নতুন দিল্লী :আন্তৰ্জাতিক অলিম্পিক সমিতিলৈ (আইঅ'চি) এখন পত্ৰৰ জৰিয়তে ২০৩৬ চনৰ অলিম্পিক আয়োজনৰ প্ৰতি আগ্ৰহ প্ৰকাশ কৰিছে ভাৰতে । তাৰ সমান্তৰালকৈ বিশ্বৰ আটাইতকৈ বৃহৎ ক্ৰীড়া প্ৰতিযোগিতাখন আয়োজন কৰিবলৈও একপ্ৰকাৰ সাজু হৈছে । যদি ভাৰতে ২০৩৬ চনৰ অলিম্পিক আয়োজনৰ বাবে নিবিদা লাভ কৰে তেনেহ'লে ই দেশৰ বাবে এক ঐতিহাসিক মুহূৰ্ত হ'ব কিয়নো ভাৰতে প্ৰথমবাৰৰ বাবে অলিম্পিক গেমছ আয়োজন কৰিব ।
- অলিম্পিক আয়োজনৰ প্ৰস্তাৱ ভাৰতৰ
ক্ৰীড়া মন্ত্ৰালয়ে অলিম্পিক আয়োজন কৰাৰ প্ৰস্তাৱ সন্দৰ্ভত ভাৰত চৰকাৰৰ সৈতে আলোচনা কৰি আছে । বিশেষজ্ঞতা আৰু আন্তঃগাঁথনি অনুসৰি বিভিন্ন বিষয়বস্তু আয়োজন কৰাৰ বাবে কেইবাখনো চহৰৰ প্ৰস্তাৱ দিব লাগিব, কিন্তু ইণ্ডিয়ান এক্সপ্ৰেছৰ এক প্ৰতিবেদন অনুসৰি আহমেদাবাদ অনুষ্ঠানটো আয়োজনৰ পৰিকল্পনাৰ কেন্দ্ৰবিন্দু হৈ আছে । আইঅ'চিয়ে ২০১৪ চনতে কেইবাখনো চহৰত অলিম্পিক আয়োজনৰ প্ৰস্তাৱত অনুমোদন জনাইছে ।