ভাৰতে 7 ৰাণত বিজয় সাব্যস্ত কৰিবলৈ সক্ষম হয় ।

হেইনিচ ক্লাসেন আৰু ডেভিদ মিলাৰে মেচখন ভাৰতৰ হাতৰ পৰা নিবলৈ চেষ্টা কৰিছিল যদিও অৱশেষত ভাৰতীয় বলাৰে মেচখন ভাৰতৰ ফালে ঘূৰাই আনে আৰু 7 ৰাণৰ ব্যৱধানত জয়ৰ সোৱাদ দিয়ে । অন্তিম অভাৰত দুটাকৈ উইকেট দখল কৰে পাণ্ডিয়াই ।

ভাৰত বনাম দক্ষিণ আফ্ৰিকা:

এই পৰ্যন্ত ভাৰত আৰু দক্ষিণ আফ্ৰিকাৰ মাজত মুঠ 27 খন টি-20 আন্তঃৰাষ্ট্ৰীয় খেল অনুষ্ঠিত হৈছে । এই সময়ছোৱাত ভাৰতে 15 খন মেচত জয়লাভ কৰিছে আৰু দক্ষিণ আফ্ৰিকাই 11 খন মেচত জয়লাভ কৰিছে । দুয়োৰে মাজত এখন মেচ অমীমাংসিতভাৱে সমাপ্ত হৈছে । একে সময়তে টি-20 বিশ্বকাপৰ ইতিহাসত এই পৰ্যন্ত দুয়োটা দলৰ মাজত মুঠ 7খন খেল অনুষ্ঠিত হৈছে । এই সময়ছোৱাত ভাৰতে 5খন মেচত জয়লাভ কৰাৰ বিপৰীতে দক্ষিণ আফ্ৰিকাই মাত্ৰ 2খন মেচত জয়লাভ কৰিছে ।

LIVE FEED

11:52 PM, 29 Jun 2024 (IST)

প্লেয়াৰ অৱ দ্য টুৰ্ণামেন্ট বুমৰাহ; বিৰাট কোহলী প্লেয়াৰ অৱ দ্য মেচ

টি-20 বিশ্বকাপ 2024 ত বলিঙত দেখুওৱা পাৰদৰ্শিতাৰ বাবে ভাৰতীয় পেচাৰ যশপ্ৰীত বুমৰাহক প্লেয়াৰ অৱ দ্য টুৰ্ণামেন্ট ঘোষণা কৰা হয় । টুৰ্ণামেন্টৰ বাকী কেইখন খেলত দুৰ্বল প্ৰদৰ্শন কৰিলেও ফাইনেলত 76 ৰাণৰ ইনিংছ খেলা বিৰাট কোহলীক প্লেয়াৰ অৱ দ্য মেচ ঘোষণা কৰা হয় ।

11:28 PM, 29 Jun 2024 (IST)

দঃ আফ্ৰিকাক 7 ৰাণত পৰাস্ত কৰি টি-20 বিশ্বকাপৰ খিতাপ দখল ভাৰতৰ

সকলো ক্ৰিকেট প্ৰেমীৰ আশাক সফল ৰূপ দি টি-20 বিশ্বকাপত বিজয়ী ভাৰত । দঃ আফ্ৰিকাক 7 ৰাণত পৰাস্ত কৰিলে ৰোহিত বাহিনীয়ে ।

11:25 PM, 29 Jun 2024 (IST)

ডেভিদ মিলাৰৰ উইকেট পতন

17 টা বলত 21 ৰাণৰ ইনিংছ খেলি পেভিলিয়নলৈ উভতিল ডেভিদ মিলাৰ । 5 টা বলত 16 ৰাণৰ প্ৰয়োজন দঃ আফ্ৰিকাক

11:13 PM, 29 Jun 2024 (IST)

2 ৰাণ কৰি আউট মাৰ্কো জনছেন

বুমৰাহৰ বলত মাত্ৰ 2 ৰাণ কৰিয়েই পেভিলিয়নলৈ উভতিল মাৰ্কো

11:05 PM, 29 Jun 2024 (IST)

