স্পৰ্টছ ডেস্ক, ২৭ জুলাই :ভাৰত আৰু শ্ৰীলংকাৰ মাজত তিনিখনীয়া মেচৰ টি-২০ শৃংখলাৰ প্ৰথমখন মেচ শনিবাৰে অনুষ্ঠিত হ'ব । ভ্ৰমণকাৰী ভাৰতীয় দলটোৱে শৃংখলাৰ প্ৰথমখন মেচত ভাৰতীয় সময়মতে সন্ধিয়া ৭ বজাত শ্ৰীলংকাৰ পাল্লেকেল আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট ষ্টেডিয়ামত ঘৰুৱা দলটোৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব ।
টি-২০ মেচখনত ভাৰতীয় ক্ৰিকেট দলটোক নেতৃত্ব দিব সূৰ্যকুমাৰ যাদৱে । আনহাতে, শ্ৰীলংকান ক্ৰিকেট দলৰ নেতৃত্ব দিব চাৰিথ আছালংকাই । মেচখনৰ পূৰ্বে পিটছ ৰিপ'ৰ্ট, দুয়োটা দলৰ গুৰুত্বপূৰ্ণ খেলুৱৈসকল আৰু পৰিসংখ্যাৰ ওপৰত এক অৱলোকন ।
ভাৰত-শ্ৰীলংকা টি-২০ পৰিসংখ্যা
ভাৰত আৰু শ্ৰীলংকাৰ মাজত মুঠ ২৯ খন টি-২০ আন্তঃৰাষ্ট্ৰীয় মেচ অনুষ্ঠিত হৈছে । ইয়াৰে ভিতৰত ভাৰতীয় দলটোৱে 19 খন মেচত জয়লাভ কৰাৰ বিপৰীতে শ্ৰীলংকাই মাত্ৰ 9 খন মেচত ভাৰতক পৰাস্ত কৰিছে । ইয়াৰ উপৰি এখন মেচ ফলাফল শূন্য হিচাপে সমাপ্ত হৈছে । আনহাতে, দুয়োটা দলৰ মাজত অনুষ্ঠিত অন্তিম 5 টি-২০ মেচৰ ভিতৰত ভাৰতে ৩ খন মেচত জয়লাভ কৰিছে । এনে পৰিস্থিতিত শ্ৰীলংকাৰ ওপৰত ভাৰতে প্ৰাধান্য বিস্তাৰ কৰি আহিছে ।
পিটছ ৰিপ'ৰ্ট
কেণ্ডিৰ পাল্লেকেল ষ্টেডিয়ামৰ পিটছ ফাষ্ট বলাৰসকলৰ বাবে সহায়ক হিচাপে গণ্য কৰা হয় । ফাষ্ট বলাৰসকল এই পিটছত নতুন বলেৰে অতি কাৰ্যকৰী প্ৰমাণিত হয় । কিন্তু যদি পিটছত বেটছমেনসকলে এবাৰ থিতাপি লয়, তেন্তে সহজে ৰাণ সংগ্ৰহ কৰিব পাৰে । এই পিটছত স্পিন বলাৰসকলেও পুৰণি বলেৰে সহায় লাভ কৰে । ইয়াত অনুষ্ঠিত ২৩ খন মেচৰ ভিতৰত প্ৰথমে বেটিং কৰা দলটোৱে ১২ খনত জয়লাভ কৰিছে । আনহাতে, দ্বিতীয় ইনিংছত বেটিং কৰা দলটোৱে লক্ষ্য অনুসৰণ কৰি ৯ খন মেচ নিজৰ দখললৈ নিছে ।