নিউজ ডেস্ক, 6 ফেব্ৰুৱাৰী:টি-২০ বিশ্বকাপ সমাপ্ত হোৱাৰ পিছতে জুলাইত পাঁচখনীয়া টি-২০ শৃংখলাৰ বাবে ভাৰতে জিম্বাব’ৱে ভ্ৰমণ কৰিব । ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব'ৰ্ড (বিচিচিআই) আৰু জিম্বাব’ৱে ক্ৰিকেট (জেডচি) ব'ৰ্ডৰ মাজত সফল আলোচনাৰ পিছত শৃংখলাটোৰ ঘোষণা কৰিছে । শৃংখলাটো ৬ ৰ পৰা ১৪ জুলাইলৈ হাৰাৰেত অনুষ্ঠিত হ'ব । ১ ৰ পৰা ২৯ জুনলৈ আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু ৱেষ্ট ইণ্ডিজে আয়োজন কৰিব লগা টি-২০ বিশ্বকাপ ২০২৪ ৰ ঠিক পিছতে এই শৃংখলাটো অনুষ্ঠিত হ'ব ।
ভাৰতীয় দলটোৱে যোৱা বছৰ নৱেম্বৰ-ডিচেম্বৰত অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে পাঁচখন আৰু দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে তিনিখন টি-২০ খেলিছিল । তাৰ পিছত তেওঁলোকে যোৱা মাহত তিনিখন টি-২০ খেল খেলিছিল আফগানিস্তানৰ বিৰুদ্ধে । অৱশ্যে, মেন ইন ব্লুৱে ১ জুনৰ পৰা টি-২০ বিশ্বকাপ ২০২৪ আৰম্ভ হোৱালৈকে কোনো দ্বিপাক্ষিক টি-২০ খেলিব নোৱাৰে ।
বিচিচিআইৰ সম্পাদক জয় শ্বাহে কয় যে ব’ৰ্ডৰ লক্ষ্য হৈছে জিম্বাব’ৱে ক্ৰিকেটক সহায় আগবঢ়োৱা । বিচিচিআইৰ ৱেবছাইটত প্ৰকাশ কৰা এক বিবৃতিত তেওঁ কয় যে বিচিচিআইয়ে বিশ্ব ক্ৰিকেট সম্প্ৰদায়লৈ অৰিহণা যোগোৱাৰ ক্ষেত্ৰত সদায় অগ্ৰণী ভূমিকা পালন কৰি আহিছে । ‘‘আমি বুজি পাওঁ যে জিম্বাব’ৱেৰ বাবে এয়া পুনৰ নিৰ্মাণৰ সময়, আৰু এই সন্ধিক্ষণত জিম্বাব’ৱে ক্ৰিকেটক আমাৰ সমৰ্থনৰ প্ৰয়োজন।’’ পোষ্টটোত কোৱা হৈছে ৷