স্পৰ্টছ ডেস্ক : আফ্ৰিকাৰ গিনি দেশত ভয়ংকৰ ঘটনা । ফুটবল খেল চলি থকাৰ মাজতে অনুৰাগীৰ মাজত প্ৰচণ্ড মাৰপিট । ১০০ ৰো অধিক লোকৰ মৃত্যুৰ আশংকা কৰা হৈছে । ইতিমধ্যে বহু আন্তৰ্জাতিক সংবাদ মাধ্যমে এই সন্দৰ্ভত বাতৰি প্ৰকাশ কৰিছে । এই হিংসাৰ বহুতো ভিডিঅ' সামাজিক মাধ্যমক ভাইৰেল হৈ পৰিছে ।
ভিডিঅ'টোত খেলপথাৰৰ বাহিৰৰ ৰাস্তাত বিশৃংখলতাৰ ছবিসমূহ দেখা গৈছে । আনহাতে কিছুমান ভিডিঅ'ত মৃতদেহবোৰ মাটিত পৰি থকাও দেখা গৈছে ।
- গোটেই বিষয়টো কি ?
গিনিৰ দ্বিতীয় বৃহত্তম চহৰ এন'জেৰকোৰত দেওবাৰে এখন ফুটবল প্ৰতিযোগিতা অনুষ্ঠিত হয় । খেলখনৰ মাজভাগত ৰেফাৰীয়ে লোৱা এটা সিদ্ধান্তই বিতৰ্কৰ সৃষ্টি কৰে । এটা দলৰ অনুৰাগীসকলে এই সিদ্ধান্তৰ প্ৰতিবাদ কৰিবলৈ খেলপথাৰলৈ আহে । সেয়া দেখি আনটো দলৰ অনুৰাগীসকলেও আগবাঢ়ি আহে তেওঁলোকক বাধা দিয়ে । এনে পৰিস্থিতিত দুয়োটা দলৰে অনুৰাগীৰ মাজত তীব্ৰ সংঘৰ্ষ হয় ।