অসম

assam

ETV Bharat / sports

অষ্ট্ৰেলিয়াৰ ক্ৰিকেটাৰ ডেভিদ ৱাৰ্ণাৰৰ ওপৰত থকা নিষেধাজ্ঞা প্ৰত্যাহাৰ - DAVID WARNER

David Warner Ban Lifted: অষ্ট্ৰেলিয়াৰ ক্ৰিকেটাৰ ডেভিদ ৱাৰ্ণাৰৰ ওপৰত পূৰ্বে জাৰি কৰা আজীৱন নিষেধাজ্ঞাৰ সিদ্ধান্ত প্ৰত্যাহাৰ ৷

DAVID WARNER
অষ্ট্ৰেলিয়াৰ ক্ৰিকেটাৰ ডেভিদ ৱাৰ্ণাৰ (ANI PHOTO)

By ETV Bharat Sports Team

Published : Oct 25, 2024, 1:00 PM IST

স্প’ৰ্টছ ডেস্ক:অষ্ট্ৰেলিয়াৰ প্ৰাক্তন বাওঁহতীয়া ক্ৰিকেটাৰ ডেভিদ ৱাৰ্ণাৰৰ ওপৰত থকা আজীৱন নিষেধাজ্ঞাৰ সিদ্ধান্ত উঠাই লোৱা হৈছে । 2018 চনত বল টেম্পাৰিঙৰ অভিযোগত দোষী সাব্যস্ত হোৱাৰ পিছত নিষিদ্ধ কৰা হৈছিল ৱাৰ্ণাৰক ।

এই নিষেধাজ্ঞাৰ বাবে ৱাৰ্ণাৰে অষ্ট্ৰেলিয়াৰ ক্ৰিকেট দলটোৰ অধিনায়কৰ দায়িত্ব পালন কৰিবলৈ সক্ষম হোৱা নাছিল ৷ লগতে কোনো প্ৰতিযোগিতাৰ লীগ মেচত অংশগ্ৰহণ কৰিব পৰা নাছিল ৷

37 বছৰীয়া ৱাৰ্ণাৰে তিনিজনীয়া পেনেলৰ সন্মুখত তেওঁৰ গোচৰটো উপস্থাপন কৰিছিল, য’ত নিষেধাজ্ঞা উঠাই লোৱাৰ বাবে প্ৰয়োজনীয় সকলো চৰ্ত পূৰণ কৰিব পাৰিছিল খেলুৱৈগৰাকীয়ে ।

অষ্ট্ৰেলিয়াৰ ক্ৰিকেটাৰ ডেভিদ ৱাৰ্ণাৰ (getty images)

ৱাৰ্ণাৰে বৰ্তমান আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত অংশগ্ৰহণ কৰা নাই ৷ নিষেধাজ্ঞা প্ৰত্যাহাৰ কৰাৰ পিছত ৱাৰ্ণাৰে বিগ বেছ লীগ দল ছিডনী থাণ্ডাৰৰ নেতৃত্বৰ ভূমিকা পালন কৰাৰ সম্ভাৱনা আছে ।

সমগ্ৰ ঘটনাটো কি আছিল ?

বিগত2018 চনত অষ্ট্ৰেলিয়াৰ ক্ৰিকেট দলটোৱে দক্ষিণ আফ্ৰিকা ভ্ৰমণলৈ গৈছিল । তাত ৱাৰ্ণাৰে অধিনায়ক ষ্টিভ স্মিথ আৰু কেমেৰুন বেনক্ৰফ্টৰ সৈতে পিনটো স্ক্ৰেপ কৰি বলৰ পৃষ্ঠ সলনি কৰিবলৈ চেষ্টা কৰিছিল । যাতে বলাৰসকলে খেলখনত সুবিধা লাভ কৰিব পাৰে । অৱশ্যে ইয়াৰ পিছতে যথেষ্ট বিতৰ্কৰ সূত্ৰপাত ঘটিছিল ।

ৱাৰ্ণাৰ 2018 চনৰ চেণ্ডপেপাৰ-গেট কেলেংকাৰীৰ মূল অভিযুক্ত আছিল ৷ সেই সময়ৰ অধিনায়ক ষ্টিভ স্মিথ আৰু কেমেৰুন বেনক্ৰফ্টৰ সৈতে বলৰ পৃষ্ঠ অবৈধভাৱে সলনি কৰাৰ ষড়যন্ত্ৰত লিপ্ত হৈছিল ৱাৰ্ণাৰ ৷ যাৰ বাবে ডেভিদ ৱাৰ্ণাৰৰ দৰে আগশাৰীৰ খেলুৱৈগৰাকীক এবছৰৰ বাবে নিলম্বন কৰাৰ লগতে অধিনায়কৰ দায়িত্বৰ ক্ষেত্ৰত আজীৱন নিষেধাজ্ঞা জাৰি কৰা হৈছিল ৷

লগতে পঢ়ক:আল্লু অৰ্জুনৰ পুষ্পা-2 ত খোজ দিলে ডেভিদ ৱাৰ্ণাৰে; শেহতীয়া ফটোৱে অনুৰাগীৰ হৃদয়ত লগালে জুই - DAVID WARNER IN PUSHPA 2

ABOUT THE AUTHOR

...view details