হেইনৰিচ ক্লাসেনৰ উইকেটৰ পতন

27 টা বলত 52 ৰাণ কৰি আউট ক্লাসেন । হাৰ্দিক পাণ্ডিয়াৰ বলত কেচ আউট ক্লাসেন ।

11:05 PM, 29 Jun 2024 (IST)

16 টা বলত 22 ৰাণৰ প্ৰয়োজন দক্ষিণ আফ্ৰিকাক

10:52 PM, 29 Jun 2024 (IST)

৩৯ ৰান সংগ্ৰহ কৰি কুইণ্টন ডি কক আউট

ভাৰতৰ তাৰকা বেগী বলাৰ আৰ্শদীপ সিঙৰ বলত কুলদীপ যাদৱৰ হাতত ধৰা পৰে দক্ষিণ আফ্ৰিকাৰ অধিনায়ক কুইণ্টন ডি কক ৷ ১৩ অভাৰৰ তৃতীয় বলত ৩৯ ৰাণৰ ব্যক্তিগত স্ক’ৰত কুইণ্টন ডি কক পেভেলিয়নমুখী হয় । ১৩ অভাৰৰ পিছত দক্ষিণ আফ্ৰিকাৰ স্ক’ৰ ১০৯/৪

10:16 PM, 29 Jun 2024 (IST)

৫ অভাৰৰ অন্তত ৩২ ৰাণ সংগ্ৰহ দক্ষিণ আফ্ৰিকাৰ

পাঁচ অভাৰৰ অন্ত পৰাৰ পাচত দক্ষিণ আফ্ৰিকাই ৩২ ৰাণ সংগ্ৰহ কৰে । এই সময়ছোৱাত দক্ষিণ আফ্ৰিকাই ৰিজা হেণ্ড্ৰিক্স আৰু আইডেন মাৰ্ক্ৰামৰ ৰূপত দুটা উইকেটও হেৰুৱায় ।

10:06 PM, 29 Jun 2024 (IST)

ৰিজা হেণ্ড্ৰিক্সক ক্লিন বল বুমৰাহৰ

দক্ষিণ আফ্ৰিকাৰ হৈ কুইণ্টন ডি কক আৰু ৰিজা হেণ্ড্ৰিক্সে অপেনিং কৰে . ভাৰতৰ তাৰকা বেগী বলাৰ জছপ্ৰিত বুমৰাহে দ্বিতীয় অভাৰৰ তৃতীয় বলত দক্ষিণ আফ্ৰিকাৰ অ’পেনাৰ ৰিজা হেণ্ড্ৰিক্সক ব্যক্তিগতভাৱে ৪ ৰানৰ স্ক’ৰত ক্লিন বল কৰে । ২ অভাৰৰ পিছত দক্ষিণ আফ্ৰিকাৰ স্ক'ৰ (১১/১)

9:41 PM, 29 Jun 2024 (IST)

২০ অভাৰৰ অন্তত ভাৰতৰ স্ক’ৰ ১৭৬/৭

দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে চূড়ান্ত খেলখনত ভাৰতে ১৭৬ ৰাণ সংগ্ৰহ কৰে । টি-২০ বিশ্বকাপৰ ফাইনেলতৰ ইতিহাসত এইটোৱেই হৈছে সৰ্বাধিক ৰাণ ।

9:34 PM, 29 Jun 2024 (IST)

ব্যক্তিগত ৭৬ ৰাণত পেভিলিয়নলৈ উভতিল বিৰাট

দক্ষিণ আফ্ৰিকাৰ বেগী বলাৰ মাৰ্কো জান্সেনে বিৰাট কোহলীক ১৯ অভাৰৰ ৫ম বলত ৭৬ ৰানৰ ব্যক্তিগত স্ক’ৰত কাগিছ’ ৰাবাদাৰ হাতত ধৰা পেলায় । ১৯ অভাৰৰ অন্তত ভাৰতৰ স্ক’ৰ ১৬৭/৫

