স্প’ৰ্টছ ডেস্ক, 22 আগষ্ট:দুভৰিৰ যাদুৰে হাজাৰ হাজাৰ অনুৰাগীৰ হৃদয় জিনিবলৈ সক্ষম হোৱা পৰ্তুগালৰ জনপ্ৰিয় ফুটবল খেলুৱৈ ক্ৰিষ্টিয়ানো ৰ’নাল্ডোৰ ইউ টিউবতো জনপ্ৰিয়তা ৷ ফুটবলাৰগৰাকীয়ে নিজৰ নামত মুকলি কৰা ইউটিউব চেনেলটোৱে মুকলিৰ 90 মিনিটৰ ভিতৰতে গঢ়ে অভিলেখ ৷ প্ৰায় 1 মিলিয়ন অৰ্থাৎ 10 লাখ অনুৰাগীয়ে অতি কম সময়ৰ ভিতৰতে ৰ’নাল্ডোৰ চেনেলটো ছাচক্ৰাইব কৰে ৷
প্ৰবীণ ফুটবলাৰগৰাকীয়ে চেনেল মুকলি কৰাৰ 24 ঘণ্টাও অতিক্ৰম নকৰোঁতে এই অভিলেখ গঢ়ে ৷ প্ৰায় 11.5 নিযুত অনুৰাগীয়ে এই চেনেল ছাচক্ৰাইব কৰা বুলি জানিব পৰা গৈছে ৷ এই চেনেল মুকলি সন্দৰ্ভত ফুটবলাৰগৰাকীয়ে সামাজিক মাধ্যমত প্ৰকাশ কৰিছিল ৷ ইতিমধ্যে তেওঁ গ’ল্ডেন বাটন লাভ কৰিছে ৷
ইউ টিউবৰ বাহিৰেও ৰ’নাল্ডোৰ এক্স একাউণ্টত আছে 112.6 নিযুত, ফেচবুকত 170 নিযুত আৰু ইনষ্টাগ্ৰামত 636 নিযুত অনুৰাগী ৷ খেলপথাৰৰ সমানে সমানে সামাজিক মাধ্যমতো সমানে জনপ্ৰিয় পৰ্তুগীজৰ ফুটবলাৰগৰাকী ৷
"অপেক্ষাৰ অন্ত পৰিছে । মোৰ @YouTube চেনেলটো অৱশেষত মুকলি কৰা হৈছে ! SIUUUbscribe চাচক্ৰাইব কৰক আৰু এই নতুন যাত্ৰাত মোৰ সৈতে যোগ দিয়ক," ৰ’নাল্ডোৱে এনেদৰে নিজৰ সামাজিক মাধ্যমৰ একাউণ্টত পোষ্ট কৰিছিল । ফুটবলাৰগৰাকীয়ে তেওঁৰ চেনেলটোৰ নাম দিছে- ইউ আৰ ক্ৰিষ্টিয়ানো ।