স্প’ৰ্টছ ডেস্ক: আই চি চি চেম্পিয়নছ ট্ৰফী 2025 ক লৈ অব্যাহত আছে বিতৰ্ক ৷ ইতিমধ্যে এই প্ৰতিযোগিতাত অংশগ্ৰহণৰ বাবে পাকিস্তানলৈ নোযোৱাটো নিশ্চিত হৈছে ভাৰতৰ ৷
বিশ্বৰ সৰ্ববৃহৎ ক্ৰিকেট ব'ৰ্ডৰ এই সিদ্ধান্তৰ পিছৰে পৰা সমস্যা বৃদ্ধি পাইছে পাকিস্তান ক্ৰিকেট ব'ৰ্ডৰ (পি চি বি) ৰ ৷ শেহতীয়া খবৰ অনুসৰি, আয়োজকৰ দায়িত্বত থকা পাকিস্তানে এই প্ৰতিযোগিতাৰ পৰা নাম প্ৰত্যাহাৰ কৰাৰ সম্ভাৱনা আছে ৷
চেম্পিয়নছ ট্ৰফী 2025 দক্ষিণ আফ্ৰিকাই আয়োজন কৰাৰ সম্ভাৱনা
সংবাদ সংস্থা পি টি আইৰ দ্বাৰা প্ৰকাশিত এক প্ৰতিবেদন অনুসৰি, যদি পাকিস্তান ক্ৰিকেট ব’ৰ্ডে (পি চি বি) হাইব্ৰিড মডেল অস্বীকাৰ কৰে, তেন্তে আই চি চি চেম্পিয়নছ ট্ৰফী 2025 দক্ষিণ আফ্ৰিকাত অনুষ্ঠিত হ'ব পাৰে । প্ৰতিযোগিতাখনত ভাৰতৰ অংশগ্ৰহণক লৈ ইতিমধ্যে যথেষ্ট আলোচনা হৈছে আৰু দলটোৱে দেশখন ভ্ৰমণ কৰিবলৈ অস্বীকাৰ কৰিছে ।
লগতে, আন্তৰ্জাতিক ক্ৰিকেট পৰিষদে (আই চি চি) পি চি বি-লৈ এক মেইল প্ৰেৰণ কৰিছে, য’ত উল্লেখ কৰা হৈছে যে পাকিস্তান ভ্ৰমণৰ পৰা বিৰত থাকিব ভাৰত ৷ আই চি চি-য়ে হাইব্ৰিড মডেলক লৈ সন্মতি প্ৰকাশ কৰিলে পি চি বি-ক সম্পূৰ্ণ হোষ্টিং মাচুল দিয়া হোৱাৰ কথাও নিশ্চিত কৰা হৈছে ।
হাইব্ৰিড মডেলত খেলিবলৈ ভাৰত সাজু
আন্তৰ্জাতিক ক্ৰিকেট পৰিষদে (আই চি চি) পাকিস্তান ক্ৰিকেট ব'ৰ্ডলৈ (পি চি বি) পত্ৰ লিখি প্ৰতিযোগিতাখনত অংশগ্ৰহণৰ সন্দৰ্ভত ভাৰতৰ সিদ্ধান্তৰ বিষয়ে অৱগত কৰিছে । ইয়াত উল্লেখ কৰা হৈছে যে, বৰ্তমানৰ পৰিকল্পনা অনুসৰি সংযুক্ত আৰৱ আমিৰশ্বাহীত ভাৰতৰ মেচসমূহ আৰু ডুবাইত ফাইনেল মেচ আয়োজন কৰা হ’ব । প্ৰতিযোগিতাখন অহা বছৰৰ 19 ফেব্ৰুৱাৰীৰ পৰা 9 মাৰ্চলৈ অনুষ্ঠিত হ'ব ।