অসম

assam

By ETV Bharat Sports Team

Published : Jun 28, 2024, 5:53 PM IST

ETV Bharat / sports

শ্বেফালীৰ দ্বিশতক : ২২ বছৰ পূৰ্বে মিতালী ৰাজে গঢ়ি যোৱা পথেৰে শ্বেফালীৰ খোজ - Shafali Verma Double Century

Fastest Double Century in Women's Test Cricket : ভাৰতৰ বেটছমেন শ্বেফালী বাৰ্মাই চেন্নাইত দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে খেলা একমাত্ৰ টেষ্টত ইতিহাসৰ সৃষ্টি কৰিবলৈ সক্ষম হৈছে । মহিলা টেষ্ট ক্ৰিকেটত দ্ৰুততম দ্বৈত শতক অৰ্জন কৰা খেলুৱৈ হিচাপে পৰিগণিত হৈছে শ্বেফালী ৷

Fastest Double Century in Women's Test Cricket
মহিলা টেষ্ট ক্ৰিকেটত ডাবল চেঞ্চুৰী অৰ্জন কৰি ইতিহাস ৰচিলে ছাফালী ভাৰ্মাই (BCCI)

স্পৰ্টছ ডেস্ক, ২৮ জুন :চাপাক ষ্টেডিয়ামত অনুষ্ঠিত হৈ আছে ভাৰতৰ মহিলা ক্ৰিকেট দল আৰু দক্ষিণ আফ্ৰিকাৰ মহিলা ক্ৰিকেটৰ মাজত টেষ্ট মেচ ৷ এই টেষ্টত ভাৰতৰ অ’পেনিং বেটছমেন শ্বেফালী বাৰ্মাই সকলোকে আচৰিত কৰি তুলিছে । ২০ বছৰীয়া শ্বেফালি বাৰ্মাই টেষ্ট ক্ৰিকেটত প্ৰথমটো ডাবল শতক (ডাবল চেঞ্চুৰী) অৰ্জন কৰি আফ্ৰিকান বলাৰসকলক তীব্ৰ প্ৰত্যাহ্বান জনায় । এই ঐতিহাসিক দ্বৈত শতিকাৰ সমান্তৰালকৈ তেওঁ নিজৰ নামত অভিলেখ গঢ়িবলৈ সক্ষম হৈছে ।

  • মহিলা টেষ্ট ক্ৰিকেটত আটাইতকৈ দ্ৰুততম ডাবল চেঞ্চুৰী

পঞ্চম টেষ্ট মেচ খেলি থকা শ্বেফালী বাৰ্মাই মহিলা টেষ্ট ক্ৰিকেটৰ ইতিহাসত সৰ্বাধিক দ্ৰুততম দ্বৈত শতক অৰ্জন কৰাৰ অভিলেখ গঢ়ি তুলিছে । টেষ্ট কেৰিয়াৰৰ প্ৰথমটো দ্বৈত শতক মাত্ৰ ১৯৪ টা বলত সম্পূৰ্ণ কৰিবলৈ সক্ষম হৈছে শ্বেফালীয়ে । খেলখনত শ্বেফালীয়ে ২৩ টা চাৰি আৰু ৮ টা ছয়ৰ সহায়ত ১৯৭ টা বলত ২০৫ ৰাণ সংগ্ৰহ কৰে । ইয়াৰ পিচত তেওঁ ৰাণআউট হৈ পেভিলিয়নলৈ উভতি আহিবলৈ বাধ্য হয় ।

  • ডাবল চেঞ্চুৰী অৰ্জন কৰা দ্বিতীয়গৰাকী ভাৰতীয় মহিলা খেলুৱৈ

দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে ২০৫ ৰাণ সংগ্ৰহ কৰা শ্বেফালী বাৰ্মাই মহিলা টেষ্ট ক্ৰিকেটত দ্বৈত শতক অৰ্জন কৰা দ্বিতীয়গৰাকী খেলুৱৈ হিচাপে পৰিগণিত হৈছে । তেওঁৰ পূৰ্বে ভাৰতৰ প্ৰাক্তন অধিনায়ক মিতালী ৰাজে ২২ বছৰ পূৰ্বে ইংলেণ্ডৰ বিৰুদ্ধে দ্বৈত শতক অৰ্জন কৰিছিল ।

  • ভাৰতীয় খেলুৱৈৰ দ্বাৰা দ্বিতীয় শ্ৰেষ্ঠ টেষ্ট স্ক’ৰ

দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে ২০৫ ৰাণ, শ্বেফালী বাৰ্মাৰ টেষ্ট কেৰিয়াৰৰ সৰ্বোত্তম ব্যক্তিগত স্ক’ৰ । একে সময়তে মহিলা ক্ৰিকেটত যিকোনো ভাৰতীয় খেলুৱৈয়ে কৰা এইটোৱেই হৈছে দ্বিতীয় শ্ৰেষ্ঠ স্ক’ৰ । ২০০২ চনত ইংলেণ্ডৰ বিৰুদ্ধে মিতালী ৰাজে ২১৪ ৰাণৰ ইনিংছ খেলিছিল ।

  • মন্ধানাৰ সৈতে অভিলেখ অংশীদাৰিত্ব

শ্বেফালী বাৰ্মাই (২০৫ ৰাণ) স্মৃতি মন্ধনা (১৪৯ ৰান)ৰ সৈতে ২৯২ ৰাণৰ অভিলেখ গঢ়িছিল ৷ ইয়াৰ লগে লগে এই অ’পেনিং যুটি ভাৰতীয় মহিলা ক্ৰিকেটৰ ইতিহাসত প্ৰথম উইকেটৰ বাবে ২৫০+ ৰাণৰ অংশীদাৰিত্ব কৰা প্ৰথমটো অ’পেনিং যুটি হিচাপে পৰিগণিত হয় ।

লগতে পঢ়ক :দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে টেষ্ট শৃংখলা : স্মৃতি মন্ধানা-শ্বেফালি বাৰ্মাৰ দৰ্শনীয় শতক - INDW vs SAW Test Match

ABOUT THE AUTHOR

...view details