ETV Bharat / state

উজনিৰ কুখ্যাত তেলচুৰি চক্ৰৰ মাষ্টাৰমাইণ্ড আৰক্ষীৰ জালত - OIL THIEF ARRESTED

ডিমাপুৰলৈ ৰে'লযোগে পলাবলৈ চেষ্টা কৰোতেই তিনিচুকীয়া ৰে'লৱে ষ্টেচনত‌ গ্ৰেপ্তাৰ নিৰঞ্জন হাজৰিকা নামৰ তেলচোৰটোক ।

Oil thief arrested
উজনিৰ কুখ্যাত তেলচুৰি চক্ৰৰ মাষ্টাৰমাইণ্ড আৰক্ষীৰ জালত (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : Feb 6, 2025, 7:22 AM IST

ডিব্ৰুগড় : অপৰাধ ৰোধ কৰিবলৈ অসম আৰক্ষী কঠোৰ হৈছে যদিও উজনিত অব্যাহত আছে তেলচুৰিৰ ঘটনা । আৰক্ষীয়ে অভিযান চলাই বিভিন্ন সময়ত চোৰাং তেলৰ ঘাটি উৎখাত কৰিছে যদিও বৰ্তমানেও উজনিত সক্ৰিয় হৈ আছে এটা চোৰাং তেলচুৰি চক্ৰ । বিশেষকৈ অইল ইণ্ডিয়া লিমিটেডৰ তেল পৰিবাহী পাইপৰ পৰা কৌশলৰে তেল চুৰি কৰি আহিছে এটা চক্ৰই ।

ইয়াৰ মাজতে উজনিৰ কুখ্যাত তেলচুৰি চক্ৰৰ মাষ্টাৰমাইণ্ড আৰক্ষীৰ জালত পৰিছে । দুলীয়াজানত সংঘটিত অইল ইণ্ডিয়া লিমিটেডৰ খাৰুৱা তেলচুৰি চক্ৰৰ সৈতে জড়িত এজনক বুধবাৰে গ্ৰেপ্তাৰ । দুলীয়াজান আৰক্ষীয়ে তিনিচুকীয়া ৰে'লৱে ষ্টেচনৰ পৰা আটক কৰে নিৰঞ্জন হাজৰিকা নামৰ তেল চোৰটোক ।

উজনিৰ কুখ্যাত তেলচুৰি চক্ৰৰ মাষ্টাৰমাইণ্ড আৰক্ষীৰ জালত (ETV Bharat Assam)

ধৃত নিৰঞ্জন হাজৰিকাৰ ঘৰ দুলীয়াজানৰ ভাদৈ পাঁচ‌আলিৰ ১ নং কেৰেকনি গাঁৱত । যোৱা ৩১ জানুৱাৰীত দুলীয়াজান আৰক্ষী আৰু অইল নিৰাপত্তাৰক্ষীৰ যুটীয়া অভিযানত পোহৰলৈ আহিছিল তেলচুৰি চক্ৰ‌ই দুলীয়াজান-ডিগবৈ সংযোগী খাৰুৱা তেল পৰিবাহী পাইপত ভালভ স্থাপন কৰি টেংকাৰযোগে খাৰুৱা তেলচুৰি কাৰ্য সংঘটিত কৰাৰ ঘটনা । এই সমগ্ৰ চুৰি চক্ৰ‌টোৰ সৈতে জড়িত আছিল ধৃত নিৰঞ্জন হাজৰিকা ।

চোৰাং খাৰুৱা তেলৰ ডিপোটো আৰক্ষীয়ে উৎখাত কৰাৰ পিছৰে পৰাই উজনিৰ কুখ্যাত তেলচোৰ ধৃত নিৰঞ্জন হাজৰিকাই অৰুণাচলত আত্মগোপন কৰি ডিমাপুৰলৈ ৰে'লযোগে পলাবলৈ তিনিচুকীয়া ৰে'লৱে ষ্টেচনত‌ উপস্থিত হ‌ওঁতেই দুলীয়াজান আৰক্ষীয়ে আটক কৰিবলৈ সক্ষম হয় ।

কেনেকৈ এই চোৰাং তেলচুৰি চক্ৰটো পোহৰলৈ আহিছিল

দুলীয়াজানৰ অইল ইণ্ডিয়াৰ বিভাগীয় বিষয়াৰ পৰা জানিব পৰা মতে, দুলীয়াজান-ডিগবৈ সংযোগী খাৰুৱা তেল পৰিবাহী পাইপত নিশা হ'লে প্ৰেচাৰ ড্ৰপ হৈ থাকে । সেয়ে এই ক্ষেত্ৰত অনুসন্ধান অব্যাহত ৰাখিছিল অইল ইণ্ডিয়া লিমিটেডে । কিন্তু ৩১ জানুৱাৰীত দুলীয়াজানৰ বৰুৱা তিনিআলিৰ ওচৰত এখন তেলভৰ্তি টেংকাৰ প্ৰত্যক্ষ কৰি আৰক্ষী আৰু অইল নিৰাপত্তাৰক্ষীয়ে টেংকাৰ চালকক সোধা-পোছা কৰে । ইয়াৰ পাছতে সমগ্ৰ ঘটনা পোহৰলৈ আহে ।

টেংকাৰ চালকজনে আৰক্ষী আৰু অইল ইণ্ডিয়া লিমিটেডৰ কৰ্তৃপক্ষক দেখুৱাই দিছিল কেনেকৈ অইলৰ পাইপত ভাল্ভ স্থাপন কৰি তেল সৰবৰাহ কৰা হয় । এই ঘটনা পোহৰলৈ অহাৰ পাছতে এই চুৰি চক্ৰটোৰ বিৰুদ্ধে আৰক্ষীয়ে আৰম্ভ কৰিছিল অভিযান । আৰক্ষীৰ তদন্তত পোহৰলৈ আহিছে এই চোৰাং তেল সৰবৰাহৰ জড়িত আছে কেইবাজনো ব্যক্তি । তাৰ পিছত উজনিৰ কুখ্যাত তেলচোৰ ধৃত নিৰঞ্জন হাজৰিকাই অৰুণাচলত আত্মগোপন কৰি ডিমাপুৰলৈ ৰে'লযোগে পলাবলৈ চেষ্টা কৰোতেই বুধবাৰে তিনিচুকীয়া ৰে'লৱে ষ্টেচনত‌ আৰক্ষীৰ জালত পৰে । সমগ্ৰ ঘটনা সন্দৰ্ভত আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে ।

লগতে পঢ়ক :চোৰৰ টাৰ্গেট সুৰা, লুটিলে সুৰা বিপনী - BURGLARY AT WINE SHOP
লগতে পঢ়ক :অসম আৰক্ষীৰ ভুৱা এনকাউণ্টাৰৰ গোচৰৰ শুনানী ১১ ফেব্ৰুৱাৰীত - ASSAM POLICE FAKE ENCOUNTER

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.