স্প’ৰ্টছ ডেস্ক, 11 অক্টোবৰ:মুলতান টেষ্টত ইংলেণ্ডৰ বিৰুদ্ধে লজ্জাজনক পৰাজয় স্বীকাৰ কৰে পাকিস্তানে ৷ প্ৰথম ইনিংছত 500 ৰো অধিক ৰাণ সংগ্ৰহ কৰাৰ পিছতো মেচখন এটা ইনিংছত পৰাস্ত হোৱা প্ৰথমটো দল হিচাপে পৰিগণিত হয় পাকিস্তান ৷
ইংলেণ্ডৰ হৈ হেৰী ব্ৰুকে ত্ৰি-শতক আৰু জ’ ৰুটে দ্বি-শতক অৰ্জন কৰে ৷ জেক লিচে 7 টা উইকেট দখল কৰি আগবঢ়াই আকৰ্ষণীয় প্ৰদৰ্শন ।
পাকিস্তানৰ শোচনীয় প্ৰদৰ্শনৰ বাবে শুকুৰবাৰে একেৰাহে ষষ্ঠবাৰৰ বাবে টেষ্টত পৰাজয়ৰ সন্মুখীন হয় ৷ এই পৰাজয়ৰ পিছতে দলটোৱে ক্ৰিকেট অনুৰাগীৰ ক্ষোভৰ সন্মুখীন হোৱাৰ লগতে সামাজিক মাধ্যমত বিভিন্ন নেতিবাচক প্ৰতিক্ৰিয়া আৰু মন্তব্য লাভ কৰে ৷
সুমিত নামৰ এজন "এক্স" ব্যৱহাৰকাৰীয়ে ক্ৰিকেটৰ অগ্ৰগতি দেখুৱাই পোষ্ট কৰে এনেদৰে, "ক্ৰিকেটৰ জন্ম ইংলেণ্ডত, অষ্ট্ৰেলিয়াত উপনীত হৈছিল উন্নতিৰ শিখৰত কিন্তু মৃত্যু ঘটে পাকিস্তানত" ।