স্প’ৰ্টছ ডেস্ক: ভাৰতৰ যুৱ দবা খেলুৱৈ ডি গুকেশে 18 বছৰ বয়সত সৰ্বকনিষ্ঠ বিশ্ব দবা চেম্পিয়নৰ খিতাপ অৰ্জন কৰি ৰচিছে ইতিহাস । গুগলে খেলুৱৈগৰাকীক অভিবাদন জনাই এক দৰ্শনীয় ডুডল সৃষ্টিৰে ঐতিহাসিক মুহূৰ্তটো উদযাপন কৰা দেখা গৈছে ।
ভাৰতীয় খেলুৱৈগৰাকীয়ে বৃহস্পতিবাৰে চীনৰ ডিফেণ্ডিং চেম্পিয়ন ডিং লিৰেনক পৰাস্ত কৰি সৰ্বকনিষ্ঠ দবা সম্ৰাটৰ খিতাপ অৰ্জন কৰে ৷ তাৰপিছতে গুগলে ডুডলৰ জৰিয়তে হালধীয়া, ৰঙা, নীলা আৰু বগা ৰং ব্যৱহাৰ কৰি দবাত ব্যৱহৃত সঁজুলিবোৰ গ্ৰাফিক্সৰ সহায়ত উপস্থাপন কৰি চেম্পিয়নগৰাকীক সন্মান জনায় ৷
ডুডলত ক্লিক কৰাৰ পিছত ইউজাৰ্ছসকলক 'দবা উদযাপন' পৃষ্ঠালৈ লৈ যোৱা হয় । বৃহস্পতিবাৰৰ সন্ধিয়াৰ এই খেলখনত ভংগ হৈছিল বহুতো অভিলেখ । বিশ্ব চেম্পিয়নশ্বিপৰ 138 বছৰীয়া ইতিহাসত প্ৰথমবাৰৰ বাবে এছিয়াৰ দুগৰাকী প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰিছিল । ইয়াত প্ৰাক্তন বিশ্ব চেম্পিয়ন ডিং লিৰেন আৰু ভাৰতৰ প্ৰত্যাহ্বানকাৰী ডোমৰাজু গুকেশে অংশগ্ৰহণ কৰিছিল ৷ গুকেশৰ পূৰ্বে ৰাছিয়ান গ্ৰেণ্ডমাষ্টাৰ গেৰী কাস্পাৰোভ আছিল সৰ্বকনিষ্ঠ বিশ্ব দবা চেম্পিয়ন ৷ তেওঁ 1985 চনত 22 বছৰ বয়সত এই খিতাপ জয় কৰিছিল ।