স্প’ৰ্টছ ডেস্ক, 4 অক্টোবৰ:পাকিস্তান আৰু ইংলেণ্ডৰ মাজত অনুষ্ঠিত হ'ব তিনিখন মেচৰ টেষ্ট শৃংখলা ৷ এই শৃংখলাৰ আয়োজকৰ দায়িত্বত আছে পাকিস্তান ৷ কিন্তু বৰ্তমান সময়ত পাকিস্তান ক্ৰিকেটৰ ভিতৰচ’ৰাত চলিছে অচলাৱস্থা ৷
এসপ্তাহৰ ভিতৰত পাকিস্তান ক্ৰিকেটত সংঘটিত হৈছে তৃতীয়টো অঘটন ৷ মহম্মদ ইউছুফ আৰু বাবৰ আজমৰ পিছত এগৰাকী পাকিস্তানী স্পিনাৰে আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটক জনাইছে বিদায় ।
পাকিস্তানৰ হৈ এখন এদিনীয়া আৰু 25 খন টি-20 মেচ খেলা লেগস্পিনাৰ ওছমান কাদিৰে ঘোষণা কৰিছে অৱসৰ । ওছমান কাদিৰ পাকিস্তানৰ প্ৰাক্তন টেষ্ট ক্ৰিকেটাৰ আব্দুল কাদিৰৰ পুত্ৰ ।
31 বছৰীয়া ওছমানে এদিনীয়াত এটা উইকেট আৰু টি-20 ত 31 টা উইকেট দখল কৰিছে । পাকিস্তানৰ বাহিৰেও ক্ৰিকেটাৰগৰাকীয়ে আন বহুতো ক্ৰিকেট লীগত অংশগ্ৰহণ কৰিছিল ৷ যাৰ ভিতৰত বি পি এল, বিগ বেছ লীগ আৰু চি পি এল আদি উল্লেখযোগ্য ।
পাকিস্তানী সংবাদ মাধ্যমৰ খবৰ অনুসৰি, পাকিস্তানী ব’ৰ্ডে ওছমান কাদিৰক লীগ মেচ খেলিবলৈ অনুমতি দিয়া নাছিল, যাৰ বাবে তেওঁ ঘোষণা কৰিছিল অৱসৰ । ইয়াৰ পূৰ্বে পাকিস্তান ক্ৰিকেট দলৰ বাছনি সমিতিৰ সদস্য মহম্মদ ইউছুফে কৰিছিল পদত্যাগ ৷
পৰৱৰ্তী সময়ত পাকিস্তানৰ এদিনীয়া আৰু টি-20 দলৰ অধিনায়ক বাবৰ আজমেও এৰিছিল অধিনায়কৰ পদ ৷ অৱশ্যে এই সকলোবোৰ ঘটনা পাকিস্তান-ইংলেণ্ডৰ টেষ্ট শৃংখলাৰ পূৰ্বে সংঘটিত হোৱাত বিমোৰত পৰিছে দলটো ৷ শৃংখলাটোৰ প্ৰথম আৰু দ্বিতীয়খন মেচ ক্ৰমে 7 আৰু 15 অক্টোবৰৰ পৰা মুলতান ক্ৰিকেট ষ্টেডিয়ামত আৰু 24 অক্টোবৰৰ পৰা ৰাৱালপিণ্ডিত তৃতীয়খন টেষ্ট অনুষ্ঠিত হ'ব ।
লগতে পঢ়ক:বাবৰ আজমৰ আকস্মিক সিদ্ধান্ত; সলনি হ’ব পাৰে এইগৰাকী ক্ৰিকেটাৰৰ ভাগ্য - PAKISTANI CRICKETER BABAR AZAM