স্পৰ্ষ্টছ ডেস্ক, ৫ অক্টোবৰ :শুকুৰবাৰে ডুবাইৰ ডুবাই আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট ষ্টেডিয়ামত অনুষ্ঠিত হোৱা আই চি চি মহিলা টি-২০ ৱৰ্ল্ডকাপ ২০২৪ৰ প্ৰথমখন খেলত ভাৰতীয় মহিলা ক্ৰিকেট দলটো নিউজীলেণ্ডৰ হাতত ৫৮ ৰাণত পৰাস্ত হয় । নিউজীলেণ্ডে টছত জয়লাভ কৰি প্ৰথমে বেটিং কৰি নিৰ্ধাৰিত অভাৰত ৪টা উইকেট হেৰুৱাই ১৬৪ ৰাণ সংগ্ৰহ কৰে । ইয়াৰ প্ৰত্যুত্তৰ ভাৰতীয় দলটোৱে বেটিং কৰিবলৈ গৈ ১৯ অভাৰত আটাইকেইটা উইকেট হেৰুৱাই ১০২ ৰাণ সংগ্ৰহ কৰে ।
লগতে পঢ়ক:মহিলা টি-20 বিশ্বকাপ 2024 ৰ দল ঘোষণা: দলত অন্তৰ্ভুক্ত অসমৰ উমা ছেত্ৰী - WOMENS T20 World Cup 2024
প্ৰথমে বেটিং কৰি নিউজীলেণ্ডে মেচখনত এক সুন্দৰ আৰম্ভণি কৰে । ছুজি বেটছ আৰু জৰ্জিয়া প্লিমাৰে প্ৰথম উইকেটৰ বাবে ৬৭ ৰাণৰ অংশীদাৰিত্বৰে শক্তিশালী আৰম্ভণি কৰে । বেটছে ২৭ ৰাণৰ ইনিংছ খেলাৰ বিপৰীতে প্লিমাৰে ৩৪ ৰাণ সংগ্ৰহ কৰে । নিউজীলেণ্ডৰ অধিনায়ক ছফী ডেভিনে ৫৭ ৰাণৰ অপৰাজিত ইনিংছ খেলি দলটোক ১৬০ ৰাণলৈ লৈ যায় । অৱশ্যে আমেলিয়া কাৰ (১৩) আৰু ব্ৰুক হেলিডে (১৬)য়ে বিশেষ একো কৰিব নোৱাৰিলেও আনটো মূৰৰ পৰা অধিনায়ক ডিভাইনে ইনিংছ নিয়ন্ত্ৰণত ৰাখি দলটোক সন্মানজনক স্ক’ৰলৈ লৈ যায় ।
ভাৰতৰ হৈ ৰেনুকা সিঙে ২টা উইকেট দখল কৰাৰ বিপৰীতে অৰুন্ধতী ৰেড্ডী আৰু আশা সোভানাই ১টাকৈ উইকেট দখল কৰে ।
ইফালে নিউজীলেণ্ডৰ ১৬৪ ৰাণ অনুসৰণ কৰি বেটিং কৰিবলৈ অহা ভাৰতীয় মহিলা ক্ৰিকেট দলটোৰ আৰম্ভণি ভাল নাছিল । ভাৰতীয় অ’পেনিং বেটছমেন শ্বেফালী বাৰ্মাই মাত্ৰ দুই ৰাণ সংগ্ৰহ কৰি পেভিলিয়নমুখী হয় । ইয়াৰ পাছত অভিজ্ঞ বেটছমেন স্মৃতি মান্ধনাই ভাৰতীয় অধিনায়ক কৌৰৰ সৈতে ইনিংছটো আগুৱাই নিয়াৰ চেষ্টা কৰে যদিও তেওঁ বেছিসময় ক্ৰীজত টিকি থাকিব নোৱাৰি ব্যক্তিগত ১২ ৰাণ সংগ্ৰহ কৰি উইকেট হেৰুৱায় ।