অষ্ট্ৰেলিয়াৰ সোঁহতীয়া তাৰকা বেটছমেন ষ্টিভ স্মিথে আই পি এল 2025 ৰ মেগা নিলামৰ দ্বিতীয় দিনটোত কোনো ক্ৰেতা বিচাৰি নোপোৱা দেখা যায় ৷
আই পি এল মেগা নিলাম 2025 ৰ দ্বিতীয়টো দিন; বিৰাট কোহলীৰ সৈতে বিবাদত লিপ্ত হোৱা খেলুৱৈক কোনেও নকৰিলে ক্ৰয় - IPL AUCTION 2025
Published : Nov 25, 2024, 3:35 PM IST
|Updated : Nov 25, 2024, 7:53 PM IST
স্প’ৰ্টছ ডেস্ক: আজি ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ (আই পি এল) নিলাম 2025 ৰ দ্বিতীয় আৰু অন্তিমটো দিন । দেওবাৰৰ পৰা দুদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত আই পি এলৰ মেগা নিলামৰ প্ৰথম দিনটোক মুঠ 84 গৰাকী খেলুৱৈক বিড কৰা হৈছিল । তাৰ ভিতৰত 72 গৰাকী খেলুৱৈক বিভিন্ন দলে চুক্তিবদ্ধ কৰে ৷ আনহাতে, 12 গৰাকী খেলুৱৈয়ে নিলামৰ প্ৰথম দিনটোত পোৱা নাছিল কোনো ক্ৰেতা ৷
নিলামৰ প্ৰথম দিনা সৰ্বাধিক ব্যয়বহুল খেলুৱৈ হিচাপে পৰিচিত হৈছিল ভাৰতৰ উইকেটকীপাৰ বেটছমেন ঋষভ পন্ত । পন্তক লক্ষ্ণৌ চুপাৰ জায়েণ্টছে 27 কোটি টকাত ক্ৰয় কৰে । আনহাতে, 26.75 কোটি টকাৰে শ্ৰেয়ছ আয়াৰক পঞ্জাৱ কিংছে চুক্তিবদ্ধ কৰি দ্বিতীয় সৰ্বাধিক দামী খেলুৱৈৰ তালিকাত দ্বিতীয় স্থান দিছিল ৷
ভাৰতীয় পেচ অলৰাউণ্ডাৰ ভেংকটেশ আয়াৰ এই নিলামত তৃতীয় সৰ্বাধিক ব্যয়বহুল ক্ৰিকেটাৰ হিচাপে পৰিগণিত হৈছে । তেওঁক কলকাতা নাইট ৰাইডাৰ্ছে 23.75 কোটি টকাত স্বাক্ষৰ কৰে । সোমবাৰে নিলামৰ দ্বিতীয় দিনটোত বাকীসকল খেলুৱৈৰ ভাগ্য নিৰ্ণয় কৰা হ'ব ।
আই পি এল নিলাম 2025 ৰ দ্বিতীয় দিনৰ সকলো গুৰুত্বপূৰ্ণ তথ্য জানিবলৈ ইটিভি ভাৰতৰ এই পেজৰ সৈতে সংযুক্ত থাকক...
LIVE FEED
ষ্টিভ স্মিথে নিলামত নাপালে ক্ৰেতা
নবীন-উল-হকৰ বাবে নাই কোনো ক্ৰেতা
আই পি এল 2023 ত ভাৰতৰ তাৰকা বেটছমেন বিৰাট কোহলীৰ সৈতে বিবাদত লিপ্ত হৈ এগৰাকী ক্ৰিকেটাৰে দখল কৰিছিল বাতৰিৰ শিৰোনাম ৷ সেই একেগৰাকী ক্ৰিকেটাৰক মেগা নিলামৰ জৰিয়তে ক্ৰয় কৰিবলৈ আগ্ৰহী নহ’ল কোনো এটা দল ৷ ক্ৰিকেটাৰগৰাকী হৈছে আফগানিস্তানৰ পেচাৰ নবীন-উল-হক ৷
গুজৰাট টাইটানছত যোগদান ঈশান্ত শৰ্মাৰ
75 লাখ টকাৰ বিনিময়ত আগন্তুক আই পি এল 2025 ছিজনৰ বাবে গুজৰাট টাইটানছৰ সৈতে চুক্তিবদ্ধ হৈছে ভাৰতীয় ক্ৰিকেটাৰ ঈশান্ত শৰ্মা ৷
মইন আলীক চুক্তিবদ্ধ কৰিবলৈ নাই দল
ইংলেণ্ডৰ অভিজ্ঞ অলৰাউণ্ডাৰ মইন আলীয়ে আই পি এল 2025 ৰ মেগা নিলামত বিচাৰি পোৱা নাই কোনো ক্ৰেতা ৷ ফলত চুক্তিবদ্ধ নোহোৱাকৈ আছে খেলুৱৈগৰাকী ৷
মুম্বাই ইণ্ডিয়ানছত যোগদান দীপক চাহাৰৰ
ভাৰতৰ সোঁহতীয়া ফাষ্ট বলাৰ দীপৰ চাহাৰক আগন্তুক আই পি এলত চেন্নাই চুপাৰ কিংছৰ হৈ খেলা দেখা নাযাব । চাহাৰক মুম্বাই ইণ্ডিয়ানছে 9 কোটি 25 লাখ টকা মূল্যত দলটোৰ সৈতে স্বাক্ষৰ কৰিছে ।
