স্প’ৰ্টছ ডেস্ক:সকলো শীৰ্ষ পৰ্যায়ৰ ক্ৰিকেট টুৰ্ণামেণ্টত বলিং কৰাৰ পৰা বিৰত থাকিব লাগিব এগৰাকী আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটাৰ ৷ কিয়নো ক্ৰিকেটাৰগৰাকীৰ ওপৰত নিষেধাজ্ঞা জাৰি কৰিছে এখন ক্ৰিকেট ব’ৰ্ডে ৷
ই এছ পি এন ক্ৰিকইনফ’ৰ এক প্ৰতিবেদন অনুসৰি, প্ৰবীণ ক্ৰিকেটাৰগৰাকীৰ বিৰুদ্ধে দেওবাৰে বাংলাদেশ ক্ৰিকেট ব'ৰ্ডে নিষেধাজ্ঞা জাৰি কৰে । ইয়াৰ পূৰ্বেও ক্ৰিকেটাৰগৰাকীক ইংলেণ্ড এণ্ড ৱেলছ ক্ৰিকেট ব'ৰ্ডে (ই চি বি) নীতি বহিৰ্ভূত বলিঙৰ বাবে বলিং কৰাৰ পৰা নিলম্বিত কৰিছিল ।
বাংলাদেশ ক্ৰিকেট ব'ৰ্ডৰ ষ্পষ্টীকৰণ
বাংলাদেশ ক্ৰিকেট ব’ৰ্ডে নিষেধাজ্ঞা জাৰি কৰা ক্ৰিকেটাৰগৰাকী হৈছে দেশখনৰে খেলুৱৈ চাকিব আল হাছান ৷
এই সন্দৰ্ভত বাংলাদেশ ক্ৰিকেট ব’ৰ্ডে দিয়া বিবৃতিৰ বিষয়ত ই এছ পি এন ক্ৰিকইনফ’ই এক প্ৰতিবেদন প্ৰস্তুত কৰি লিখিছে এনেদৰে, "বাংলাদেশ ক্ৰিকেট ব'ৰ্ডক (বি চি বি) অৱগত কৰা হৈছে যে ৰাষ্ট্ৰীয় দলৰ অলৰাউণ্ডাৰ চাকিব আল হাছানক ইংলেণ্ড এণ্ড ৱেলছ ক্ৰিকেট ব'ৰ্ডৰ (ই চি বি) কৰ্তৃত্বত প্ৰতিযোগিতাত বলিং কৰাৰ পৰা নিলম্বিত কৰা হৈছে । চাকিবক বাংলাদেশৰ বাহিৰত ঘৰুৱা ক্ৰিকেট প্ৰতিযোগিতা আৰু আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত বলিং কৰাৰ পৰাও নিলম্বিত কৰা হৈছে" ।
ইয়াৰ পূৰ্বে ছেপ্টেম্বৰ মাহত ইংলিছ কাউণ্টি ক্ৰিকেট খেলৰ সময়তো সন্দেহজনক কাৰ্যকলাপৰ বাবে চাকিবে গ্ৰেট বৃটেইনৰ আই চি চি স্বীকৃত পৰীক্ষা কেন্দ্ৰ ল'ফবৰো বিশ্ববিদ্যালয়ত তেওঁৰ কাৰ্যকলাপ মূল্যাংকন কৰাত ব্যৰ্থ হৈছিল ।
বাংলাদেশী ক্ৰিকেটাৰ চাকিব আল হাছান (Getty image) বেটছমেন হিচাপে ক্ৰিকেট খেলিব পাৰিবনে ?
বলিঙৰ পৰা নিষিদ্ধ ঘোষিত হ’লেও চাকিবে বিশেষজ্ঞ বেটছমেন হিচাপে ক্ৰিকেট খেলিব পাৰিব । তেওঁ এতিয়াও এগৰাকী সক্ৰিয় এদিনীয়া খেলুৱৈ ৷ কিন্তু আফগানিস্তান আৰু ৱেষ্ট ইণ্ডিজ শৃংখলাৰ বাবে খেলুৱৈগৰাকীয়ে দলত স্থান লাভ কৰা নাই ৷ খেলুৱৈগৰাকীৰ বিৰুদ্ধে জাৰি কৰা নিষেধাজ্ঞাই ভৱিষ্যতে কেৰিয়াৰক কেনেদৰে প্ৰভাৱিত কৰে, সেয়া হ’ব লক্ষণীয় ৷
লগতে পঢ়ক:গাব্বা হৈ ৰ’ল সাক্ষী; মাইলৰ খুঁটি অৰ্জন বিৰাট কোহলীৰ