ETV Bharat / sports

টীম ইণ্ডিয়া বিজয় পেৰেড লাইভ আপডেট: ভাৰতীয় ক্ৰিকেট দলক ১২৫ কোটি টকাৰ পুৰস্কাৰ - Team India Victory Parade

author img

By ETV Bharat Assamese Team

Published : Jul 4, 2024, 8:24 AM IST

Updated : Jul 4, 2024, 10:18 PM IST

victorious indian team arrives back in country
নতুন দিল্লীত টি-২০ বিশ্বকাপৰ খিতাপ জয়ী ভাৰতীয় দল (ETV BHARAT ASSAM)

স্প’ৰ্টছ ডেস্ক, ৪ জুলাই: টি-২০ বিশ্বকাপ জয়ৰ পাচত ভাৰতীয় ক্ৰিকেট দলটোৱে আজি পুৱা ৬ বজাত বিশেষ চাৰ্টাৰ্ড বিমানেৰে নতুন দিল্লীত উপস্থিত হয় । খিতাপ বিজয়ী ভাৰতীয় দলটোৱে আজি পুৱা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক সাক্ষাৎ কৰে । তাৰপাচত মুম্বাইলৈ ৰাওনা হয় ভাৰতীয় দলটো ৷ মুম্বাইত এনচিপিএৰ পৰা ৱাংখেড়ে ষ্টেডিয়ামলৈ এক বিশাল বিজয়যাত্ৰাত অংশ লয় দলটোৱে ৷

LIVE FEED

10:14 PM, 4 Jul 2024 (IST)

ভাৰতীয় ক্ৰিকেট দলক ১২৫ কোটি টকাৰ পুৰস্কাৰ ভাৰতীয় ক্ৰিকেট ব’ৰ্ডৰ ৷ দলটোক বৃহস্পতিবাৰে চেক প্ৰদান কৰে ব’ৰ্ডে ৷

বি চি চি আইৰ বিষয়াসকলে টি-২০ বিশ্বকাপ ২০২৪ জয়ী হোৱাৰ বাবে পুৰস্কাৰ হিচাপে ভাৰতীয় দলটোক ১২৫ কোটি টকাৰ চেক প্ৰদান কৰে । মেন ইন ব্লুক এই পুৰস্কাৰ প্ৰদানৰ পিচতে সম্বৰ্ধনা অনুষ্ঠানটো সমাপ্ত হয় ।

7:49 PM, 4 Jul 2024 (IST)

টীম ইণ্ডিয়া বিজয় পেৰেড লাইভ আপডেট: ৱাংখেড়েত বিজয় পেৰেডৰ অন্ত পৰিব

মেৰিন ড্ৰাইভত টীম ইণ্ডিয়াৰ আগমনৰ বাবে অপেক্ষা কৰি থকা অসংখ্য অনুৰাগীৰ উৎকণ্ঠাৰ অৱসান ঘটাই বিজয় পেৰেড কিছু সময়ৰ পিচত আৰম্ভ হ’ব । ৱাংখেড়েত সামৰণি পৰিব এই পেৰেড আৰু ষ্টেডিয়ামৰ তিনিখন নিৰ্দিষ্ট গেটত প্ৰৱেশ বিনামূলীয়া কৰা হৈছে ।

7:32 PM, 4 Jul 2024 (IST)

টীম ইণ্ডিয়া বিজয় পেৰেড লাইভ আপডেট: 'বিজয় ৰথ' বাছ যান-জঁটত আবদ্ধ

কিছু সময়ৰ পাচত বিজয় পেৰেড আৰম্ভ হ’ব ৷ ইতিমধ্যে তীব্ৰ যান-জঁটৰ সৃষ্টি হৈছে যাত্ৰা পথত । ভাৰতীয় খেলুৱৈক কঢ়িয়াই নিবলগীয়া বাছখন ভিৰৰ মাজত আবদ্ধ হৈ পৰে আৰু মুম্বাই আৰক্ষীয়ে ৰাইজক আঁতৰাই বাছখন আগুৱাই নিয়াৰ চেষ্টা চলাই আছে ।

6:58 PM, 4 Jul 2024 (IST)

মেৰিন ড্ৰাইভ অভিমুখে ভাৰতীয় দল

ৰোহিত শৰ্মাৰ নেতৃত্বাধীন ভাৰতীয় দলটোৱে মুম্বাই আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত এক উষ্ম আদৰণি লাভ কৰে ৷ য’ত বৃহৎ সংখ্যক অনুৰাগী সমবেত হৈছিল । মুম্বাই আৰক্ষীৰ সহায়ত দলটোৱে দক্ষিণ মুম্বাইৰ মেৰিন ড্ৰাইভলৈ ৰাওনা হয়, য’ৰ পৰা আৰম্ভ হ’ব বিজয়ৰ পেৰেড ।

