স্প’ৰ্টছ ডেস্ক, 30 ছেপ্টেম্বৰ: ঐতিহাসিক গ্ৰীণপাৰ্ক ষ্টেডিয়ামত ভাৰত-বাংলাদেশৰ মাজত চলি থকা দ্বিতীয়খন টেষ্টৰ সোমবাৰে চতুৰ্থটো দিন ৷ বৰষুণে বিধি-পথালি দিলেও এই খেলপথাৰ সাক্ষী হৈ ৰ’ল বহু অভিলেখৰ ৷
কানপুৰ টেষ্টৰ চতুৰ্থদিনা ইতিহাস ৰচনা কৰিলে টীম ইণ্ডিয়াৰ তাৰকা বেটছমেন বিৰাট কোহলীয়ে । বাংলাদেশৰ বিৰুদ্ধে এই মেচখনত কোহলীয়ে 35 ৰাণ সম্পূৰ্ণ কৰাৰ লগে ভংগ কৰে মাষ্টাৰ-ব্লাষ্টাৰ শচীন তেণ্ডুলকাৰৰ অভিলেখ ৷
আন্তৰাষ্ট্ৰীয় ক্ৰিকেটত 27000 ৰাণ সম্পূৰ্ণ দ্বিতীয়গৰাকী ভাৰতীয়
কানপুৰ টেষ্টত প্ৰথম ইনিংছত বিৰাট কোহলীয়ে সংগ্ৰহ কৰিছিল 47 ৰাণ ৷ এই ইনিংছৰ সময়ত 35 ৰাণ সংগ্ৰহ কৰাৰ পিছতে বিৰাটে আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত সম্পূৰ্ণ কৰে 27 হাজাৰ ৰাণ ৷
প্ৰাক্তন ক্ৰিকেটাৰ শচীন তেণ্ডুলকাৰৰ সৈতে এই তালিকাত নাম লিপিবদ্ধ কৰা বিৰাট কোহলী হৈছে দ্বিতীয়গৰাকী ভাৰতীয় বেটছমেন ৷ তদুপৰি এই কৃতিত্ব অৰ্জন কৰা বিশ্বৰ চতুৰ্থগৰাকী বেটছমেন ৷
আন্তৰাষ্ট্ৰীয় ক্ৰিকেটত সৰ্বাধিক ৰাণ
- শচীন তেণ্ডুলকাৰ - 34,357 ৰাণ
- কুমাৰ ছাংগাকাৰা - 28,016 ৰাণ
- ৰিকী পণ্টিং - 27,483 ৰাণ
- বিৰাট কোহলী - 27,000* ৰাণ
বিৰাটে ভংগ কৰিলে শচীন তেণ্ডুলকাৰৰ অভিলেখ