স্প’ৰ্টছ ডেস্ক, 10 অক্টোবৰ:ৰাজধানী চহৰ নতুন দিল্লীৰ অৰুণ জেটলী ষ্টেডিয়ামত অনুষ্ঠিত ভাৰত-বাংলাদেশৰ মাজৰ দ্বিতীয়খন টি 20 মেচত ভাৰতে জয় লাভ কৰে ৷ ইয়াৰ লগে লগে ভাৰতে তিনিখন মেচৰ টি 20 শৃংখলাটোও দখল কৰে ৷
বুধবাৰে সন্ধিয়া 7 বজাৰ পৰা অনুষ্ঠিত মেচখনত বাংলাদেশে টছত জিকি ভাৰতক বেটিং কৰিবলৈ আমন্ত্ৰণ জনায় ৷ ভাৰতৰ হৈ সঞ্জু ছেমছনৰ লগতে অভিষেক শৰ্মাই মুকলি কৰে ইনিংছ ৷ দলীয় 17 ৰাণত ভাৰতে হেৰুৱাই সঞ্জু ছেমছনৰ ৰূপত প্ৰথমটো উইকেট ৷ ছেমছনে ব্যক্তিগত 10 ৰাণত ক্ৰিজৰ পৰা বিদায় লয় ৷ দলীয় 25 ৰাণত ভাৰতে হেৰুৱাই দ্বিতীয়টো উইকেট ৷
পৰৱৰ্তী সময়ত অতি কম সময়ৰ ভিতৰতে ভাৰতে হেৰুৱাই অধিনায়ক সূৰ্যকুমাৰ যাদৱ(8) ৰ উইকেট ৷ অৱশ্যে ৰিংকু সিং আৰু নীতিশ ৰেড্ডীৰ অৰ্ধশতকৰ সহায়ত দলটোৱে সংগ্ৰহ কৰে 222 ৰাণৰ বিশাল স্ক’ৰ ৷ প্ৰত্যুত্তৰত বাংলাদেশে সংগ্ৰহ কৰে 135 ৰাণ ৷
নীতিশ-ৰিংকুৰ প্ৰদৰ্শন
নীতিশে মেচখনত 64 টা বলত সংগ্ৰহ কৰিছিল 74 ৰাণ, য’ত আছিল 7 টা ছয় আৰু 4 টা চাৰি ৷ ৰিংকু সিঙেও মেচখনত আগবঢ়াইছিল 53 ৰাণৰ এক সুন্দৰ অৰ্ধশতকীয় ইনিংছ ৷ ক্ৰিকেটাৰগৰাকীয়ে 27 টা বল খেলি 3 টা ছয় আৰু 5 টা চাৰিৰ সহায়ত সম্পূৰ্ণ কৰিছিল অৰ্ধশতক ।
ভাৰতে বান্ধি দিয়া 222 ৰাণ লক্ষ্য অনুসৰণ কৰি বাংলাদেশে বেটিং কৰিবলৈ ক্ৰিজলৈ আহে যদিও বিপক্ষৰ বলাৰসকলৰ আগত বেছি সময় তিষ্ঠিব নোৱাৰিলে আলহী দলটো ৷ ভাৰতৰ বলাৰসকলৰ সন্মুখত বাংলাদেশৰ বেটিং বিপৰ্যয় ঘটিবলৈ ধৰে ৷