স্পৰ্টছ ডেস্ক, ১৪ ফেব্ৰুৱাৰী :ভাৰত আৰু ইংলেণ্ডৰ মাজত চলিত টেষ্ট শৃংখলাৰ তৃতীয়খন মেচ বৃহস্পতিবাৰৰ পৰা ৰাজকোটত অনুষ্ঠিত হ'ব । ইয়াৰ পূৰ্বে দুয়োটা দলে সৌৰাষ্ট্ৰ ক্ৰিকেট ষ্টেডিয়ামত অনুশীলন কৰে । দুয়োটা দলে শৃংখলাটোত ১-১ ব্যৱধানত ড্ৰ কৰাৰ পিচত অগ্ৰগতি লাভৰ লক্ষ্যৰে অৱতীৰ্ণ হ'ব ।
আনহাতে, সৌৰাষ্ট্ৰ ষ্টেডিয়ামত ভাৰতীয় দলটোৰ এক ভাল অভিলেখ আছে । কিয়নো এইখন ষ্টেডিয়ামত ভাৰতে এতিয়ালৈকে এখনো টেষ্ট মেচত পৰাস্ত হোৱা নাই । ভাৰতীয় দলটোৱে এতিয়ালৈকে সৌৰাষ্ট্ৰত দুখন টেষ্ট মেচ খেলিছে । ইয়াৰে ভিতৰত ভাৰতে এখন মেচত জয়লাভ কৰাৰ বিপৰীতে এখন মেচ ড্ৰ হৈছে ।
২০১৬ চনৰ নৱেম্বৰত এই ষ্টেডিয়ামত প্ৰথমখন টেষ্ট মেচ অনুষ্ঠিত হয় । ইংলেণ্ডৰ বিৰুদ্ধে খেলা এই মেচখন পাঁচ দিন ধৰি চলে আৰু অমীমাংসিতভাৱে সমাপ্ত হয় । এই মেচখনত ইংলেণ্ডে প্ৰথমে বেটিং কৰি জো ৰুট, মঈন আলী, বেন ডাকেটৰ শতকেৰে ৫৩৭ ৰাণ সংগ্ৰহ কৰে ।
ইয়াৰ প্ৰত্যুত্তৰত মূৰলী বিজয় আৰু চেতেশ্বৰ পূজাৰাৰ শতকেৰে প্ৰত্যুত্তৰ দি ভাৰতে প্ৰথম ইনিংছত ৪৮৮ ৰাণ সংগ্ৰহ কৰে । ৪৯ ৰাণৰ প্ৰথম ইনিংছৰ অগ্ৰগতিৰে ইংলেণ্ডে দ্বিতীয় ইনিংছত ২৬০ ৰাণ যোগ দি ভাৰতক জয়ৰ বাবে ৩০৯ ৰাণৰ লক্ষ্য বান্ধি দিয়ে । ইয়াৰ প্ৰত্যুত্তৰত ভাৰতে ৬ টা উইকেট হেৰুৱাই ১৭২ ৰাণ সংগ্ৰহ কৰিবলৈ সক্ষম হয় ।