স্প’ৰ্টছ ডেস্ক, ৩ মে':কলকাতা নাইট ৰাইডাৰ্ছ আৰু মুম্বাই ইণ্ডিয়ানছৰ মাজত অনুষ্ঠিত হোৱা আই পি এলৰ ৫১ সংখ্যক মেচখন লেগ স্পিনাৰ পীযুষ চাওলাৰ বাবে স্মৰণীয় খেল হিচাপে পৰিগণিত হৈছে । কিয়নো খেলখনত প্ৰথমটো উইকেট দখলেৰে নিজৰ নাম ইতিহাসৰ পৃষ্ঠাত লিপিবদ্ধ কৰিবলৈ সক্ষম হ'ল স্পিনাৰগৰাকী । ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ (আই পি এল)ৰ ইতিহাসত দ্বিতীয় সৰ্বাধিক উইকেট দখলকাৰী হিচাপে পৰিগণিত হৈছে চাওলা ৷
চাওলাই যৌথভাৱে দ্বিতীয় স্থান লাভ কৰাৰ লগতে পশ্চিম ভাৰতীয় অলৰাউণ্ডাৰ ডুৱাইন ব্ৰাভোৰ আই পি এলৰ ১৮৩ টা উইকেটৰ সৈতে সমতা স্থাপন কৰিছে । ৭.৯৭ ইক'নমি আৰু ২০.৫৭ ষ্ট্ৰাইক ৰেটেৰে ১৮৩ টা উইকেট দখল কৰিছিল চাওলাই । এই লাভজনক প্ৰতিযোগিতাত তেওঁ এতিয়ালৈকে চেন্নাই ছুপাৰ কিংছ, কলকাতা নাইট ৰাইডাৰ্ছ, পঞ্জাব কিংছ আৰু মুম্বাই ইণ্ডিয়ানছৰ হৈ খেলিছে ।
লেগ স্পিনাৰ যুজবেন্দ্ৰ চাহাল ইণ্ডিয়ান প্ৰিমিয়াৰ লীগত সৰ্বাধিক উইকেট দখলকাৰী বলাৰৰ তালিকাৰ শীৰ্ষত আছে আৰু তেওঁৰ নামত ২০০ টা উইকেট আছে ।