চেন্নাই :ভাৰত আৰু ইংলেণ্ডৰ মাজৰ চলিত টি-২০ শৃংখলাৰ দ্বিতীয়খন টি-২০ মেচ শনিবাৰে চেন্নাইৰ এম এ চিদাম্বৰম ষ্টেডিয়ামত অনুষ্ঠিত হ'ব । প্ৰথমখন টি-২০ত আলহী দলটোক অনায়াসে পৰাস্ত কৰাৰ পিছত আয়োজক দলটোৰ মনোবল তুংগত আছে । কিন্তু শৃংখলাৰ দ্বিতীয়খন টি-২০ মেচৰ কেইঘণ্টামান পূৰ্বে ভাৰতীয় দলটো এক মোক্ষম আঘাতৰ সন্মুখীন হ'বলগা হয় । প্ৰথমখন টি-২০ মেচত বিধ্বংসী বেটিঙেৰে আলোড়নৰ সৃষ্টি কৰা টীম ইণ্ডিয়াৰ বিস্ফোৰক বেটছমেনজন আঘাতপ্ৰাপ্ত হৈছে ।
আঘাতপ্ৰাপ্ত অভিষেক শৰ্মা
ইংলেণ্ডৰ বিৰুদ্ধে টি-২০ শৃংখলাৰ দ্বিতীয়খন মেচৰ পূৰ্বে ভাৰতৰ সোঁহতীয়া বিস্ফোৰক অপেনাৰ অভিষেক শৰ্মা আঘাতপ্ৰাপ্ত হৈছে । টীম ইণ্ডিয়াৰ অনুশীলনৰ সময়ত তেওঁ কেছ ধৰাৰ অনুশীলন কৰি থকাৰ সময়ত গোৰোহাত মোচোকা খায় । ফলত অভিষেকক খেলপথাৰতে বহি বেদনাত কাতৰ হোৱা দেখা গৈছিল । আনহাতে, আঘাতৰ পিছত দলটোৰ ফিজিঅ'থেৰাপিষ্টে তেওঁক পৰীক্ষা কৰে আৰু বিশ্ৰাম দিবলৈ পেভিলিয়নলৈ লৈ যায় । ইয়াৰ পিছত অভিষেকে নেটত বেটিং অনুশীলন কৰিবলৈ খেলপথাৰলৈ উভতি অহা পৰিলক্ষিত নহ'ল ।
ইংলেণ্ডৰ বিৰুদ্ধে দ্বিতীয় মেচত খেলাৰ সম্ভাৱনা নাই