6:06 PM, 4 Jul 2024 (IST)

টীম ইণ্ডিয়া বিজয় পেৰেড লাইভ আপডেট: ভাৰতীয় দলক পানীৰ চেলুট

ভাৰতীয় দলটো ছাত্ৰপতি শিৱাজী মহাৰাজ বিমানবন্দৰত উপস্থিত হোৱাৰ লগে লগে অগ্নিনিৰ্বাপক বাহিনীয়ে বিশেষ জল চেলুট প্ৰদান কৰে । তেওঁলোকৰ ঐতিহাসিক বিজয়ৰ বাবে ভাৰতীয় দলটোৱে সমগ্ৰ বিশ্বতে ক্ৰিকেট অনুৰাগীৰ প্ৰশংসা লাভ কৰিছে ।

5:53 PM, 4 Jul 2024 (IST)

টীম ইণ্ডিয়া বিজয় পেৰেড লাইভ আপডেট: চাওক টীম ইণ্ডিয়াৰ বিজয় উৎৱসৰ লাইভ ভিডিঅ’

মুম্বাইৰ ছত্ৰপতি শিৱাজী মহাৰাজ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত উপস্থিত হৈছেগৈ ভাৰতীয় ক্ৰিকেট দল ৷ তেওঁলোকক শুভেচ্ছা জনাবলৈ বিমান বন্দৰৰ পৰা ৱাংখেড়েলৈকে পথ ভৰি পৰিছে অনুৰাগীৰে ৷ চাওক লাইভ ভিডিঅ’...

5:33 PM, 4 Jul 2024 (IST)

টীম ইণ্ডিয়া বিজয় পেৰেড লাইভ আপডেট: মুম্বাইত উপস্থিত টীম ইণ্ডিয়া

ভাৰতীয় ক্ৰিকেট দলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সৈতে হোৱা বৈঠকৰ অন্তত মুম্বাইৰ ছত্ৰপতি শিৱাজী মহাৰাজ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ টাৰ্মিনেল-২ত অৱতৰণ কৰে ।

5:32 PM, 4 Jul 2024 (IST)

টীম ইণ্ডিয়া বিজয় পেৰেড লাইভ আপডেট: মেৰিন ড্ৰাইভত জনসমুদ্ৰ, ৱাংখেড়ে ষ্টেডিয়ামৰ বাহিৰত ক্ৰিকেট অনুৰাগীৰ নৃত্য

মুম্বাইৰ ৱাংখেড়ে ষ্টেডিয়ামৰ বাহিৰত টীম ইণ্ডিয়াৰ আগমনৰ বাবে অপেক্ষা কৰি ক্ৰিকেট অনুৰাগীয়ে নৃত্য কৰা দেখা গৈছে । আজি সন্ধিয়াৰ ভাগত মেৰিন ড্ৰাইভৰ পৰা ৱাংখেড়ে ষ্টেডিয়ামলৈকে অনুষ্ঠিত হ’ব টি-২০ বিশ্বকাপ ২০২৪ চেম্পিয়নৰ বিজয় পেৰেড । ইতিমধ্যে ভাৰতীয় দলটো মুম্বাইত উপস্থিত আৰু অনুৰাগীসকলে তেওঁলোকৰ বাবে অপেক্ষা কৰি আছে এনচিপিএ (নেশ্যনেল চেণ্টাৰ ফৰ পাৰফৰ্মিং আৰ্টছ)ত ৷ য’ত তেওঁলোকে বিজয় পেৰেড বাছত উঠি ডেৰ কিলোমিটাৰ যাত্ৰা কৰি আইকনিক ৱাংখেড়ে ষ্টেডিয়ামলৈ যাব ।

5:32 PM, 4 Jul 2024 (IST)

টীম ইণ্ডিয়া বিজয় পেৰেড লাইভ আপডেট: অনুৰাগীয়ে 'মুম্বাই চা ৰাজা ৰোহিত শৰ্মা' ধ্বনিৰে আকাশ-বতাহ কপাই তুলিছে

অনুৰাগীয়ে ৱাংখেড়ে ষ্টেডিয়ামত ভিৰ কৰিছেহি । ‘মুম্বাই চা ৰাজা ৰোহিত শৰ্মা’ৰ ধ্বনিৰে খেলপথাৰ উত্তাল হৈ পৰিছে, অনুৰাগীয়ে ভাৰতীয় দলৰ অধিনায়কত্ব কৰি বিশ্বকাপ জয়ৰ গৌৰৱ অৰ্জন কৰা তেওঁলোকৰ ঘৰৰ ল’ৰা ৰোহিতৰ বাবে অপেক্ষা কৰি আছে ।

