নতুন দিল্লী : ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ বোৰ্ড চমুকৈ বি চি চি আয়ে আগন্তুক মহিলা টি-২০ বিশ্বকাপৰ বাবে ভাৰতৰ অনূৰ্ধ্ব-১৯ দলটো ঘোষণা কৰিছে । ১৫ জনীয়া দলটোক নেতৃত্ব প্ৰদান কৰিব নিকি প্ৰসাদে । উল্লেখ্য যে ভাৰত অনূৰ্ধ্ব-১৯ মহিলা বিশ্বকাপৰ বৰ্তমানৰ চেম্পিয়ন আৰু এইবাৰো খিতাপ অক্ষুণ্ণ ৰাখিবলৈ চেষ্টা কৰিব ।
নিকি প্ৰসাদৰ কান্ধত অধিনায়কৰ ভাৰ
এছিয়া কাপ বিজয়ী দলটোৰ অধিনায়ক নিকি প্ৰসাদৰ নেতৃত্বত টীম ইণ্ডিয়াই অনূৰ্ধ্ব-১৯ বিশ্বকাপৰ অভিযান আৰম্ভ কৰিব । শেহতীয়াকৈ নিকিৰ অধিনায়কত্বতে উইমেন ইন ব্লুৱে মালয়েছিয়াৰ কুৱালালামপুৰত প্ৰথম অনূৰ্ধ্ব-19 মহিলা এছিয়া কাপ খিতাপ জয় কৰিছিল । উল্লেখযোগ্য কথাটো হৈছে যে ২০২৫ চনৰ ১৮ জানুৱাৰীৰ পৰা ২ ফেব্ৰুৱাৰীলৈকে মালয়েছিয়াতে অনুষ্ঠিত হ'ব অনূৰ্ধ্ব-১৯ মহিলা বিশ্বকাপ ।
২০২৩ চনত শেফালী বাৰ্মাৰ অধিনায়কত্বত ভাৰতে দক্ষিণ আফ্ৰিকাত প্ৰথম অনূৰ্ধ্ব-19 মহিলা বিশ্বকাপ খিতাপ জয় কৰিছিল । এছিয়া কাপ বিজয়ী দলটোৰ পৰা বৈষ্ণৱী এছক মূল দলত অন্তৰ্ভুক্ত কৰা হৈছে । আনহাতে, নন্ধনা এছক ৰিজাৰ্ভ খেলুৱৈৰ তালিকাত স্থান দিয়া হৈছে । ছানিকা চালকেক দলটোৰ উপ-অধিনায়কৰ দায়িত্ব প্ৰদান কৰা হৈছে আৰু কমলিনী আৰু ভৱিকা আহিৰে উইকেটৰক্ষক হিচাপে দলটোত স্থান লাভ কৰিছে ।
প্ৰতিযোগিতাখনৰ ফৰ্মেট
প্ৰতিযোগিতাখনত দলসমূহক 4 টা গ্ৰুপত ভাগ কৰা হৈছে । প্ৰতিটো গ্ৰুপতে 4 টাকৈ দল আছে । ভাৰতে গ্ৰুপ এত আয়োজক মালয়েছিয়া, ৱেষ্ট ইণ্ডিজ আৰু শ্ৰীলংকাৰ সৈতে স্থানলাভ কৰিছে । ভাৰতৰ গ্ৰুপ মেচসমূহ কুৱালালামপুৰৰ বায়ুয়েমাছ অভেল ষ্টেডিয়ামত অনুষ্ঠিত হ'ব । ভাৰতে ১৯ জানুৱাৰীত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে বিশ্বকাপ অভিযান আৰম্ভ কৰিব ।
গ্ৰুপ পৰ্যায়ৰ পিছত প্ৰতিটো গ্ৰুপৰ 3 টাকৈ দলে ছুপাৰ-6 ৰ বাবে যোগ্যতা অৰ্জন কৰিব । ছুপাৰ ছিক্সত 12 টা দলক দুটা গ্ৰুপত ভাগ কৰা হ'ব । গ্ৰুপ 1-ত গ্ৰুপ এ আৰু গ্ৰুপ ডিৰ শীৰ্ষ 3 টা দলে স্থানলাভ কৰিব । আনহাতে, গ্ৰুপ ২-ত গ্ৰুপ বি আৰু গ্ৰুপ চিৰ শীৰ্ষ ৩ টা দল অন্তৰ্ভুক্ত থাকিব ।
ছুপাৰ ছিক্সত দলবোৰে তেওঁলোকৰ পূৰ্বৰ গ্ৰুপ পৰ্যায়ৰ পইণ্ট, জয় আৰু নেট ৰাণ ৰেটৰ সৈতে আগবাঢ়িব । প্ৰতিটো দলে ছুপাৰ ছিক্সত দুখনকৈ মেচ খেলিব । ২০২৫ চনৰ ৩১ জানুৱাৰীত অনুষ্ঠিত হ'বলগীয়া ছেমি ফাইনেলৰ বাবে দুয়োটা ছুপাৰ ছিক্স গ্ৰুপৰ শীৰ্ষ দুটা দলে যোগ্যতা অৰ্জন কৰিব । প্ৰতিযোগিতাখনৰ ফাইনেল মেচ ২০২৫ চনৰ ২ ফেব্ৰুৱাৰীত অনুষ্ঠিত হ'ব ।
ভাৰতৰ অনূৰ্ধ-১৯ মহিলা বিশ্বকাপ দল
নিকি প্ৰসাদ (অধিনায়ক), ছানিকা চালকে (উপ-অধিনায়ক), জি তৃষা, কমলিনী জি (উইকেটৰক্ষক), ভাৱিকা অহিৰ (উইকেটৰক্ষক), ঈশ্বৰী আৱচাৰে, মিথিলা বিনোদ, যোশীতা ভি জে, সোনম যাদৱ, পৰিণীতা ছিছোদিয়া, কেশৰী দৃষ্টি, আয়ুসী শুক্লা, আনন্দিতা কিশোৰ, এম ডি শ্ববনম, বৈষ্ণৱী এছ ।
সংৰক্ষিত খেলুৱৈ : নন্ধনা এছ, ইৰা জে, অনাদি টি ।