অসম

assam

ETV Bharat / sports

ভাৰত নে অষ্ট্ৰেলিয়া; কোনে জিকিব ব’ৰ্ডাৰ গাভাস্কাৰ ট্ৰফী ? ৰিকী পণ্টিঙৰ ভৱিষ্যতবাণী... - BORDER GAVASKAR TROPHY 2024

India vs Australia: ভাৰত আৰু অষ্ট্ৰেলিয়াৰ মাজৰ কোনটো দলে বহু প্ৰতীক্ষিত ব’ৰ্ডাৰ-গাভাস্কাৰ ট্ৰফী জিকিব ? এই বিষয়ে কৰা হৈছে ভৱিষ্যতবাণী ৷

BORDER GAVASKAR TROPHY 2024
ৰোহিত শৰ্মা আৰু পেট কামিন্স (AFP Photo)

By ETV Bharat Sports Team

Published : Nov 7, 2024, 4:34 PM IST

স্প’ৰ্টছ ডেস্ক: ব’ৰ্ডাৰ-গাভাস্কাৰ ট্ৰফীত ভাৰতৰ বিৰুদ্ধে 3-1 ব্যৱধানত জয়লাভ কৰিব অষ্ট্ৰেলিয়াই ৷ এই ভৱিষ্যতবাণী অষ্ট্ৰেলিয়াৰ প্ৰাক্তন অধিনায়ক ৰিকী পণ্টিঙৰ ৷

কিয়নো মহম্মদ ছামীৰ অনুপস্থিতিত এখন টেষ্ট মেচত 20 টা উইকেট দখল কৰাটো ভাৰতৰ বাবে সৰ্ববৃহৎ প্ৰত্যাহ্বান হিচাপে বিবেচিত হ’ব ৷

নিউজিলেণ্ডৰ বিৰুদ্ধে 3-0 ব্যৱধানত পৰাজিত হোৱাৰ পিছত বেকফুটত টীম ইণ্ডিয়া

ব’ৰ্ডাৰ-গাভাস্কাৰ ট্ৰফীৰ খিতাপ জয়ৰ ওপৰত দৃষ্টি আৱদ্ধ আছে অষ্ট্ৰেলিয়াৰ ৷ ভাৰতে 2014-15 ৰ পৰা চাৰিওটা শৃংখলা জয় কৰিছে ৷ য'ত 2018-19 আৰু 2020-21 বৰ্ষত অষ্ট্ৰেলিয়াত অনুষ্ঠিত হৈছিল দুটা শৃংখলা ৷

অৱশ্যে, শেহতীয়া টেষ্ট শৃংখলাত নিউজিলেণ্ডৰ বিৰুদ্ধে 3-0 ব্যৱধানত পৰাজিত হোৱা ভাৰতক হৰুৱাবলৈ অষ্ট্ৰেলিয়াৰ হাতত পূৰ্ণ সুযোগ আছে ৷

ছামীৰ অনুপস্থিতি ভাৰতৰ বাবে হ’ব লোকচানৰ কাৰণ

পণ্টিঙে আই চি চি ৰিভিউ শীৰ্ষক শ্ব’টোত অষ্ট্ৰেলিয়াৰ সম্ভাৱনীয়তাৰ বিষয়ে সম্ভৱতঃ পূৰ্বৰ তুলনাত উন্নত বুলি মন্তব্য প্ৰকাশ কৰে ৷ আঘাতৰ বাবে ছামীয়ে 2023 চনৰ নৱেম্বৰ মাহৰ পৰাই ক্ৰিকেটৰ পৰা আঁতৰি আছে ৷

পণ্টিঙে দাবী কৰা অনুসৰি, ছামীৰ অনুপস্থিতিত যশপ্ৰীত বুমৰাহ, মহম্মদ চিৰাজ, আকাশদীপ, প্ৰসিদ্ধ কৃষ্ণ আৰু হৰ্ষিত ৰাণাই চম্ভালিব ভাৰতৰ বলিং বিভাগ ৷ তথাপিও কিছু শক্তিহীন হ’ব ভাৰতীয় দলটো ৷

