নতুন দিল্লী :এইবাৰ পোন প্ৰথমবাৰৰ বাবে অনুষ্ঠিত হৈছে খো খো বিশ্বকাপ । খো খো বিশ্বকাপৰ প্ৰথমটো ছিজন ভাৰতে আয়োজন কৰিছে । এই উদ্বোধনী খো খো বিশ্বকাপত ভাৰতে ইতিহাস ৰচনা কৰিলে । পুৰুষ আৰু মহিলা উভয়তে ভাৰতে বিশ্বকাপৰ খিতাপ দখল কৰিবলৈ সক্ষম হয় । নতুন দিল্লীত অনুষ্ঠিত এক ৰোমাঞ্চকৰ ফাইনেলত নেপালক ৭৮-৪০ গ'লত পৰাস্ত কৰি উদ্বোধনী খো খো বিশ্বকাপ জয় কৰে ভাৰতীয় মহিলা খো খো দলে । এই স্মৰণীয় বিজয়ে ভাৰতক বিশ্বৰ খো খো মঞ্চৰ শীৰ্ষত ৰাখিবলৈ সক্ষম হৈছে । লগতে খো খোক অলিম্পিকলৈ লৈ যোৱাৰ সপোনকো অনুপ্ৰাণিত কৰিছে ।
খো খো মহিলা দলৰ খিতাপ জয়
দেওবাৰে বিশ্বকাপৰ ফাইনেলত ঐতিহাসিক বিজয়ৰ পিছতে অধিনায়ক প্ৰিয়ংকা ইংলেয়ে আনন্দ প্ৰকাশ কৰে । তেওঁ কয়,"মই বহুত সুখী । যেতিয়া মোক অধিনায়ক হিচাপে বাছনি কৰা হৈছিল, মই খুব গৌৰৱান্বিত অনুভৱ কৰিছিলো । এয়া ইতিহাসৰ পৃষ্ঠাত লিখা থাকিব যে মই বিশ্বকাপ জয় কৰা প্ৰথম অধিনায়ক । আমাৰ পৰৱৰ্তী লক্ষ্য হৈছে কমনৱেলথ গেমছ, এছিয়ান গেমছ আৰু আটাইতকৈ ডাঙৰ সপোন হৈছে খো খোক ২০৩৬ চনৰ অলিম্পিকত স্থান দিয়া । আমাৰ ফেডাৰেশ্যনে ইয়াৰ বাবে বহুত কঠোৰ পৰিশ্ৰম কৰি আছে । নেপালৰ দলটোও খুব ভাল আছিল আৰু আমি তেওঁলোকৰ বিৰুদ্ধে খেলি আনন্দ পাইছো । তেওঁলোকে সঁচাকৈয়ে কঠোৰ পৰিশ্ৰম কৰিছিল ।"
প্ৰবীণ খেলুৱৈ নাছৰিন শ্বেখে বিজয়ৰ তাৎপৰ্য আৰু ভৱিষ্যতৰ বাবে তেওঁৰ পৰিকল্পনা সন্দৰ্ভত কয়, "আমাৰ খেলখন আমাৰ দেশৰ ৰাজধানীত দিল্লীত খেলা হৈছিল আৰু আমি ইয়াত জয়ী হৈছিলো । এই দলটোত পুৰণি অধিনায়ক আৰু যুৱ অধিনায়কে একেলগে নেতৃত্ব দিছিল, যিটো ভাল আছিল । মোৰ এটা সপোন আছে যে খো খো অলিম্পিকত স্থান পাওক । এতিয়া মই আন্তৰ্জাতিক খেলৰ পৰা অৱসৰ ল'ব বিচাৰো । মই সদায় বিশ্বকাপত অংশগ্ৰহণ কৰিব বিচাৰিছিলো আৰু দেশৰ বাবে এটা পদক জিকিব বিচাৰিছিলো । আজি মোৰ সেই সপোন পূৰণ হৈছে ।"
খো খো পুৰুষ দলৰো খিতাপ জয়