গুৱাহাটী: অসম সন্তান দেৱজিৎ লন শইকীয়া ভাৰতীয় ক্রিকেট নিয়ন্ত্রণ ব'ৰ্ডৰ (বি চি চি আই) সচিব পদত অধিষ্ঠিত হোৱাটো নিশ্চিত । কেৱল আনুষ্ঠানিক ঘোষণাহে বাকী আছে । বি চি চি আইৰ সচিব পদ গ্রহণ কৰিবলগীয়া দেৱজিৎ লন শইকীয়া অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰথমজন ব্যক্তি হ'ব । শনিবাৰে বি চি চি আইৰ সচিব পদৰ লগতে কোষাধ্যক্ষ পদৰ বাবে মনোনয়ন-পত্ৰ দাখিলৰ অন্তিম দিন আছিল । সচিব পদত মনোনয়ন-পত্ৰ দাখিল কৰা দেৱজিৎ লন শইকীয়া একমাত্র প্রার্থী ।
আনহাতে কোষাধ্যক্ষ পদত কেৱল প্রভতেজ ভাটিয়াইহে মনোনয়ন-পত্ৰ দাখিল কৰিছে । উল্লেখ্য যে, জয় শ্বাহে আন্তঃৰাষ্ট্ৰীয় ক্রিকেট পৰিষদৰ (আই চি চি) অধ্যক্ষৰ পদ গ্রহণ কৰাৰ পাছত বি চি চি আইৰ সচিব পদটো খালী হৈ আছিল । যাৰবাবে বি চি চি আইৰ সভাপতি ৰ'জাৰ বিন্নীয়ে দেৱজিৎ লন শইকীয়াক বি চি চি আইৰ অন্তৱৰ্তী সচিবৰূপে নিযুক্ত কৰিছিল । ১২ জানুৱাৰীত বি চি চি আইৰ বিশেষ সাধাৰণ বৈঠক অনুষ্ঠিত হ'ব । সেই বৈঠকতে বি চি চি আইৰ সচিব হিচাপে দেৱজিৎ লন শইকীয়াৰ নাম আনুষ্ঠানিকভাৱে ঘোষণা কৰা হ'ব । বিনা প্ৰতিদ্বন্দ্বিতাৰে সচিব নিযুক্ত হ’ব শইকীয়া ৷