স্প’ৰ্টছ ডেস্ক, 22 আগষ্ট:পৰ্তুগালৰ তাৰকা ফুটবলাৰ ক্ৰিষ্টিয়ানো ৰ’নাল্ডোৱে নিজৰ ইউ টিউব চেনেল মুকলি কৰি সৃষ্টি কৰিছে এক আলোড়ন । জনপ্ৰিয় ফুটবলাৰগৰাকী পৃথিৱীৰ আটাইতকৈ বিখ্যাত ব্যক্তিসকলৰ মাজৰে এজন বুলি তেওঁৰ জনপ্ৰিয়তাই আকৌ এবাৰ প্ৰমাণ কৰিলে । কেৱল সৰ্বকালৰ শ্ৰেষ্ঠ ফুটবলাৰে নহয়, বৰ্তমান এগৰাকী চেলিব্ৰিটীত পৰিণত হৈছে ক্ৰিষ্টিয়ানো ৰ’নাল্ডো ৷
ইয়াৰ অৰ্থ হৈছে নতুনকৈ সৃষ্টি কৰা ইউ টিউব চেনেলৰ প্ৰাৰম্ভিক সফলতা দেখি কোনো আচৰিত নহয় । তথ্য অনুসৰি, আল-নাছৰ হৈছে ফৰৱাৰ্ড চৌদি প্ৰ’ লীগৰ সৰ্বাধিক উপাৰ্জন কৰা খেলুৱৈ । একে সময়তে ৰ’নাল্ডোৱে ইতিমধ্যে এণ্ডোৰ্চমেণ্ট আৰু বিভিন্ন ব্ৰেণ্ডৰ পৰা যথেষ্ট ধন উপাৰ্জন কৰিছে । সম্প্ৰতি জনপ্ৰিয় ফুটবলাৰগৰাকীয়ে "ইউ আৰ ক্ৰিষ্টিয়ানো" নামৰ ইউ টিউব চেনেলটো মুকলি কৰি অধিক উপাৰ্জন কৰিবলৈ সাজু হৈছে ।
90 মিনিটত 1 নিযুত গ্ৰাহক
ৰ’নাল্ডোৰ ইউ টিউব চেনেলটো আকস্মিকভাৱে মুকলি কৰা হয় ৷ অনুৰাগীসকলৰ জ্ঞাতাৰ্থে প্ৰথমদিনা চেনেলটোত আপলোড কৰা হৈছিল 12 টাকৈ ভিডিঅ’ । ফুটবলৰ খেলপথাৰত অভিলেখ ভংগ কৰাৰ বাবে ইতিমধ্যে ৰ’নাল্ডো জনাজাত যদিও ইউ টিউবৰ ক্ষেত্ৰতো সকলো অভিলেখ ভংগ কৰে 39 বছৰীয়া খেলুৱৈগৰাকীয়ে ৷
বুধবাৰে নিজৰ ইউ টিউব চেনেল মুকলিৰ প্ৰায় 90 মিনিটৰ ভিতৰতে চেনেলটো চাচক্ৰাইব কৰে এক মিলিয়ন(10,00,000) গ্ৰাহকে ৷ যিয়ে অতি কম সময়ৰ ভিতৰতে ইউ টিউবত কোনো চেনেল চাচক্ৰাইব কৰা সৰ্বাধিক গ্ৰাহকৰ অভিলেখ ভংগ কৰে ৷
ইউ টিউবৰ পৰা এদিনত কিমান উপাৰ্জন কৰিলে ৰ’নাল্ডোৱে ?