স্প’ৰ্টছ ডেস্ক, 19 ছেপ্টেম্বৰ:এইবাৰ ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ 2025 ক কেন্দ্ৰ কৰি অনুষ্ঠিত হ’ব মেগা নিলাম ৷ যাৰ বাবে আগ্ৰহেৰে অপেক্ষা কৰি আছে ক্ৰিকেট অনুৰাগীসকলে । আই পি এল 2025 ত প্ৰতিটো দলকে প্ৰায় সম্পূৰ্ণ পৰিৱৰ্তিত ৰূপত দেখা যাব ।
এনে পৰিস্থিতিত বহু প্ৰত্যাশিত খেলুৱৈসকলৰ নিলামৰ বাবে কৰি থকা অপেক্ষাৰ অন্ত পৰাৰ সম্ভাৱনা আছে নৱেম্বৰ মাহত ৷ অনুৰাগীসকলে এম এছ ধোনীকে ধৰি বহুকেইগৰাকী তাৰকা খেলুৱৈৰ নিলাম সন্দৰ্ভত দৃষ্টি আৱদ্ধ ৰাখিছে ৷
ক্ৰিকবাজৰ এক প্ৰতিবেদন অনুসৰি, ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ (আই পি এল) ৰ 18 সংখ্যক ছিজনৰ বাবে বহু প্ৰত্যাশিত নিলাম নৱেম্বৰ মাহত অনুষ্ঠিত হোৱাৰ সম্ভাৱনা আছে । নৱেম্বৰৰ তৃতীয় বা চতুৰ্থ সপ্তাহত এই নিলাম আয়োজন কৰা হ’ব ৷
প্ৰতিবেদন অনুসৰি, ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ডে আই পি এলৰ ফ্ৰেঞ্চাইজিসমূহক এই সম্ভাৱনাৰ ইংগিত দি কয় যে, এই নিলাম বিদেশত অনুষ্ঠিত হোৱাটো প্ৰায় খাটাং হৈ পৰিছে ৷
যোৱাবাৰো আই পি এল 2024 ৰ মিনি নিলাম ডিচেম্বৰ মাহত ডুবাইত অনুষ্ঠিত হৈছিল । এইবাৰো আশা কৰা হৈছে যে, এই অনুষ্ঠানটো বিদেশৰ মাটিত বিশেষকৈ মধ্যপ্ৰাচ্যত আয়োজন কৰিব পৰা যাব । ইয়াৰ বাবে ফ্ৰেঞ্চাইজিসমূহৰ লগতে খেলুৱৈসকলকো সাজু হ’বলৈ কৈছে বি চি চি আইয়ে ।
অৱশ্যে, মেগা নিলামৰ পূৰ্বে আই পি এলৰ ফ্ৰেঞ্চাইজিয়ে এতিয়াও লাভ কৰিব পৰা নাই ৰিটেনচন ৰুলছ । যাৰ বাবে কিছুমান ফ্ৰেঞ্চাইজি বিষয়াই চিন্তিত যে নিলামৰ বাবে প্ৰস্তুতি চলাবলৈ তেওঁলোকৰ হাতত পৰ্যাপ্ত সময় থাকিব নে নাথাকে ৷ চলিত মাহৰ শেষত ৰিটেনচনৰ নিয়ম ঘোষণা কৰিলেও সকলো ফ্ৰেঞ্চাইজিৰ হাতত থাকিব প্ৰায় দুমাহৰ সময় ।
সম্প্ৰতি আই পি এলৰ সৈতে জড়িত ফ্ৰেঞ্চাইজিসকলে নিজৰ খেলুৱৈসকলক দলত ৰখা বা বাদ দিয়া এইসকলো বিষয় লৈ ব্যস্ত হৈ আছে ৷ সমান্তৰালকৈ প্ৰশিক্ষকৰ চুক্তিও স্বাক্ষৰিত হৈ আছে । শেহতীয়াকৈ পঞ্জাৱ কিংছে ৰিকী পণ্টিঙক মুখ্য প্ৰশিক্ষক হিচাপে নিযুক্তি দিছে ৷ আনহাতে, ৰাজস্থান ৰয়েলছে ৰাহুল দ্ৰাবিড়ক মুখ্য প্ৰশিক্ষক হিচাপে নিৰ্বাচিত কৰিছে ।
লগতে পঢ়ক:দলক দুবাৰকৈ বিশ্বজয়ৰ সোৱাদ দিয়া এইগৰাকী কিংবদন্তীক পঞ্জাৱ কিংছৰ দায়িত্ব - IPL 2025