স্প’ৰ্টছ ডেস্ক, 20 ছেপ্টেম্বৰ : নিষিদ্ধ দ্ৰব্য ড্ৰাগছৰ চোৰাং ব্যৱসায়ত জড়িত থকা এগৰাকী তাৰকা খেলুৱৈৰ কথা শেহতীয়াকৈ পোহৰলৈ আহিছে ৷ দীৰ্ঘদিনৰে পৰা ড্ৰাগছৰ ব্যৱসায়ত জড়িত থকা খেলুৱৈগৰাকী অৱশেষত হাতে-লোটে ধৰা পৰে ৷ বেংককৰ পৰা উভতি অহাৰ সময়তে ষ্টেনষ্টেড বিমানবন্দৰ কৰ্তৃপক্ষৰ হাতত ধৰা পৰে খেলুৱৈগৰাকী ৷
বিমানবন্দৰ কৰ্তৃপক্ষই খেলুৱৈগৰাকীক প্ৰথমে আটক কৰি জব্দ কৰে 6 লাখ পাউণ্ড (ভাৰতীয় হিচাপত প্ৰায় 6 কোটি 66 লাখ) মূল্যৰ গাঞ্জা ৷ বৃটেইনৰ সীমান্ত বাহিনীৰ এজেণ্টে ছুটকেছত লুকুৱাই অনা অৱস্থাত জব্দ কৰে গাঞ্জাখিনি ৷
চোৰাং গাঞ্জাৰ ব্যৱসায়ত লিপ্ত এই তাৰকা খেলুৱৈগৰাকী হৈছে আৰ্চেনালৰ প্ৰাক্তন খেলুৱৈ জে ইমানুৱেল থমাছ(33) ৷ গ্ৰীণক মৰ্টনৰ এই ষ্ট্ৰাইকাৰগৰাকীয়ে চলিত বছৰতে বিনামূলীয়া স্থানান্তৰ সূত্ৰে দলটোত যোগদান কৰিছিল ।
- 60 কেজি গাঞ্জা সৰবৰাহৰ অভিযোগ
ৰাষ্ট্ৰীয় অপৰাধ শাখাৰ তথ্য অনুসৰি, খেলুৱৈগৰাকীয়ে দুটা ছুটকেছত কঢ়িয়াই আনিছিল প্ৰায় 60 কেজি গাঞ্জা ৷ থমাছক আটক কৰাৰ পিছত এন চি এ-ৰ এজেণ্টে ফুটবলাৰগৰাকীৰ বিৰুদ্ধে ‘বি’ শ্ৰেণীৰ পদাৰ্থ আমদানি কৰাৰ অভিযোগ উত্থাপন কৰে ৷ যিটোক পূৰ্বে প্ৰশিক্ষক আৰ্চেন ৱেংগাৰে ‘‘উৎকৃষ্ট মান’’ৰ বুলি অভিহিত কৰিছিল ।