স্পৰ্টছ ডেস্ক, ২৮ জুন :দেশবাসীৰ বাবে এক গৌৰৱৰ মুহূৰ্ত ৷ কিয়নো 2022ৰ প্ৰতিশোধ পূৰ্ণ কৰিবলৈ সক্ষম হ’ল ৰোহিত শৰ্মা নেতৃত্বাধীন মেন ইন ব্লুৱে ৷ ইতিমধ্যে টি 20 বিশ্বকাপৰ ছেমি ফাইনেলত ইংলেণ্ডক হৰুৱাই ফাইনেলত প্ৰৱেশ কৰিছে টীম ইণ্ডিয়াই ৷
এই জয়ৰ লগে লগে টি 20 কেৰিয়াৰৰ সৰ্বাধিক সফল অধিনায়কৰূপে অভিলেখ স্থাপন কৰে ভাৰতীয় ক্ৰিকেট দলৰ অধিনায়ক ৰোহিত শৰ্মাই ৷ অধিনায়ক হিচাপে দলক সন্মুখৰ পৰা নেতৃত্ব দি এই সীমিত অভাৰৰ ফৰ্মেটত সৰ্বাধিক মেচত জয় লাভ কৰাৰ বাবে এই অভিলেখ গঢ়িবলৈ সক্ষম হয় ভাৰতীয় দলৰ অধিনায়কগৰাকী ৷
লগতে পঢ়ক :ভাৰত-ইংলেণ্ডৰ মাজৰ টি-২০ বিশ্বকাপৰ দ্বিতীয় ছেমিফাইনেলত বৰষুণৰ বিধি-পথালি - T20 World Cup 2024
ৰোহিত শৰ্মাৰ নেতৃত্বত দলটোৱে 49 খন মেচত জয় লাভ কৰি বাবৰ আজমৰ নামত থকা এই অভিলেখ ভংগ কৰে ৷ পূৰ্বে পাকিস্তান দলৰ অধিনায়ক হিচাপে বাবৰ আজমৰ নামত আছিল এই অভিলেখ ৷ বাবৰে 85 খন মেচ খেলি 48 খনত জয় লাভ কৰি স্থাপন কৰিছিল এই অভিলেখ ৷
বিধ্বংসী বলিঙৰ বাবেই শনিবাৰৰ মেচখনত ভাৰতে প্ৰতিপক্ষ ইংলেণ্ডৰ বিৰুদ্ধে 68 ৰাণত জয় লাভ কৰে ৷
দলৰ অধিনায়ক হিচাপে ৰোহিতৰ আছে আন এক অভিলেখ । খেলুৱৈগৰাকীয়ে 61 খন মেচৰ 49 খনতে জয় লাভ কৰিছে ৷ ভাৰতীয় অধিনায়কগৰাকীৰ ষ্ট্ৰাইক ৰেট হৈছে 78.68 শতাংশ । উৎকৃষ্ট প্ৰদৰ্শনেৰে ভাৰতীয় দলক নেতৃত্ব দি অহা ৰোহিত গড়ে 41.33 শতাংশ ৰাণৰে 7 ইনিংছত 248 ৰাণ সংগ্ৰহ কৰি চলিত বিশ্বকাপৰ তৃতীয় সৰ্বাধিক ৰাণ সংগ্ৰহকাৰীত পৰিগণিত হৈছে । ইয়াৰ বাহিৰেও মেচখনত আন বহু অভিলেখ ভংগ হৈছিল ।
টি 20 বিশ্বকাপত ক্ৰীছ জৰ্ডান আৰু আদিল ৰছিদে ক্ৰমে তিনিটা আৰু এটা উইকেটৰে ইংলেণ্ডৰ হৈ যুটীয়া সৰ্বাধিক উইকেট দখলকাৰীত পৰিগণিত হয় । দুয়োজনে নিজৰ উইকেটৰ সংখ্যা 31 লৈ বৃদ্ধি কৰে । প্ৰথমগৰাকীয়ে 23 খন মেচত এই কৃতিত্ব অৰ্জন কৰাৰ বিপৰীতে দ্বিতীয়গৰাকীয়ে 30 খন মেচত এই কৃতিত্ব লাভ কৰে ।
লগতে পঢ়ক :আফগানিস্তানৰ স্বপ্নভংগ, টি 20 বিশ্বকাপৰ ফাইনেলত প্ৰৱেশ দক্ষিণ আফ্ৰিকাৰ - T20 World Cup 2024
দুয়োজন ক্ৰিকেটাৰে ষ্টুৱাৰ্ট ব্ৰডক অতিক্ৰম কৰে আৰু আদিলেও ৬.৯ ইকনমিক ৰেটৰে (economy of 6.9) এই কৃতিত্ব অৰ্জন কৰে । লগতে ভাৰতৰ অধিনায়ক হিচাপে 5000 আন্তঃৰাষ্ট্ৰীয় ৰাণৰ সীমা অতিক্ৰম কৰি ৰোহিত শৰ্মা, পঞ্চমগৰাকী খেলুৱৈত পৰিগণিত হয় ।
লগতে, 2012 চনৰ ৱেষ্ট ইণ্ডিজ আৰু অষ্ট্ৰেলিয়াৰ মাজত অনুষ্ঠিত ছেমি ফাইনেলৰ পিছত টি 20 বিশ্বকাপৰ নকআউট মেচত ই দ্বিতীয় সৰ্ববৃহৎ জয়ৰ ব্যৱধান আছিল ৷
- ভাৰতৰ অধিনায়ক হিচাপে 5000+ ৰাণ
12883 - বিৰাট কোহলী
11207 - এম এছ ধোনী
8095 - মহম্মদ আজহাৰুদ্দিন
7643 - সৌৰভ গাংগুলী
5013* - ৰোহিত শৰ্মা
- T20 বিশ্বকাপত ইংলেণ্ডৰ হৈ সৰ্বাধিক উইকেট
31 - আদিল ৰছিদ (ই আৰ: 6.9)