9:18 PM, 29 Jun 2024 (IST)

বিৰাটৰ অৰ্ধশতক

অক্ষৰ পেটেলৰ পিচতে খেলপথাৰত প্ৰৱেশ কৰে শিৱম ডুবেয়ে । কোহলীয়ে নিজৰ ষ্ট্ৰ’ক খেলিবলৈ সংগ্ৰাম কৰি থকাৰ বিপৰীতে ডুবেই আক্ৰমণাত্মক প্ৰদৰ্শন অব্যাহত ৰাখিছে । ভাৰতৰ তাৰকা বেটছমেন বিৰাট কোহলীয়ে ৪৮টা বলত অৰ্ধশতক সম্পূৰ্ণ কৰে ।

9:12 PM, 29 Jun 2024 (IST)

অক্ষৰ পেটেলৰ ৰূপত ভাৰত চতুৰ্থটো উইকেট পতন

১৪ অভাৰৰ তৃতীয় বলত ১ ৰাণ সংগ্ৰহ কৰিবলৈ গৈ অক্ষৰ পেটেলে দুৰ্ভাগ্যজনকভাৱে ব্যক্তিগত ৪৭ ৰাণত আউট হয় ৷

8:32 PM, 29 Jun 2024 (IST)

খেলপথাৰত বিৰাট কোহলী(২৫) আৰু অক্ষৰ পেটেলৰ (৮) যুঁটি

টছত জয়ী হৈ প্ৰথমে বেটিং কৰি ভাৰতৰ আৰম্ভণি বেয়া । প্ৰথম পাৱাৰপ্লেৰ শেষলৈকে ভাৰতে ৩টা উইকেট হেৰুৱাই মাত্ৰ ৪৫ ৰাণহে সংগ্ৰহ কৰিবলৈ সক্ষম হয় । ৰোহিত শৰ্মা, ঋষভ পন্ত আৰু সূৰ্যকুমাৰ যাদৱ ইতিমধ্যে পেভেলিয়নমুখী হৈছে । বিৰাট কোহলী (২৫) আৰু অক্ষৰ পেটেল (৮) ৰান সংগ্ৰহ কৰি বৰ্তমান দলটোক অগ্ৰগতি প্ৰদান কৰিছে ।

8:27 PM, 29 Jun 2024 (IST)

দক্ষিণ আফ্ৰিকাৰ বেগী বলাৰ কাগিছ’ ৰাবাডাৰ ৫ম অভাৰৰ তৃতীয় বলত হাইনৰিখ ক্লাচেনে সূৰ্যকুমাৰ যাদৱক ব্যক্তিগতভাৱে ৩ ৰানৰ স্ক’ৰ কৰি আউট কৰে । ৫ অভাৰৰ অন্তত ভাৰতৰ স্ক’ৰ ৩৯/৩

8:21 PM, 29 Jun 2024 (IST)

দ্বিতীয় অভাৰত ভাৰতৰ দুটাকৈ উইকেট পতন

কেশৱ মহাৰাজৰ একেটা অভাৰতে আউট হয় ভাৰতীয় অধিনায়ক ৰোহিত শৰ্মা আৰু ঋষভ পন্ত ।

8:08 PM, 29 Jun 2024 (IST)

ভাৰতৰ দ্ৰুত আৰম্ভণি, ৰোহিত-বিৰাটে প্ৰথম অভাৰত সংগ্ৰহ কৰে ১৫ ৰান

ভাৰতৰ অ’পেনিং যুটি ৰোহিত শৰ্মা আৰু বিৰাট কোহলিয়ে প্ৰথম অভাৰত ১৫ ৰাণ সংগ্ৰহ কৰে ৷ ফাৰ্ষ্ট বলাৰ মাৰ্কো জনছনে দক্ষিণ আফ্ৰিকাৰ হৈ প্ৰথমে বলিং কৰে ।

