অসম

assam

ETV Bharat / sports

মুখ্য প্ৰশিক্ষক হ'বলৈ সম্পূৰ্ণ সাজু গৌতম গম্ভীৰ - India Team New Head Coach

India Team New Head Coach : ভাৰতীয় দলৰ নতুন প্ৰশিক্ষক কোন হ'ব, তাক লৈ জল্পনা কল্পনা অব্যাহত আছে । অৱশ্যে গৌতম গম্ভীৰে হ'ব দলৰ মুখ্য প্ৰশিক্ষক । এই মাহৰ শেষৰফালে বিচিচিআইয়ে তেওঁৰ নাম ঘোষণা কৰাৰ পূৰ্ণ সম্ভাৱনা আছে ।

India Team New Head Coach
মুখ্য প্ৰশিক্ষক হ'বলৈ সম্পূৰ্ণ সাজু গৌতম গম্ভীৰ (IANS)

By ETV Bharat Assamese Team

Published : Jun 16, 2024, 2:11 PM IST

স্পৰ্টছ ডেস্ক, ১৬ জুন :চলিত টি-২০ বিশ্বকাপ আৰম্ভ হোৱাৰ পূৰ্বে বিচিচিআইয়ে ভাৰতীয় ক্ৰিকেট দলৰ মুখ্য প্ৰশিক্ষকৰ পদৰ বাবে বিজ্ঞাপন প্ৰকাশ কৰিছিল । কিন্তু নতুন মুখ্য প্ৰশিক্ষকৰ বাবে বিচিচিআইৰ সন্ধান এতিয়া প্ৰায় সম্পূৰ্ণ হোৱাৰ পথত । কিয়নো প্ৰাক্তন ভাৰতীয় ক্ৰিকেটাৰ গৌতম গম্ভীৰে ভাৰতৰ প্ৰশিক্ষক হ'বলৈ সাজু হৈছে ।

সংবাদ মাধ্যমৰ বাতৰি অনুসৰি গৌতম গম্ভীৰেই ৰাহুল দ্ৰাবিড়ৰ স্থান ল'ব । সূত্ৰৰ মতে ভাৰতীয় ক্ৰিকেট দলৰ মুখ্য প্ৰশিক্ষকৰ বাবে এই মাহৰ শেষৰ ফালে গৌতম গম্ভীৰৰ নাম ঘোষণা কৰাৰ সম্ভাৱনা আছে । উল্লেখ্য যে টি-২০ বিশ্বকাপ ২০২৪ ৰ পিচতে ৰাহুল দ্ৰাবিড়ৰ কাৰ্যকাল সমাপ্ত হ'ব । মুখ্য প্ৰশিক্ষক হিচাপে ৰাহুল দ্ৰাবিড়ৰ কাৰ্যকাল ২০২৪ চনৰ ৩০ জুনত সমাপ্ত হ'ব । এনে পৰিস্থিতিত আশা কৰা হৈছে যে ভাৰতীয় দলৰ নতুন প্ৰশিক্ষকৰ নাম ২৫ জুনৰ পৰা ৩০ জুনৰ ভিতৰত ঘোষণা কৰিব পাৰে ।

আনহাতে এই পদৰ বাবে গৌতম গম্ভীৰ নাম ঘোষণা কৰাৰ পূৰ্ণ সম্ভাৱনা আছে । গম্ভীৰৰ কাৰ্যকালৰ বিষয়ে ক'বলৈ গ'লে তেওঁ ১ জুলাইৰ পৰা ২০২৭ চনৰ ৩১ ডিচেম্বৰলৈ ভাৰতীয় দলৰ প্ৰশিক্ষক হিচাপে থাকিব পাৰে । বিচিচিআইয়ে নতুন প্ৰশিক্ষকৰ বাবে এই সময় নিৰ্ধাৰণ কৰিছে । গম্ভীৰে শেহতীয়াকৈ কলকাতা নাইট ৰাইডাৰ্ছৰ মেণ্টৰ হিচাপে দায়িত্ব গ্ৰহণ কৰিছিল আৰু দলটোৱে আইপিএল ২০২৪ৰ খিতাপো অৰ্জন কৰিছিল ।

ৰাহুল দ্ৰাবিড়ৰ নেতৃত্বত ভাৰতীয় দলে এতিয়ালৈ কোনো আইচিচি ট্ৰফী লাভ কৰা নাই । তেওঁৰ কাৰ্যকালত ভাৰতীয় দলে টি-২০ বিশ্বকাপ ২০২২ৰ ছেমি ফাইনেল, এদিনীয়া বিশ্বকাপ ২০২৩ৰ ফাইনেল আৰু বিশ্ব টেষ্ট চেম্পিয়নশ্বিপ ২০২৩ৰ ফাইনেল খেলিছে । কিন্তু ৰাহুলে কাৰ্যকালৰ অন্তিম সময়খিনিত ভাৰতীয় দলক আইচিচি টি-২০ বিশ্বকাপ ট্ৰফী দিব পাৰিব নে ?

লগতে পঢ়ক :খেল বাতিল হ'লেও কোহলীৰ সৈতে ফটো তোলাত ব্যস্ত কানাডাৰ খেলুৱৈ - T20 World Cup 2024

ABOUT THE AUTHOR

...view details