অসম

assam

ETV Bharat / sports

ৰোহিত শৰ্মাৰ অনুপস্থিতিত কোন হ’ব অধিনায়ক ? - BORDER GAVASKAR TROPHY 2024

Gautam Gambhir Press Conference: পাৰ্থত অনুষ্ঠিত হ'বলগীয়া ভাৰত-অষ্ট্ৰেলিয়াৰ প্ৰথমখন টেষ্টত ৰোহিত শৰ্মাৰ উপস্থিতি সন্দৰ্ভত অনিশ্চয়তা ৷ তেন্তে কোন হ'ব টীম ইণ্ডিয়াৰ অধিনায়ক ?

BORDER GAVASKAR TROPHY 2024
গৌতম গম্ভীৰৰ সংবাদমেল (IANS Photo)

By ETV Bharat Sports Team

Published : Nov 11, 2024, 1:32 PM IST

স্প’ৰ্টছ ডেস্ক: বৰ্ডাৰ-গাভাস্কাৰ ট্ৰফীৰ প্ৰথমখন টেষ্টত উপলব্ধ নহ’ব পাৰে টীম ইণ্ডিয়াৰ নিয়মীয়া অধিনায়ক ৰোহিত শৰ্মা ৷ এই কথা সদৰী কৰিছে দলটোৰ মুখ্য প্ৰশিক্ষক গৌতম গম্ভীৰে ৷

তেন্তে কাক দিয়া হ’ব দলৰ অধিনায়কৰ ভাৰ ? সেয়া বৰ্তমান সময়ত এক লাখটকীয়া প্ৰশ্ন ৷ এই সকলোবোৰ প্ৰশ্নৰ উত্তৰ লৈ সোমবাৰে এক সংবাদমেল সম্বোধন কৰে টীম ইণ্ডিয়াৰ মুখ্য প্ৰশিক্ষকগৰাকীয়ে ৷

গৌতম গম্ভীৰ (IANS Photo)

গৌতম গম্ভীৰে সংবাদমেলত সদৰী কৰা অনুসৰি, দলটোৰ নিয়মীয়া অধিনায়ক ৰোহিত শৰ্মাৰ অনুপস্থিতিত এই দায়িত্ব বহন কৰিব পেচাৰ যশপ্ৰীত বুমৰাহে ৷ শৃংখলাটোৰ প্ৰথমখন খেল 22 নৱেম্বৰত পাৰ্থত আৰম্ভ হ'ব ।

যশপ্ৰীত বুমৰাহৰ ওপৰত দলৰ অধিনায়কত্বৰ ভাৰ

শৃংখলাটোৰ বাবে অষ্ট্ৰেলিয়ালৈ ৰাওনা হোৱাৰ পূৰ্বে সোমবাৰে মুম্বাইত এখন সংবাদমেলত গম্ভীৰে কয়, "বুমৰাহ দলটোৰ সহ অধিনায়ক ৷ যদি ৰোহিত উপলব্ধ নহয়, তেন্তে তেওঁ পাৰ্থত অধিনায়কত্ব কৰিব" ৷

গম্ভীৰৰ মতে, যদিও ৰোহিত শৰ্মা এই মুহূৰ্তত দলটোৰ সৈতে নাই, তথাপিও তেওঁক শৃংখলাটোৰ প্ৰথমখন খেলৰ পৰা আনুষ্ঠানিকভাৱে বাদ দিয়া হোৱা নাই ।

টীম ইণ্ডিয়াৰ দ্বিতীয়টো দল অষ্ট্ৰেলিয়ালৈ ৰাওনা হোৱাৰ পূৰ্বে গম্ভীৰে এখন সংবাদমেলত কয়, "আমি আপোনালোকক জনাব পৰাকৈ এই মুহূৰ্তত কোনো নিশ্চিতি নাই পৰিস্থিতি কি হ'ব ৷ আশা কৰো তেওঁ উপলব্ধ হ'ব ৷ কিন্তু শৃংখলাটোৰ আৰম্ভণিতে আমি সকলো জানিব পাৰিম" ।

কে এল ৰাহুল বা অভিমন্যু ঈশ্বৰণ হ'ব অ’পেনিং বিকল্প

ভাৰতীয় দলটোৱে দুটা পৃথক দলত ভাগ হৈ ৰাওনা হৈছে অষ্ট্ৰেলিয়ালৈ ৷ প্ৰথমটো দল 10 নৱেম্বৰত ৰাওনা হোৱাৰ বিপৰীতে সোমবাৰে দ্বিতীয়টো দল ৰাওনা হ’ব ৷ অৱশ্যে ৰোহিতৰ অনুপস্থিতিত টীম মেনেজমেণ্টৰ হৈ মুখ্য প্ৰশিক্ষক গৌতম গম্ভীৰে বিকল্প নামবোৰ ঘোষণা কৰিছে ৷

এনে পৰিস্থিতিত অভিমন্যু ঈশ্বৰণ আৰু কে এল ৰাহুল অপেনিং বিকল্প হিচাপে লৈ আগবাঢ়িবলৈ সাজু হৈছে টীম ইণ্ডিয়া ৷

"নিশ্চিতভাৱে তাত (অভিমন্যু) ঈশ্বৰণ আৰু কে এল (ৰাহুল) আছে । গতিকে যদি ৰোহিত উপলব্ধ নহয়, আমি প্ৰথম টেষ্ট মেচৰ পূৰ্বে সিদ্ধান্ত ল’ম । বিকল্প আছে, এনে নহয় যে কোনো বিকল্প নাই । দলটোত বহুতো বিকল্প আছে" ৷

পাৰ্থত হ’ব নেট অনুশীলন

দলটোৰ প্ৰস্তুতি পৰ্যায়ত কোনো ত্ৰুটি নাৰাখিবলৈ টীম ইণ্ডিয়াই পাৰ্থত আয়োজন কৰিছে শিবিৰৰ ৷ য’ত অংশগ্ৰহণ কৰিব ভাৰত এ দলৰ খেলুৱৈসকলে ৷ অনুশীলন মেচৰ পৰিৱৰ্তে মেনেজমেণ্টে চাৰিখন টেষ্টৰ কঠিন শৃংখলাটোৰ পূৰ্বে ভালদৰে প্ৰস্তুতি কৰিবলৈ চেণ্টাৰ-উইকেট অনুশীলনৰ বাবে বাছনি কৰিছে ।

লগতে পঢ়ক:আৰিয়ানৰ পৰা আনায়ালৈ... প্ৰাক্তন ভাৰতীয় ক্ৰিকেটাৰৰ পুত্ৰৰ ভিডিঅ’ই লগাইছে তোলপাৰ

ABOUT THE AUTHOR

...view details