স্প’ৰ্টছ ডেস্ক, ৩ মে': বৃহস্পতিবাৰে আই পি এল ২০২৪ ৰ ৫০ সংখ্যক মেচখন ৰাজস্থান ৰয়েলছ আৰু ছানৰাইজাৰ্ছ হায়দৰাবাদৰ মাজত অনুষ্ঠিত হয় । এই মেচখনত ৰাজস্থান ৰয়েলছৰ মিডল অৰ্ডাৰ বেটছমেন ৰিয়ান পৰাগে বিষ্ফোৰক বেটিং প্ৰদৰ্শনেৰে নিজৰ নামত এক ডাঙৰ অভিলেখ গঢ়িবলৈ সক্ষম হয় । এই মেচত ৰিয়ান পৰাগে আই পি এল কেৰিয়াৰৰ ১০০০ ৰাণ সম্পূৰ্ণ কৰিছে । হায়দৰাবাদৰ বিৰুদ্ধে তেওঁ এই কৃতিত্ব অৰ্জন কৰিছে ।
পৰাগে আই পি এলত ১০০০ৰাণসম্পূৰ্ণ কৰে
এই মেচখনত ৰিয়ান পৰাগে অৰ্ধশতকৰ এটা সুন্দৰ ইনিংছ খেলিছিল । পৰাগে ৪৯ টা বলত ৮ টা চাৰি আৰু ৪ টা ছয় কোবাই ৭৭ ৰাণ কৰে । তেওঁৰ ষ্ট্ৰাইক ৰেট আছিল ১৫৭.৪ । এই ইনিংছত তেওঁ জয়দেৱ উনাদকাটৰ বলত লনৰ ওপৰেৰে এটা বিশাল ছিক্সাৰ কোবোৱাও দেখা যায় । এই ইনিংছৰ জৰিয়তে ৰিয়ান পৰাগে আই পি এলৰ ৬ ৪খন খেলৰ ৫৩ খন ইনিংছত ৬টা অৰ্ধশতকৰে ১০০৯ ৰাণ সংগ্ৰহ কৰিছে ।
চলিত আই পি এলত পৰাগে এই পৰ্যন্ত ৪ টা অৰ্ধশতকৰে ১০ খন মেচত ৪০৯ ৰাণ সংগ্ৰহ কৰিছে । এই ছিজনত তেওঁ কেৰিয়াৰৰ আধাতকৈ অধিক ৰাণ সংগ্ৰহ কৰিছে । ইয়াৰ লগে লগে ৰিয়ান পৰাগে আই পি এল ২০২৪ ত ৪০০ ৰাণ সম্পূৰ্ণ কৰা প্ৰথমজন আনকেপড খেলুৱৈ হিচাপে পৰিগণিত হৈছে ।
পৰাগে এটা ছিজনত কিমানৰাণকৰিছিল ?
আই পি এল ২০২৩ – ৭খন মেচ, ৭৮ৰাণ