স্প’ৰ্টছ ডেস্ক: ভাৰত আৰু অষ্ট্ৰেলিয়াৰ মাজত চলি আছে বৰ্ডাৰ-গাভাস্কাৰ ট্ৰফীৰ তৃতীয়খন টেষ্ট মেচ ৷ এই খেলৰ দ্বিতীয় দিনা অষ্ট্ৰেলিয়াৰ কিংবদন্তী বেটছমেন ষ্টিভ স্মিথে ব্ৰীছবেনৰ গাব্বা ক্ৰিকেট ষ্টেডিয়ামত শতক অৰ্জন কৰে ।
ভাৰতৰ বিৰুদ্ধে টেষ্ট ক্ৰিকেটত এয়া খেলুৱৈগৰাকীৰ কেৰিয়াৰৰ 33 তম শতক আছিল । এই শতক অৰ্জন কৰি স্মিথে ভাৰতৰ বিৰুদ্ধে সৰ্বাধিক টেষ্ট শতক অৰ্জন কৰাৰ ক্ষেত্ৰত নিউজিলেণ্ডৰ বেটছমেন কেন উইলিয়ামছনক অতিক্ৰম কৰিছে ।
এই খেলখনত ষ্টিভ স্মিথে 185 টা বলত 12 টা চাৰিৰে শতক সম্পূৰ্ণ কৰে । স্মিথে 190 টা বলত 101 ৰাণ সংগ্ৰহ কৰিছিল । অধিনায়ক ৰোহিত শৰ্মাৰ হাতত 82 অভাৰৰ শেষ বলত কেচ তুলি দি যশপ্ৰীত বুমৰাহৰ চিকাৰ হৈছিল বেটছমেনগৰাকী ৷ এই শতকৰ সৈতে স্মিথে ভাৰতৰ হৈ টেষ্টত সৰ্বাধিক স্ক'ৰ সংগ্ৰহ কৰা খেলুৱৈত পৰিণত হৈছে ।
ভাৰতৰ বিৰুদ্ধে সৰ্বাধিক টেষ্ট শতক
- 41 টা ইনিংছত 10 টা শতক: ষ্টিভেন স্মিথ (অষ্ট্ৰেলিয়া)
- 55 টা ইনিংছত 10 টা শতক: জ’ ৰুট (ইংলেণ্ড)
- 30 টা ইনিংছত 8 টা শতক: গেৰী ছোবৰ্ছ (ৱেষ্ট ইণ্ডিজ)
- 41 টা ইনিংছত 8 টা শতক: ভিভ ৰিচাৰ্ডছ (ৱেষ্ট ইণ্ডিজ)
- 51 টা ইনিংছত 8 টা শতক: ৰিকী পণ্টিং (অষ্ট্ৰেলিয়া)