অসম

assam

ETV Bharat / sports

শ্ৰীলংকা ক্ৰিকেট দলৰ অন্তৱৰ্তীকালীন মুখ্য প্ৰশিক্ষক হিচাবে নিৰ্বাচিত সনথ জয়সূৰ্য - IND vs SL

IND VS SL: টিম ইণ্ডিয়া আৰু শ্ৰীলংকাৰ মাজৰ আগন্তুক শৃংখলাৰ বাবে সনথ জয়সূৰ্যক শ্ৰীলংকাৰ অন্তৱৰ্তীকালীন মুখ্য প্ৰশিক্ষক হিচাপে নিযুক্তি দিয়া হৈছে। এই ভ্ৰমণত ভাৰতে তিনিখন T-২০ আৰু তিনিখন এদিনীয়া মেচ খেলিব ৷ সম্পূৰ্ণ খবৰ পঢ়ক...

By ETV Bharat Assamese Team

Published : Jul 8, 2024, 7:14 PM IST

Updated : Jul 8, 2024, 8:14 PM IST

HEAD COACH OF SRI LANKAN CRICKET
সনথ জয়সূৰ্যক শ্ৰীলংকাৰ ক্ৰিকেট দলৰ প্ৰশিক্ষক হিচাপে নিযুক্তি দিয়াৰ সম্ভাৱনা (ANI PHOTOS)

স্পৰ্টছ ডেস্ক, 8 জুলাই : ভাৰত আৰু শ্ৰীলংকাৰ মাজত অনুষ্ঠিত হ’বলগীয়া ছিৰিজৰ পূৰ্বে এটা ডাঙৰ খবৰ ওলাইছে ৷ এই শৃংখলাৰ বাবে শ্ৰীলংকাৰ ক্ৰিকেট দলৰ অন্তৱৰ্তীকালীন মুখ্য প্ৰশিক্ষক হিচাপে শ্ৰীলংকাৰ প্ৰাক্তন ক্ৰিকেটাৰ সনথ জয়সূৰ্যক নিযুক্তি দিয়া হৈছে ৷ শ্ৰীলংকা ক্ৰিকেট ব’ৰ্ডে ঘোষণা কৰিছে এই কথা ৷ 27 জুলাইৰ পৰা 7 আগষ্টলৈ ভাৰত আৰু শ্ৰীলংকাৰ মাজত অনুষ্ঠিত হ’বলগীয়া শৃংখলাৰ বাবে জয়সূৰ্যক দলটোৰ অন্তৱৰ্তীকালীন মুখ্য প্ৰশিক্ষক হিচাপে নিযুক্তি দিয়া হৈছে বুলি সংবাদ মাধ্যমত প্ৰকাশ পাইছে ৷ ভাৰতৰ বিৰুদ্ধে 3 খন T-২০ আৰু 3 খন এদিনীয়া শৃংখলাৰ বাবে দলটোৰ অন্তৱৰ্তীকালীন মুখ্য প্ৰশিক্ষক হ’ব প্ৰাক্তন ক্ৰিকেটাৰ জয়সূৰ্য ৷

ভাৰত-শ্ৰীলংকাত ছিৰিজত প্ৰশিক্ষক হ’ব জয়সূৰ্য :

27 জুলাইৰ পৰা 30 জুলাইলৈ ভাৰতে শ্ৰীলংকাৰ বিৰুদ্ধে 3 খনীয়া মেচৰ T-২০ শৃংখলা খেলিব ৷ ইয়াৰ পিচত ধাৰাবাহিকভাৱে 3 খন এদিনীয়া মেচ অনুষ্ঠিত হ’ব ৷ 2 আগষ্টৰ পৰা 7 আগষ্টলৈ অনুষ্ঠিত হ’ব এদিনীয়া শৃংখলা ৷ এই শৃংখলাৰ সময়ত জয়সূৰ্যক শ্ৰীলংকা দলৰ প্ৰশিক্ষক হিচাপে দেখা যাব ৷ ইফালে ভাৰতে খেলিবলগীয়া এদিনীয়া শৃংখলালৈ ৰোহিত শৰ্মা আৰু বিৰাট কোহলীৰ প্ৰত্যাৱৰ্তন ঘটিব পাৰে ৷

লগতে পঢ়ক :বিশ্বকাপ জয়ৰ পিচত ৰাজপথত 'বিৰাটৰথ' - Rath Yatra for Virat Kohli

জয়সূৰ্যৰ প্ৰদৰ্শন কেনেকুৱা আছিল :

সনথ জয়সূৰ্য শ্ৰীলংকাৰ সৰ্বশ্ৰেষ্ঠ অলৰাউণ্ডাৰ আছিল ৷ তেওঁ 1989 চনত শ্ৰীলংকাৰ হৈ আন্তঃৰাষ্ট্ৰীয় এদিনীয়াত আত্মপ্ৰকাশ কৰিছিল ৷ তাৰ পিচত তেওঁ 1991 চনত টেষ্ট অভিষেক আৰু 2006 চনত T-২০ আন্তঃৰাষ্ট্ৰীয়ত অভিষেক ঘটাইছিল ৷ জয়সূৰ্যই 1989 চনৰ পৰা 2011 চনলৈ শ্ৰীলংকাৰ হৈ ক্ৰিকেট খেলিছে ৷

তেওঁ টেষ্টত 6,973 ৰাণ, এদিনীয়াত 13,430 আৰু T-২০ত 629 ৰাণ সংগ্ৰহ কৰিছে ৷ জয়সূৰ্যই টেষ্টত 98 টা, এদিনীয়াত 323 টা আৰু T-২০ত 19 টা উইকেট লাভ কৰিছে ৷ তেওঁ শ্ৰীলংকা ক্ৰিকেটৰ হৈ আৰম্ভণি কৰাৰ সময়ত বহুতো বিধ্বংসী ইনিংছ খেলিছিল ৷

লগতে পঢ়ক :ডব্লিউটিচি আৰু চেম্পিয়নছ ট্ৰফী 2025 ৰ বাবে ৰোহিত শৰ্মাক ভাৰতৰ অধিনায়ক ঘোষণা - WTC And Champions Trophy 2025

Last Updated : Jul 8, 2024, 8:14 PM IST

ABOUT THE AUTHOR

...view details