5:32 PM, 4 Jul 2024 (IST)

টি-২০ বিশ্বকাপৰ নায়কক ওচৰৰ পৰা চাবলৈ অনুৰাগীৰ ব্যাপক ভিৰ

ভাৰতীয় ক্ৰিকেট দলে ৰাষ্ট্ৰীয় ৰাজধানী চহৰ দিল্লীৰ পৰা বিমানযোগে মুম্বাইত উপস্থিত হোৱাৰ সময়ত বিমান বন্দৰতে তেওঁলোকক চাবলৈ জুম বান্ধিছেহি বৃহৎ সংখ্যক অনুৰাগীয়ে । সন্ধিয়া ৬ বজাৰ পৰা আৰম্ভ হ’বলগীয়া বিজয় পেৰেডৰ বাবে সন্ধিয়া ৫:২০ বজাত ছত্ৰপতি শিৱাজী মহাৰাজ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ টাৰ্মিনেল-২ ত উপস্থিত হয় ভাৰতীয় ক্ৰিকেট দলটো ।

5:11 PM, 4 Jul 2024 (IST)

টীম ইণ্ডিয়া বিজয় পেৰেড লাইভ আপডেট: বিজয় পেৰেডৰ বিশেষ বাছখনৰ সবিশেষ

অ’পেন-টপ বাছখনত টি-২০ বিশ্বকাপ জয়ৰ অংশ হিচাপে থকা ভাৰতীয় ক্ৰিকেট দলৰ খেলুৱৈৰ ছবি লগোৱা হৈছে । ইতিমধ্যে বাছখন ৱাংখেড়ে ষ্টেডিয়ামত উপস্থিত হৈছে । নৰিমান পইণ্টৰ নেশ্যনেল চেণ্টাৰ ফৰ পাৰফৰ্মিং আৰ্টছ (এনচিপিএ)ত খেলুৱৈসকল বাছখনত উঠিব । ডেৰ কিলোমিটাৰ দৈৰ্ঘ্যৰ বাছ পেৰেড চলি থাকিব আৰু এম এছ ধোনীৰ অধিনায়কত্বত ২০১১ চনৰ এদিনীয়া বিশ্বকাপত টীম ইণ্ডিয়াই জয়লাভ কৰা আইকনিক ৱাংখেড়ে ষ্টেডিয়ামত উপস্থিত হ’ব । মেৰিন ড্ৰাইভ, ছাত্ৰপতি শিৱাজী মহাৰাজ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ টাৰ্মিনেল-২ আৰু ৱানখেড়ে ষ্টেডিয়ামৰ কাষত উৎসাহী ভাৰতীয় ক্ৰিকেট দলৰ অনুৰাগীসকল সমবেত হৈছে ।

2:27 PM, 4 Jul 2024 (IST)

বিজয় পেৰেডত বিনামূলীয়া হ’ব প্ৰৱেশ

বুধবাৰে মুম্বাই আৰক্ষীৰ সৈতে হোৱা বৈঠকৰ পিচত মুম্বাই ক্ৰিকেট সন্থাৰ সম্পাদক অজিংক্য নাইকে নিশ্চিত কৰে যে তেওঁলোকে প্ৰথমে অহা প্ৰথম পছন্দৰ ভিত্তিত টিম ইণ্ডিয়াৰ বিজয় পেৰেডত বিনামূলীয়াকৈ যোগদান কৰিবলৈ অনুমতি দিব ।

"এমচিএই জনসাধাৰণৰ বাবে প্ৰস্তুতি চলাইছে । মুম্বাই আৰক্ষী আৰু বিচিচিআইৰ নিৰ্দেশনাত আমি প্ৰথম আগমণ প্ৰথম অগ্ৰাধিকাৰত জনসাধাৰণক বিনামূলীয়াকৈ প্ৰৱেশ কৰিবলৈ ওলাইছো । এমচিএই সৰ্বাধিক আৰক্ষী বাহিনী নিয়োগ কৰিছে ।" এমচিএ আৰু দেশৰ বাবে এক গৌৰৱৰ মুহূৰ্ত আৰু আমি আজি ভাৰতীয় দলটোক আদৰিবলৈ পাই অতিশয় উৎসাহিত হৈছো ।"

12:58 PM, 4 Jul 2024 (IST)

দিল্লী বিমানবন্দৰলৈ ৰাওনা ভাৰতীয় ক্ৰিকেট দলৰ

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক সাক্ষাত কৰি দিল্লী বিমানবন্দৰ অভিমুখে ৰাওনা ভাৰতীয় ক্ৰিকেট দলৰ ৷ দিল্লীৰ পৰা বিমানেৰে মুম্বাইলৈ যাত্ৰা কৰিব ভাৰতীয় দলটোৱে ৷ মুম্বাইত মেৰিন ড্ৰাইভৰ পৰা ৱানখেডে ষ্টেডিয়ামলৈ এক বিশাল বিজয়যাত্ৰাত অংশ ল’ব দলটোৱে ।