চেন্নাই চুপাৰ কিংছৰ সৈতে চুক্তিবদ্ধ অংশুল কম্বোজ
চেন্নাই চুপাৰ কিংছে ক্ৰয় কৰিলে অংশুল কম্বোজক ৷ 3.4 কোটি টকাত চুক্তিবদ্ধ কৰা হৈছে খেলুৱৈগৰাকীক ৷
80 লাখত চুক্তিবদ্ধ শুভম ডুবে
ৰাজস্থান ৰয়েলছত 80 লাখ টকাৰ বিনিময়ত চুক্তিবদ্ধ হৈছে শুভম ডুবে ৷
কেশৱ মহাৰাজকে ধৰি চাৰি ক্ৰিকেটাৰৰ নোলাল ক্ৰেতা
দক্ষিণ আফ্ৰিকাৰ ক্ৰিকেটাৰ কেশৱ মহাৰাজকে ধৰি আন কেইগৰাকীমান ক্ৰিকেটাৰৰ বাবে নোলাল ক্ৰেতা ৷ কোনো দলে ক্ৰয় কৰিবলৈ আগ্ৰহ প্ৰকাশ নকৰা এনে কেইগৰাকীমান খেলুৱৈ হৈছে - আদিল ৰছিদ, আকিল হুছেইন আৰু বিজয়কান্ত ভিয়াস্কান্ত ৷
লক্ষ্ণৌ চুপাৰ জায়েণ্টছলৈ আদৰণি আকাশদীপক
ভাৰতীয় ক্ৰিকেটাৰ আকাশদীপক ক্ৰয় কৰিছে লক্ষ্ণৌ চুপাৰ জায়েণ্টছে ৷ 8 কোটি টকাত খেলুৱৈগৰাকীক দলটোৱে ক্ৰয় কৰে ৷
ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুুৰুত ভূৱনেশ্বৰ কুমাৰ
অভিজ্ঞ সোঁহতীয়া ফাষ্ট বলাৰ ভূৱনেশ্বৰ কুমাৰক ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুৱে 10 কোটি 75 লাখ টকাত আগন্তুক আই পি এল 2025 ছিজনৰ বাবে চুক্তিবদ্ধ কৰে ।
ৰাজস্থান ৰয়েলছে ক্ৰয় কৰিলে তুষাৰ দেশপাণ্ডেক
যুৱ সোঁহতীয়া ফাষ্ট বলাৰ তুষাৰ দেশপাণ্ডেক ৰাজস্থান ৰয়েলছে 6.5 কোটি টকাত চুক্তিবদ্ধ কৰে ৷
7 কোটি টকাত চুক্তিবদ্ধ মাৰ্কো জনছেন
দক্ষিণ আফ্ৰিকাৰ ক্ৰিকেটাৰ মাৰ্কো জনছেন আই পি এলৰ আগন্তুক ছিজনৰ বাবে চুক্তিবদ্ধ হৈছে পঞ্জাৱ কিংছৰ সৈতে ৷ 7 কোটি টকাত খেলুৱৈগৰাকীক ক্ৰয় কৰে দলটোৱে ৷
3.2 কোটি টকাত গুজৰাট টাইটানছৰ সৈতে চুক্তিবদ্ধ ৱাশ্বিংটন সুন্দৰ
ভাৰতীয় ক্ৰিকেটাৰ ৱাশ্বিংটন সুন্দৰক 3.2 কোটি টকাত ক্ৰয় কৰিছে গুজৰাট টাইটানছে ৷ বিপৰীতে শ্বাৰ্দুল ঠাকুৰক ক্ৰয় কৰিবলৈ নোলাল কোনো দল ৷
আজিংক্য ৰাহানে, পৃথ্বী শ্ব এতিয়াও হোৱা নাই চুক্তিবদ্ধ
ভাৰতৰ অভিজ্ঞ সোঁহতীয়া বেটছমেন আজিংক্য ৰাহানেই বিচাৰি নাপালে কোনো ক্ৰেতা ৷ যাৰ বাবে নিলামত বিক্ৰী নোহোৱাকৈ থাকিল ক্ৰিকেটাৰগৰাকী । ইয়াৰ বাহিৰেও কোনো দলে শ্বাৰ্দুল ঠাকুৰ, ময়ংক আগৰৱালা আৰু পৃথ্বী শ্ব'ক ক্ৰয় কৰিবলৈ প্ৰদৰ্শন নকৰিলে আগ্ৰহ ৷
2 কোটি টকাত চুক্তিবদ্ধ ফাফ ডু প্লেচিছ
দিল্লী কেপিটেলছৰ অনুৰাগীৰ বাবে সুখবৰ ৷ দলটোৱে 2 কোটি টকাৰ বিনিময়ত ক্ৰয় কৰিছে ফাফ ডু প্লেচিছক ৷
কে কে আৰৰ সৈতে সংয়ুক্ত ৰোভমেন পাৱেল
ৱেষ্ট ইণ্ডিজৰ বেটছমেন ৰোভমেন পাৱেলক পৰৱৰ্তী আই পি এল 2025 ৰ ছিজনত কে কে আৰৰ হৈ খেলা দেখিবলৈ পোৱা যাব ৷ দলটোকে 1.5 কোটি টকাত চুক্তিবদ্ধ কৰে খেলুৱৈগৰাকীক ৷
কেন উইলিয়ামছন আৰু গ্লেন ফিলিপচৰ নাই ক্ৰেতা
আই পি এল মেগা নিলামৰ দ্বিতীয় দিনটোৰ আৰম্ভণি ৷ নিউজিলেণ্ডৰ দুগৰাকীকৈ তাৰকা ক্ৰিকেটাৰ কেন উইলিয়ামছন আৰু গ্লেন ফিলিপচক ক্ৰয় কৰিবলৈ নোলাল কোনো ফ্ৰেঞ্চাইজি ৷