স্পৰ্টছ ডেস্ক,২৬ মাৰ্চ :অসমৰ ক্ৰিকেটপ্ৰেমীৰ বাবে সুখবৰ । চলিত ইণ্ডিয়ান প্ৰিমিয়াৰ লীগৰ দুখনকৈ গুৰুত্বপূৰ্ণ মেচ গুৱাহাটীৰ বৰ্ষাপাৰা ষ্টেডিয়ামত অনুষ্ঠিত হ'ব । ৰাজস্থান ৰয়েলছৰ দ্বিতীয়খন ঘৰুৱা খেলপথাৰ গুৱাহাটীত এতিয়া আইপিএল মেচ দুখনৰ বাবে ব্যাপক প্ৰস্তুতি আৰম্ভ হৈছে । আইপিএলৰ সময়সূচী অনুসৰি অহা ১৫ মে'ত গুৱাহাটীৰ বৰ্ষাপাৰা ষ্টেডিয়ামত এইটো ছিজনৰ প্ৰথমখন মেচ অনুষ্ঠিত হ'ব । খেলখন ঘৰুৱা দল ৰাজস্থান আৰু পাঞ্জাব কিংছৰ মাজত অনুষ্ঠিত হ'ব । একেদৰে ১৯ মে'ত ৰাজস্থান ৰয়েলছে বৰ্ষাপাৰাত কলকাতা নাইট ৰাইডাৰ্ছৰ মুখামুখি হ'ব । এইখন ৰাজস্থান ৰয়েলছৰ এইবছৰৰ অন্তিম লীগ মেচ হ'ব ।
একেৰাহে দ্বিতীয়বাৰৰ বাবে গুৱাহাটীত আইপিএল মেচ অনুষ্ঠিত হোৱাক লৈ এতিয়া ৰাজ্যখনত ব্যাপক উছাহ দেখিবলৈ পোৱা গৈছে । অসম ক্ৰিকেট সন্থাইয়ো মেচকেইখন সফলভাৱে অনুষ্ঠিত কৰিবলৈ প্ৰস্তুতি আৰম্ভ কৰিছে । উল্লেখ্য যে ২০২৩ বৰ্ষৰ আইপিএল ছিজনত গুৱাহাটীত দুখন মেচ হৈছিল । ৰাজস্থান ৰয়েলছে পাঞ্জাব কিংছ আৰু দিল্লী কেপিটেলছৰ বিৰুদ্ধে খেলিছিল ।