স্প’ৰ্টছ ডেস্ক: আই পি এল 2025 ৰ মেগা নিলামত ক্ৰয় কৰা সকলোতকৈ কম বয়সীয়া খেলুৱৈ হিচাপে পৰিগণিত বিহাৰৰ এগৰাকী খেলুৱৈ ৷ বয়সৰ দিশেৰে খেলুৱৈগৰাকীয়ে আই পি এলৰ নিলামৰ ইতিহাসত লিপিবদ্ধ কৰিছে নিজৰ নাম ৷
ছৌদি আৰৱৰ জেদ্দাত অনুষ্ঠিত নিলামত খেলুৱৈগৰাকীক 1 কোটি 10 লাখ টকাত ক্ৰয় কৰে ৰাজস্থান ৰয়েলছে । যাৰ বাবে এটা সন্ধিয়াৰ ভিতৰতে কোটিপতিত পৰিণত হয় বিহাৰৰ বৈভৱ সূৰ্যবংশী নামৰ খেলুৱৈগৰাকী ৷
বৈভৱ সূৰ্যবংশীৰ বিৰুদ্ধে বয়স ফাঁকিৰ অভিযোগ
আই পি এলৰ অভিলেখ ভংগকাৰী নিলামৰ পিছৰে পৰা বৈভৱ সূৰ্যবংশীৰ বয়স সন্দৰ্ভত আৰম্ভ হয় বিতৰ্ক ৷ খেলুৱৈগৰাকীয়ে বয়সৰ ফাঁকি দিয়াৰ ঘটনা ক্ৰমাৎ পোহৰলৈ আহিবলৈ আৰম্ভ কৰে । খেলুৱৈগৰাকীৰ প্ৰকৃত বয়স লুকুৱাই ৰখা বুলি বিতৰ্ক আৰম্ভ হোৱাৰ পিছতে পিতৃয়েও প্ৰকাশ কৰিছিল প্ৰতিক্ৰিয়া ৷
বৈভৱৰ পিতৃ সঞ্জীৱ সূৰ্যবংশীয়ে এক স্পষ্টীকৰণ দি কয় যে, প্ৰয়োজন হ'লে তেওঁ পুত্ৰৰ হাড়ৰ (বোন টেষ্ট) পৰীক্ষা কৰিবলৈ সাজু ।
বৈভৱৰ পিতৃয়ে পুত্ৰৰ বয়স পৰীক্ষা কৰিবলৈ সাজু
এই সন্দৰ্ভত সঞ্জীৱে সূৰ্যবংশীয়ে পি টি আইক দিয়া ভাষ্য আছিল এনেধৰণৰ, "যেতিয়া বৈভৱৰ বয়স আঠ বছৰ আছিল, তেতিয়া তেওঁ প্ৰথমবাৰৰ বাবে হাড়(বোন টেষ্ট) পৰীক্ষা কৰোৱাইছিল । তেওঁ ইতিমধ্যে ভাৰতৰ অনুৰ্ধ-19 দলৰ হৈ খেলিছে । আমি কাকো ভয় নকৰো । তেওঁ পুনৰ বয়স পৰীক্ষা কৰিব পাৰো" ৷
খেলুৱৈগৰাকীৰ ক্ৰিকেট যাত্ৰাৰ সময়ত পৰিয়ালটোৱে কৰা সংগ্ৰামৰ বিষয়ত পিতৃয়ে কৈছিল যে, তেওঁলোকে নিজৰ ভেটি-মাটি বিক্ৰী কৰিবলগীয়া হৈছিল । "এয়া কেৱল বিনিয়োগ নহয়, ই এক বৃহৎ বিনিয়োগ । আনকি আমি আমাৰ মাটি বিক্ৰী কৰিছিলো, কিন্তু আমাৰ অৱস্থা এতিয়াও ভাল নহয়" বুলি বৈভৱৰ পিতৃয়ে কয় ৷
অনুৰ্ধ-19 দলত খেলিছে বৈভৱে
30 লাখ টকাৰ আধাৰ মূল্যৰ সৈতে বিহাৰৰ সমষ্টিপুৰৰ বাসিন্দা বৈভৱে শেহতীয়াকৈ অনুৰ্ধ-19 টেষ্টত দ্ৰুততম শতক অৰ্জন কৰিছে । চলিত বছৰৰ অক্টোবৰত চেন্নাইত অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে এই কৃতিত্ব অৰ্জন কৰে খেলুৱৈগৰাকীয়ে । 13 বছৰীয়া বৈভৱ ভাৰতৰ অনুৰ্ধ-19 দলৰ হৈ মাত্ৰ 58 টা বলত অৰ্ধশতক সম্পূৰ্ণ কৰে ।
এই বছৰৰ আৰম্ভণিতে সূৰ্যবংশীয়ে বাতৰিৰ শিৰোনাম দখল কৰিছিল ৷ তেওঁ মাত্ৰ 12 বছৰ বয়সত বিহাৰৰ হৈ ৰঞ্জী ট্ৰফীত আত্মপ্ৰকাশ কৰিছিল আৰু ভাৰতৰ প্ৰিমিয়াৰ লীগৰ প্ৰথম শ্ৰেণীৰ টুৰ্ণামেণ্টৰ সৰ্বকনিষ্ঠ খেলুৱৈত পৰিণত হৈছিল । বৰ্তমান আই পি এলৰ নিলামত ঐতিহাসিক চুক্তিৰ পিছত যুৱ খেলুৱৈজনক পৰৱৰ্তী ছিজনত ৰাজস্থান ৰয়েলছত দেখা যাব ৷
লগতে পঢ়ক:আই পি এল 2025 ৰ মেগা নিলামৰ দ্বিতীয় দিনটোত দলসমূহে ক্ৰয় কৰা খেলুৱৈৰ তালিকা...