অসম

assam

ETV Bharat / sports

স্মৃতি মন্ধানাৰ শতকৰে তৃতীয় এদিনীয়াত ভাৰতৰ হাতত ধৰাশায়ী নিউজিলেণ্ড - IND W VS NZ W ODI SERIES

Ind vs Nz women cricket: তৃতীয় এদিনীয়াত ভাৰতৰ বিৰুদ্ধে 6 উইকেটত পৰাস্ত নিউজিলেণ্ড ৷ স্মৃতি মন্ধানাৰ শতক অৰ্জন ৷

IND W VS NZ W ODI SERIES
ভাৰতীয় মহিলা ক্ৰিকেট দলৰ একাংশ সদস্য (IANS PHOTO)

By ETV Bharat Sports Team

Published : Oct 30, 2024, 9:57 AM IST

স্প’ৰ্টছ ডেস্ক:আহমেদাবাদৰ নৰেন্দ্ৰ মোদী ষ্টেডিয়ামত মঙলবাৰে সন্ধিয়া অনুষ্ঠিত হৈছিল ভাৰত আৰু নিউজিলেণ্ডৰ মহিলা ক্ৰিকেট দল দুটাৰ মাজত অনুষ্ঠিত এদিনীয়া শৃংখলাৰ অন্তিম তথা নিৰ্ণায়ক খেলখন ৷

এই খেলখনত হৰমনপ্ৰীত কৌৰ নেতৃত্বাধীন ভাৰতে 6 উইকেটত জয়লাভ কৰে ৷ লগতে 2-1 ব্যৱধানত দখল কৰে তিনিখন মেচৰ এদিনীয়া শৃংখলাটো ৷

এই মেচখনত প্ৰথমে বেট ধৰি নিউজিলেণ্ডে 50 অভাৰত সংগ্ৰহ কৰে 232 ৰাণ ৷ প্ৰত্যুত্তৰত স্মৃতি মন্ধানাৰ শতক আৰু অধিনায়ক হৰমনপ্ৰীত কৌৰৰ অৰ্ধশতকৰ বাবে ভাৰতে 44.2 অভাৰত 4 টা উইকেট হেৰুৱাই নিৰ্দিষ্ট লক্ষ্যত উপনীত হয় ৷

মন্ধানা আৰু হৰমনপ্ৰীত কৌৰৰ বেটৰ পৰা নিগৰিছিল ৰাণ

স্মৃতি মন্ধানাই এই খেলখনত ভাৰতৰ হৈ অৰ্জন কৰিছিল এটা সুন্দৰ শতক । ক্ৰিকেটাৰগৰাকীয়ে 122 টা বলত 10 টা চাৰিৰে 100 ৰাণ সংগ্ৰহ কৰে । সমান্তৰালকৈ অধিনায়ক হৰমনপ্ৰীত কৌৰেও এক উৎকৃষ্ট অৰ্ধশতকীয় ইনিংছ খেলিছিল ।

হৰমনপ্ৰীত কৌৰে 8 টা চাৰিৰ সহায়ত 63 টা বলত 59 ৰাণ সংগ্ৰহ কৰি অপৰাজিত হৈ ৰোৱাৰ লগতে দলক আকাংক্ষিত বিজয় প্ৰদান কৰে ৷

নিউজিলেণ্ডৰ প্ৰদৰ্শন

নিউজিলেণ্ডৰ হৈ জৰ্জিয়া প্লিমাৰে সংগ্ৰহ কৰিছিল 39 ৰাণ । অৱশ্যে দলটোৰ হৈ ব্ৰুক হলিডে সৰ্বাধিক ৰাণ সংগ্ৰহ কৰিছিল । তেওঁ 86 ৰাণৰ সৰ্বশ্ৰেষ্ঠ ইনিংছ খেলিছিল ।

নিউজিলেণ্ডৰ দলটোৰ সৈতে খেলৰ শেষত ভাৰতীয় খেলুৱৈ (IANS PHOTO)

দীপ্তি শৰ্মাই দখল কৰে 3 টা উইকেট

ভাৰতৰ হৈ দীপ্তি শৰ্মাই 3 টা আৰু প্ৰিয়া মিশ্ৰাই দুটাকৈ উইকেট দখল কৰে । ইয়াৰোপৰি ৰেণুকা আৰু সীমাই এটাকৈ উইকেট লাভ কৰে । তিনিখন খেলৰ এই এদিনীয়া শৃংখলাত ভাৰতে নিউজিলেণ্ডক 2-1 ব্যৱধানত পৰাস্ত কৰি শৃংখলা দখল কৰে ৷

খেলখনত শতকীয় ইনিংছ খেলা স্মৃতি মন্ধানাক প্লেয়াৰ অৱ দ্য মেচৰ বঁটা আৰু উৎকৃষ্ট বলিং বিক্ৰমৰ বাবে দীপ্তি শৰ্মাক প্লেয়াৰ অৱ দ্য ছিৰিজ বঁটা আগবঢ়োৱা হয় ৷

লগতে পঢ়ক:নিউজিলেণ্ডৰ বিৰুদ্ধে ভাৰতৰ পৰাজয়; অথলে গ’ল ৰাধা যাদৱৰ বেটিং বিক্ৰম

ABOUT THE AUTHOR

...view details