স্প’ৰ্টছ ডেস্ক, 8 ছেপ্টেম্বৰ:দুলীপ ট্ৰফীত খেলুৱৈসকলৰ উন্নত প্ৰদৰ্শন দেখা গৈছে । এই প্ৰতিযোগিতাত ভাৰত এ বনাম ভাৰত বি-ৰ মাজত খেলা খেলখনত মুছিৰ খানে 181 ৰাণ সংগ্ৰহ কৰে ৷ বিপৰীতে মানৱ সুথাৰে ভাৰত চি-ৰ উদ্বোধনী খেলখনত আগবঢ়াই সুন্দৰ প্ৰদৰ্শন ৷ মানৱে ভাৰত ডি-ৰ বিৰুদ্ধে দখল কৰিছিল সাতটা উইকেট ।
মানৱ সুথাৰে তেওঁৰ দৰ্শনীয় প্ৰদৰ্শনৰ ভিত্তিত প্ৰতিযোগিতাখনত গঢ়িছিল এটা নতুন অভিলেখ । সুথাৰে দুলীপ ট্ৰফীত আত্মপ্ৰকাশ ঘটাই এটা ইনিংছত 7 টাকৈ উইকেট দখল কৰি অভিলেখ গঢ়ে, যিটো দুলীপ ট্ৰফীৰ অভিষেকত সৰ্বশ্ৰেষ্ঠ প্ৰদৰ্শন । খেলুৱৈগৰাকীয়ে তামিলনাডুৰ স্পিনাৰ আৰ চাই কিশোৰক অতিক্ৰম কৰি এই অভিলেখ গঢ়ে ৷
প্ৰথম ইনিংছত দুৰ্বল আৰম্ভণি হোৱা স্বত্বেও সুথাৰে দ্বিতীয় ইনিংছত সাতটা উইকেট ল'বলৈ সক্ষম হয় । তেওঁ প্ৰথম ইনিংছত মাত্ৰ এটা উইকেট লাভ কৰিছিল । ভাৰত চি-য়ে ভাৰত ডি-ৰ বিৰুদ্ধে খেলখন এদিন আৰু চাৰিটা উইকেটত জিকিছিল । 22 বছৰীয়া সুথাৰে এককভাৱে ভাৰত ডি-ৰ মিডল অৰ্ডাৰ বেটিঙৰ বেটছমেনসকলক আগুৱাই নি নিজৰ আধিপত্য প্ৰদৰ্শন কৰিছিল ।