7:51 PM, 29 Jun 2024 (IST)

ভাৰত বনাম দক্ষিণ আফ্ৰিকাৰ মূল একাদশ

ভাৰত: ৰোহিত শৰ্মা (অধিনায়ক), বিৰাট কোহলী, ঋষভ পন্ত (উইকেটকীপাৰ), সূৰ্যকুমাৰ যাদৱ, হাৰ্দিক পাণ্ডিয়া, ৰবীন্দ্ৰ জাদেজা, শিৱম ডুবে, অক্ষৰ পেটেল, আৰ্শদীপ সিং, কুলদীপ যাদৱ, যশপ্ৰীত বুমৰাহ ।

দক্ষিণ আফ্ৰিকা: আইডেন মাৰ্ক্ৰাম(অধিনায়ক), কুইণ্টন ডি কক(উইকেট-কীপাৰ), ৰিজা হেণ্ড্ৰিক্স, ট্ৰিষ্টান ষ্টাবছ, হাইনৰিখ ক্লাচেন, ডেভিদ মিলাৰ, মাৰ্কো জান্সেন, কেশৱ মহাৰাজ, কাগিছ’ ৰাবাডা, এনৰিচ নৰ্টজে, টাবৰাইজ শ্বামচি ৷

7:38 PM, 29 Jun 2024 (IST)

টছত জিকি প্ৰথমে বেটিঙৰ সিদ্ধান্ত ভাৰতৰ

ভাৰতীয় অধিনায়ক ৰোহিত শৰ্মাই টছত জয়লাভ কৰি প্ৰথমে বেটিং কৰাৰ সিদ্ধান্ত লয় ৷

6:56 PM, 29 Jun 2024 (IST)

অ’ভেল ষ্টেডিয়ামত প্ৰৱেশ দক্ষিণ আফ্ৰিকা আৰু ভাৰতীয় ক্ৰিকেট দলৰ

টি-২০ বিশ্বকাপ ২০২৪ৰ চূড়ান্ত খেলখনৰ বাবে বাৰ্বাডোছৰ কেনচিংটন অ’ভেল ষ্টেডিয়ামত প্ৰৱেশ কৰিছে দক্ষিণ আফ্ৰিকা আৰু ভাৰতীয় ক্ৰিকেট দলে ৷ দুয়োটা দলৰ খেলুৱৈসকলে ৱাৰ্ম আপ কৰি সাজু হৈছে। ইফালে খেলপথাৰৰ বাহিৰত হেজাৰ-হেজাৰ অনুৰাগীয়ে ভিৰ কৰিছে ৷

6:43 PM, 29 Jun 2024 (IST)

বতৰ মুকলি হৈছে বাৰ্বাডোছত: সময়মতে টছ হোৱাৰ সম্ভাৱনা

আজি ভাৰত আৰু দক্ষিণ আফ্ৰিকাৰ মাজত অনুষ্ঠিত হ’বলগীয়া টি-২০ বিশ্বকাপ ২০২৪ৰ ফাইনেলৰ টছ সন্ধিয়া ৭:৩০ বজাত অনুষ্ঠিত হ’ব আৰু নিশা ৮ বজাৰ লগে লগে খেলখন আৰম্ভ হ’ব ৷ কিছু সময় পূৰ্বে বাৰ্বাডোছত কম-বেছি পৰিমাণে বৰষুণ হৈছিল যদিও এতিয়া বতৰ কিছু মুকলি হোৱাৰ বাবে সময়মতে টছ হোৱাৰ সম্ভাৱনা আছে ৷ ভাৰতৰ জয়ৰ আশাত বিশ্বৰ বিভিন্ন প্ৰান্তৰ পৰা অহা ভাৰতীয় সমৰ্থকে ষ্টেডিয়ামত ভিৰ কৰিছে ।

Last Updated : Jun 30, 2024, 12:08 AM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.