অসম

assam

ETV Bharat / sports

মহিলা হকী এছিয়ান চেম্পিয়নছ ট্ৰফী; জাপানক 2-0 গ’লত পৰাস্ত কৰি ফাইনেলত প্ৰৱেশ ভাৰতৰ - HOCKEY ASIAN CHAMPIONS TROPHY 2024

Womens hockey final 2024: মহিলা হকী এছিয়ান চেম্পিয়নছ ট্ৰফীৰ ফাইনেলত প্ৰৱেশ ভাৰতৰ ৷ ছেমি ফাইনেলত জাপানৰ বিৰুদ্ধে দুই গ’লত জয়ী দলটো ৷

HOCKEY ASIAN CHAMPIONS TROPHY 2024
বিজয়ৰ উদযাপন কৰি থকা ভাৰতীয় মহিলা হকী দল (ETV Bharat)

By ETV Bharat Sports Team

Published : Nov 20, 2024, 3:01 PM IST

স্প’ৰ্টছ ডেস্ক:এছিয়ান চেম্পিয়নছ ট্ৰফীৰ ফাইনেলত প্ৰৱেশ কৰিছে ভাৰতীয় মহিলা হকী দলে । দলটোৱে জয়ৰ ধাৰা অব্যাহত ৰাখি দ্বিতীয়খন ছেমি ফাইনেলৰ ৰোমাঞ্চকৰ মেচত জাপানক 2-0 গ’লত পৰাস্ত কৰে ।

মেচখনৰ প্ৰথমাৰ্ধত দুয়োটা দলে গ’ল প্ৰদান কৰাত ব্যৰ্থ হয় ৷ যদিও ভাৰতে ধাৰাবাহিকভাৱে পেনাল্টি কৰ্ণাৰ লাভ কৰিছিল, তথাপিও গ’ল প্ৰদান কৰাত ব্যৰ্থ হৈছিল দলটো ৷

ৰাজগীৰ ষ্টেডিয়ামত ভাৰত আৰু জাপানৰ মহিলা খেলুৱৈসকল (ETV Bharat)

ভাৰতে জাপানক 2-0 ত পৰাস্ত কৰে

ভাৰতৰ হৈ নৱনীতে পেনাল্টিৰে দলৰ হৈ প্ৰথমটো গ’ল প্ৰদান কৰাৰ বিপৰীতে লাল ৰেমচিয়ামীয়ে দ্বিতীয়টো গ’ল প্ৰদান কৰে ৷ এতিয়া বুধবাৰে অনুষ্ঠিত হ’বলগা ফাইনেল মেচখনত চীনৰ মুখামুখি হ’ব ভাৰতীয় দলটো ৷ এছিয়ান চেম্পিয়নছ ট্ৰফীৰ প্ৰথমখন ছেমি ফাইনেলত চীনে মালয়েছিয়াক 3-1 গ’লত পৰাস্ত কৰি ফাইনেলৰ পথ প্ৰশস্ত কৰে ৷

ভাৰতে লাভ কৰে 11 টা পেনাল্টি কৰ্ণাৰ

উৎকৃষ্ট প্ৰদৰ্শনৰ বাবে খেলৰ শ্ৰেষ্ঠ খেলুৱৈৰ বঁটা প্ৰদান কৰা হয় লাল ৰেমশ্মীক ৷ খেলখনৰ প্ৰথম 45 মিনিটত ভাৰত আৰু জাপানে গ’ল প্ৰদানৰ বাবে কঠোৰ সংগ্ৰাম কৰা দেখা যায় যদিও গ’ল প্ৰদানত ব্যৰ্থ হয় ৷ এই সময়ছোৱাত ভাৰতে ধাৰাবাহিকভাৱে পেনাল্টি কৰ্ণাৰ লাভ কৰিছিল যদিও তাক গ’ললৈ ৰূপান্তৰিত কৰিব নোৱাৰিলে । ভাৰতীয় দলটোৱে 11 বাৰ পেনাল্টি কৰ্ণাৰ লাভ কৰাৰ বিপৰীতে জাপানে লাভ কৰা নাছিল এটাও পেনাল্টি কৰ্ণাৰ ৷

বিজয়ৰ পিছত ভাৰতীয় খেলুৱৈসকলৰ মুখৰ হাঁহি (ETV Bharat)

"দলটোৰ লক্ষ্য আছিল কেৱল জয়ী হোৱা আৰু ইয়াৰ বাবে সকলো খেলুৱৈয়ে একেলগে কঠোৰ পৰিশ্ৰম কৰিছিল । ভাৰতীয় দলটোৱে দুৰ্দান্ত প্ৰদৰ্শন আগবঢ়াইছিল" মেচখনত জয়ী হোৱাৰ অন্তত ভাৰতীয় মহিলা হকী দলটোৰ অধিনায়ক চালিমা টেটে এনেদৰে প্ৰকাশ কৰে প্ৰতিক্ৰিয়া ৷

ভাৰতীয় দলে আক্রমণাত্মকভাৱে খেলিছিল

প্রশিক্ষক হৰেন্দ্র সিঙে ছেমি ফাইনেলত দলৰ বিজয়ত সুখ প্রকাশ কৰি খেলুৱৈসকলৰ মানসিকতা আৰু কৌশলৰ প্রশংসা কৰে ৷ সিঙে কয় যে, আমাৰ কৌশল সদায়ে আক্ৰমণাত্মক হকী খেলাৰ পক্ষে আছিল । বিপক্ষৰ দলটো ডিফেন্সিভ হ’লেও দৰ্শকে নিশ্চয় দেখিছিল যে ভাৰতীয় দলটোৱে আক্ৰমণাত্মক হকী খেলিছিল । এইটোৱেই আমাৰ সফলতাৰ চাবিকাঠী" ।

চাপৰ মাজতো খেলুৱৈসকলে ভাল খেলিলে

প্ৰশিক্ষকগৰাকীয়ে লগতে কয় যে, "আমি নিশ্চিত যে আমি চীনৰ শক্তিশালী প্ৰতিৰোধ ওফোৰাই পেলোৱাত সফল হ’ম । ভাৰতীয় দলটোৱে সদায়ে হেঁচাৰ মাজতো উন্নত প্ৰদৰ্শন কৰি আহিছে আৰু এই ফাইনেলখনো বেলেগ নহ’ব । ফাইনেলক লৈ আমি 100% আত্মবিশ্বাসী" ।

"লীগ মেচত পৰাজয়ৰ পিছত বিপক্ষৰ দলে ৰক্ষণাত্মক মনোভাৱেৰে খেলিব বুলি আমি জানিছিলো । আমি আলোচনাত স্পষ্টকৈ কৈছিলো যে, এয়া মাথো এটা গ’লৰ কথা । আমাৰ খেলুৱৈসকলে ধৈৰ্য ধৰি শেষ মুহূৰ্তলৈকে নিজৰ প্ৰচেষ্টা অব্যাহত ৰাখিছিল ৷ যেতিয়া সেই গ'লটো প্ৰদান কৰিলে, খেলখন সম্পূৰ্ণৰূপে সলনি হৈ গ'ল আৰু আমাৰ বাবে দুৱাৰখন মুকলি হ'ল" বুলি ভাৰতীয় মহিলা হকী দলটোৰ প্ৰশিক্ষক হৰেন্দ্ৰ সিঙে সদৰী কৰে ৷

লগতে পঢ়ক:14 বছৰৰ মূৰত ভাৰতৰ মাটিত দুভৰিৰ যাদু দেখুৱাবলৈ সাজু লিঅ’নেল মেছি

ABOUT THE AUTHOR

...view details