"ছামীৰ অনুপস্থিতিত বলিং বিভাগত যথেষ্ট তাৰতম্য ঘটিব ৷ বিগত সময়ত(আগষ্টত) ছামী সুস্থ হৈ উঠিবনে নাই, সেই বিষয়ে অনুমান প্ৰকাশ কৰা হৈছিল যদিও নিৰ্দিষ্টকৈ একো ক’ব পৰা হোৱা নাছিল ৷ মই ভাবো এখন টেষ্ট মেচত 20 টা উইকেট দখল কৰাতো ভাৰতৰ বাবে আটাইতকৈ ডাঙৰ প্ৰত্যাহ্বান হ'ব । দলটোৰ বৰ্তমানৰ বেটছমেনসকলে ইয়াত ভাল বেটিং কৰিব" বুলি পণ্টিঙে কয় ৷

ভাৰতৰ বিৰুদ্ধে 3-1 ব্যৱধানত জয়ী হ'ব অষ্ট্ৰেলিয়া

অষ্ট্ৰেলিয়াক অধিক শৃংখলাবদ্ধ দল হিচাপে প্ৰশংসা কৰি পণ্টিঙে 22 নৱেম্বৰৰ পৰা পাৰ্থত আৰম্ভ হ'ব লগা শৃংখলাটোত ভাৰতক সম্পূৰ্ণৰূপে দমন কৰা বুলি বিবেচনা নকৰে ।

পণ্টিঙে ভৱিষ্যতবাণী কৰিছিল এনেদৰে, "মই ভাবো ভাৰতে পাঁচখন টেষ্ট মেচৰ এখনত জয়ী হ'ব । কিন্তু মই এতিয়াও ভাবো অষ্ট্ৰেলিয়া সম্ভৱতঃ অলপ বেছি স্থিৰ, অলপ বেছি অভিজ্ঞ আৰু আমি জানো যে তেওঁলোকক ঘৰৰ মাটিত পৰাজিত কৰাটো বহুত কঠিন । গতিকে ফলাফল 3-1 পাম" ৷

স্মিথ বা পন্তে সংগ্ৰহ কৰিব সৰ্বাধিক ৰাণ

পণ্টিঙে অনুভৱ কৰে যে, পাঁচখন মেচৰ টেষ্ট শৃংখলাটোত ষ্টিভ স্মিথ বা ঋষভ পন্তে সৰ্বাধিক ৰাণ সংগ্ৰহ কৰিব ৷ তেওঁ কৈছিল, "সৰ্বাধিক ৰাণ সংগ্ৰহকাৰীসকলৰ ভিতৰত মই ষ্টিভ স্মিথ বা ঋষভ পন্তক বাছনি কৰিম" ৷

হেজলউডে সৰ্বাধিক উইকেট দখল কৰিব

পণ্টিঙে বিশ্বাস কৰে যে, জছ হেজলউডে ফাষ্ট বলাৰ মিচেল ষ্টাৰ্ক আৰু পেট কামিন্সৰ তুলনাত অষ্ট্ৰেলিয়াৰ হৈ অধিক উইকেট দখল কৰিব । "মই ভাবো অষ্ট্ৰেলিয়াৰ ফাষ্ট বলাৰসকলৰ মাজত হেজলউড এই মুহূৰ্তত আন বলাৰৰ তুলনাত সম্ভাৱনাৰ শীৰ্ষত আছে । গতিকে মই তেওঁক সৰ্বাধিক উইকেট সংগ্ৰহকাৰী হিচাপে বাছনি কৰিম" ৷

লগতে পঢ়ক:বিৰাট কোহলীৰ সৈতে এয়া কি হ’ল ? 10 বছৰত দেখা নাছিল এনে দিন...

ABOUT THE AUTHOR

...view details