স্প’ৰ্টছ ডেস্ক, 7 ছেপ্টেম্বৰ: সাধাৰণতে ক্ৰিকেট সকলোৰে মাজত সৰ্বাধিক জনপ্ৰিয় খেল হিচাপে পৰিচিত ৷ পিছে এইবাৰ ক্ৰিকেট খেলৰ ওপৰত জাৰি কৰা হৈছে নিষেধাজ্ঞা ৷ এই খবৰ শুনি সকলো ক্ৰিকেটপ্ৰেমী দুখ পালেও, এয়াই সঁচা ৷
আন্তৰ্জাতিক ক্ৰিকেট পৰিষদে বিশ্বজুৰি ক্ৰিকেটক জনপ্ৰিয় কৰাৰ বাবে শেহতীয়াকৈ গ্ৰহণ কৰিছে কেইবাটাও গুৰুত্বপূৰ্ণ পদক্ষেপ । আনকি 2028 চনৰ লছ এঞ্জেলছ অলিম্পিকত অন্তৰ্ভুক্ত কৰা হৈছে ক্ৰিকেটক । একে সময়তে প্ৰকাশ পোৱা এই খবৰে হতবাক কৰি তুলিছে অনুৰাগীসকলক ।
ক্ৰিকেটৰ ওপৰত নিষেধাজ্ঞা
দৰাচলতে উত্তৰ ইটালীৰ এখন চহৰত নিষিদ্ধ কৰা হৈছে ক্ৰিকেট । এই সিদ্ধান্ত গ্ৰহণ কৰিছে চহৰখনৰ মেয়ৰে, যিয়ে ক্ৰিকেট খেলৰ লগতে ইয়াত অংশগ্ৰহণ কৰা বাংলাদেশী অনুপ্ৰৱেশকাৰীসকলক স্থানীয় সাংস্কৃতিক ঐতিহ্যৰ ক্ষেত্ৰত ভাবুকি হিচাপে গ্ৰহণ কৰে ।
10 হাজাৰলৈকে জৰিমনা
বি বি চিৰ এক প্ৰতিবেদন অনুসৰি, মনফালকন চহৰখনে আনুষ্ঠানিকভাৱে নিষিদ্ধ কৰিছে ক্ৰিকেটক ৷ যদিহে কোনো লোকক ক্ৰিকেট খেলি থকা অৱস্থাত প্ৰত্যক্ষ কৰা হয়, তেন্তে তেওঁলোকে ভৰিব লাগিব 100 ইউৰো পাউণ্ড(ভাৰতীয় হিচাপত প্ৰায় 10,000 টকা) ৰ জৰিমনা ৷ এই নিষেধাজ্ঞাই ইটালীৰ এড্ৰিয়াটিক উপকূলৰ ওচৰৰ মনফালকন চহৰত এক উত্তেজনাপূৰ্ণ পৰিস্থিতিৰ সৃষ্টি কৰিছে ।
প্ৰায় 30,000 জনসংখ্যাৰে পৰিপূৰ্ণ চহৰখনৰ প্ৰায় এক-তৃতীয়াংশ বাসিন্দাই বিদেশী । ইয়াত মুখ্যতঃ বাংলাদেশী মুছলমান লোকে বসবাস কৰি আছে, যি 1990 ৰ দশকৰ শেষৰফালে এটা মুখ্য বন্দৰত কাম কৰিবলৈ চহৰখনলৈ আহিছিল ।