12:33 PM, 4 Jul 2024 (IST)

মুম্বাই ট্ৰেফিক আৰক্ষীয়ে জাৰি কৰিছে কেতবোৰ নিৰ্দেশনা

টি-২০ বিশ্বকাপৰ ভাৰতীয় ক্ৰিকেট দলৰ বিজয়যাত্ৰাৰ সময়ত যান-জঁট অসুবিধাৰ পৰা হাত সাৰিবলৈ মুম্বাই যান-বাহন আৰক্ষীয়ে কেতবোৰ নিৰ্দেশনা জাৰি কৰিছে ৷ মুম্বাই যান-বাহন আৰক্ষীয়ে ছ’চিয়েল মিডিয়া হেণ্ডেলত এই সন্দৰ্ভত এটা পোষ্ট শ্বেয়াৰ কৰে । মেৰিন ড্ৰাইভত আয়োজন কৰা হৈছে এই বিজয় পেৰেডৰ । আজি বিয়লি ৩ বজাৰ পৰা নিশা ৯ বজালৈ এই নিৰ্দেশনা অনুসৰণ কৰিবলৈ মুম্বাই আৰক্ষীয়ে সকলোকে আহ্বান জনাইছে ।

11:40 AM, 4 Jul 2024 (IST)

প্ৰধানমন্ত্ৰীৰ বাসগৃহত ভাৰতীয় দল

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বাসগৃহত উপস্থিত ৰোহিত শৰ্মা নেতৃত্বাধীন ভাৰতীয় ক্ৰিকেট দল । প্ৰধানমন্ত্ৰী মোদীক সাক্ষাৎ কৰাৰ সময়ত মেন ইন ব্লু দলে বিশেষ জাৰ্চি পিন্ধিছিল । জাৰ্চিৰ সন্মুখত গাঢ় আখৰেৰে লিখা আছিল 'CHAMPIONS'।

10:55 AM, 4 Jul 2024 (IST)

লোক কল্যাণ মাৰ্গত উপস্থিত ভাৰতীয় ক্ৰিকেট দল

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক সাক্ষাৎ কৰিবলৈ ৭ নং লোক কল্যাণ মাৰ্গত উপস্থিত ভাৰতীয় ক্ৰিকেট দল ৷

10:47 AM, 4 Jul 2024 (IST)

প্ৰধানমন্ত্ৰী মোদীক সাক্ষাতৰ বাবে ৰাওনা টিম ইণ্ডিয়া

প্ৰধানমন্ত্ৰীক সাক্ষাতৰ বাবে হোটেলৰ পৰা ৰাওনা ভাৰতীয় ক্ৰিকেট দলৰ ৷ দলটোৰ লগত আছে ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ডৰ সম্পাদক জয় শ্বাহ আৰু সভাপতি ৰ‘জাৰ বিনি ৷

9:54 AM, 4 Jul 2024 (IST)

জাতীয় পতাকা জোকাৰি ভাৰতীয় ক্ৰিকেট দলক অভিবাদন

ভাৰতীয় ক্ৰিকেট দলৰ অনুৰাগী সুধীৰ চৌধৰীয়ে দিল্লীৰ আইটিচি মৌৰ্যত জাতীয় পতাকা জোকাৰি শংখ বজাই ভাৰতীয় ক্ৰিকেট দলক অভিবাদন জনায় ৷

9:43 AM, 4 Jul 2024 (IST)

আইটিচি মৌৰ্যত ভাৰতীয় দলক আদৰণি হোটেল কৰ্তৃপক্ষৰ

আইটিচি মৌৰ্যত উপস্থিত হোৱাৰ পাচত ভাৰতীয় দলক আদৰণি জনায় হোটেল কৰ্তৃপক্ষই ৷ কেক কাটি ভাৰতীয় দলৰ লগত বিজয় উৎসৱ পালন হোটেল কৰ্তৃপক্ষৰ ৷

8:25 AM, 4 Jul 2024 (IST)

আই টি চি মৌৰ্য হোটেলত উপস্থিত হয় ভাৰতীয় দল

দিল্লী বিমানবন্দৰৰ পৰা পোনে পোনে আই টি চি মৌৰ্য হোটেলত উপস্থিত হয় ভাৰতীয় দলটো ৷ ভাৰতীয় দলটোক ট্ৰফীৰ সৈতে এবাৰ দেখা পাবলৈ মৌৰ্য হোটেল বাহিৰত অগণন অনুৰাগীয়ে ভিৰ কৰেহি ৷

Last Updated : Jul 4, 2024, 10:18 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.