স্প’ৰ্টছ ডেস্ক, 11 অক্টোবৰ: সাম্প্ৰতিক সময়ত ৰাজ্য ভৰি পৰিছে লক্ষাধিক নিবনুৱাৰে ৷ য’ৰ প্ৰায়খিনিয়েই শিক্ষিত নিবনুৱা ৷ কিন্তু তাৰমাজতে এটা ভাল খবৰ ৷ হোটেল ক্ষেত্ৰত কাম কৰিবলৈ বিচাৰি থকা লোকৰ বাবে আছে এই সুখবৰ ৷
সকলোৱে জানে যে, বিশ্বৰ অন্যতম ধনী তথা জনপ্ৰিয় ফুটবলাৰ হৈছে ক্ৰিষ্টিয়ানো ৰ’নাল্ডো ৷ পৰ্তুগীজ ফুটবলাৰ ক্রিষ্টিয়ানো ৰ’নাল্ডো বিশ্বৰ সৰ্বাধিক দৰমহা লাভ কৰা খেলুৱৈ হিচাপে পৰিচিত । 39 বছৰীয়া ৰ’নাল্ডো ফুটবলৰ উপৰিও বিভিন্ন উদ্যোগৰ সৈতে জড়িত ৷ তাৰ ভিতৰত এটা হৈছে হোটেল উদ্যোগ ৷
2015 চনৰ পৰাই তাৰকাযুক্ত হোটেলৰ ব্যৱসায়ৰ সৈতে জড়িত হৈ আহিছে পৰ্তুগীজ ফুটবলাৰ ৰ’নাল্ডো । পেষ্টানা হোটেল গ্ৰুপৰ সৈতে হোটেল ব্যৱসায়ৰ সৈতে জড়িত হৈ আছে ফুটবলাৰগৰাকী । খবৰ অনুসৰি, ৰ’নাল্ডোৱে প্ৰায় 3 কোটি পাউণ্ড ধন এইক্ষেত্ৰত বিনিয়োগ কৰিছে ।
ৰ’নাল্ডোৱে পৰ্তুগালৰ মেট্ৰিয়াৰ ফুনচালত পেষ্টানা চি আৰ 7 গ্ৰেন ভিয়া নামেৰে প্ৰথমখন হোটেল গ্ৰাহকৰ বাবে মুকলি কৰিছিল । বৰ্তমান মাদ্ৰিদ, ফুনচাল, লিছবন, মাৰাকেচ আৰু নিউয়ৰ্কৰ দৰে বিশ্বৰ আগশাৰীৰ চহৰসমূহত আছে ৰ’নাল্ডোৰ হোটেল ।
ৰ’নাল্ডোৰ পেষ্টানা চি আৰ 7 গ্ৰেন ভিয়া হোটেল বিশ্বৰ পাঁচখন অন্যতম ধনী চহৰত সফলতাৰে চলি আছে । সম্প্ৰতি মাদ্ৰিদৰ চাৰি তাৰকাযুক্ত হোটেলখনৰ বিভিন্ন পদত নিযুক্তিৰ বাবে প্ৰকাশ কৰা হৈছে বিজ্ঞাপন । ওৱেটাৰ, ছুপাৰভাইজাৰ, ৰিচেপচ’নিষ্ট, বাৰ এচিষ্টেণ্ট, জুনিয়ৰ ওৱেটাৰৰ খালী পদৰ বাবে প্ৰকাশ কৰা হৈছে বিজ্ঞাপন ৷