অসম

assam

ETV Bharat / sports

এছিয়া কাপৰ বাবে দল ঘোষণা বি চি চি আইৰ; তিলক বাৰ্মাৰ ওপৰত ভাৰতৰ দায়িত্ব

BCCI: এছিয়া কাপ 2024 ৰ ষষ্ঠ সংস্কৰণৰ বাবে ঘোষণা কৰা হৈছে ভাৰতীয় দলটো । শনিবাৰে সন্ধিয়া বি চি চি আইয়ে কৰে এই ঘোষণা ৷

ASIA CUP 2024
তিলক বাৰ্মা (AFP PHOTO)

By ETV Bharat Sports Team

Published : Oct 13, 2024, 4:50 PM IST

স্প’ৰ্টছ ডেস্ক, 13 অক্টোবৰ:ইমাৰ্জিং টিমছ এছিয়া কাপ 2024 ৰ ষষ্ঠ সংস্কৰণৰ বাবে বি চি চি আইয়ে শনিবাৰে ঘোষণা কৰে ভাৰতৰ ‘এ’ দল । ওমানত অনুষ্ঠিত হ’বলগীয়া এই প্ৰতিযোগিতাখন 18 অক্টোবৰৰ পৰা আৰম্ভ হ’ব ।

এই প্ৰতিযোগিতাত ভাৰত, পাকিস্তান, শ্ৰীলংকা, আফগানিস্তান, বাংলাদেশৰ লগতে হংকং, সংযুক্ত আৰৱ আমিৰশ্বাহী আৰু আয়োজক ওমানৰ মুঠ আঠটা দলে অংশগ্ৰহণ কৰিব । আঠটা দলক দুটাকৈ গ্ৰুপত ভাগ কৰা হ’ব । প্ৰতিটো গ্ৰুপত থাকিব চাৰিটাকৈ দল ৷

প্ৰতিটো গ্ৰুপৰ শীৰ্ষ দুটা দলে 25 অক্টোবৰত অনুষ্ঠিত হ’বলগীয়া ছেমি ফাইনেলত প্ৰৱেশ কৰিব । ছেমি ফাইনেলৰ বিজয়ী দল দুটাই 27 অক্টোবৰত ফাইনেলত প্ৰতিদ্বন্দ্বিতা কৰিব । ইয়াৰ বাহিৰেও 19 অক্টোবৰত মুখামুখি হ’ব ভাৰত-পাকিস্তান ।

ভাৰত এ, পাকিস্তান এ, সংযুক্ত আৰৱ আমিৰশ্বাহী আৰু ওমানৰ সৈতে আছে গ্ৰুপ বি-ত ৷ ভাৰতৰ শ্ৰেষ্ঠ বেটছমেন তথা পাৰ্ট টাইম অফ স্পিনাৰ তিলক বাৰ্মাক 14 জনীয়া ইণ্ডিয়া এ দলৰ অধিনায়ক হিচাপে নিযুক্তি দিয়া হৈছে । 2024 চনত ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ (আই পি এল) ত এক দৰ্শনীয় ছিজনৰ অন্তত উদীয়মান অ’পেনাৰ অভিষেক শৰ্মাকো দলত অন্তৰ্ভুক্ত কৰা হৈছে ।

উইকেটকীপাৰ বেটছমেন অনুজ ৰাৱট আৰু অ’পেনিং বেটছমেন প্ৰভসিমৰণ সিঙক ষ্টাম্পাৰ অপচন হিচাপে অন্তৰ্ভুক্ত কৰা হৈছে । একে সময়তে আই পি এলত উন্নত প্ৰদৰ্শন কৰা আয়ুষ বদোনী, নেহাল ৱাধেৰা আৰু ৰমনদীপ সিঙকো বিশেষ বেটিং বিকল্প হিচাপে নিৰ্বাচিত কৰা হৈছে ।

2024 চনৰ দুলীপ ট্ৰফীত মুম্বাই ইণ্ডিয়ানছৰ হৈ খেলা 23 বছৰীয়া অংশুল কামবোজে বলিং আক্ৰমণৰ নেতৃত্ব দিব । দুলীপ ট্ৰফীৰ আন এজন চাঞ্চল্যকৰ খেলুৱৈ আকিব খানৰ কঠোৰ পৰিশ্ৰমেও ফল দিলে আৰু তেওঁ প্ৰথমবাৰৰ বাবে ভাৰত এ ত অন্তৰ্ভুক্ত হৈছে ।

ভাৰত এ দল: তিলক বাৰ্মা (অধিনায়ক), অভিষেক শৰ্মা, আয়ুষ বদোনী, নিশান্ত সিন্ধু, অনুজ ৰাৱট, প্ৰভচিমৰণ সিং, নেহাল ৱাধেৰা, অংশুল কম্বোজ, হৃত্বিক শোকিন, আকুইব খান, বৈভৱ অৰোৰা, ৰশ্বিখ ছালাম, চাই কিশোৰ আৰু ৰাহুল চাহাৰ ।

লগতে পঢ়ক:ভাৰতক 8 উইকেটত পৰাস্ত কৰি মহিলা এছিয়া কাপ 2024ৰ খিতাপ দখল শ্ৰীলংকাৰ - Womens Asia Cup 2024 final

ABOUT THE AUTHOR

...view details