নিউজ ডেস্ক: অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে প্ৰথমখন এদিনীয়াত পৰাস্ত হোৱা পাকিস্তানে দ্বিতীয় এদিনীয়াত জয় লাভেৰে শক্তিশালী প্ৰত্যাৱৰ্তন কৰিছে ৷
পাকিস্তানে শেহতীয়াকৈ বাবৰ আজমৰ স্থানত বগা বলৰ অধিনায়ক হিচাপে দায়িত্ব অৰ্পণ কৰিছিল মহম্মদ ৰিজৱানক ৷ ৰিজৱানে অধিনায়কৰ দায়িত্ব গ্ৰহণ কৰাৰ পিছত পাকিস্তানে 7 বছৰৰ মূৰত এদিনীয়া মেচত বিশ্ব চেম্পিয়ন অষ্ট্ৰেলিয়াক পৰাজিত কৰিবলৈ সক্ষম হয় ৷
অষ্ট্ৰেলিয়া আৰু পাকিস্তানৰ মাজত আৰম্ভ হোৱা 3 খন এদিনীয়া মেচৰ শৃংখলাটোৰ দ্বিতীয়খন খেলত ৰিজৱান বাহিনীয়ে কেংগাৰুসকলক 9 উইকেটত ধুলিসাৎ কৰে । মেচখনত কৰা জয় লাভৰ ফলত পাকিস্তানে শৃংখলাটোত 1-1 ব্যৱধানত সমতা স্থাপন কৰে ৷
পাকিস্তানী বলাৰ হাৰিফ ৰৌফৰ দুৰ্দান্ত বলিং আছিল মূলতঃ দলটোৰ জয়ৰ কাৰণ ৷ সোঁহতীয়া ফাষ্ট বলাৰগৰাকীয়ে মাত্ৰ 29 ৰাণ ব্যয় কৰি দখল কৰে 5 টাকৈ উইকেট ৷ ৰৌফৰ বলিঙৰ ভিত্তিতে পাকিস্তানে অষ্ট্ৰেলিয়াক মাত্ৰ 163 ৰাণত ধৰি ৰাখিবলৈ সক্ষম হয় । ৰৌফৰ লগতে শ্বাহিন আফ্ৰিদীয়ো 3 টা উইকেট দখল কৰে । প্ৰত্যুত্তৰত পাকিস্তানে এটা উইকেট হেৰুৱাই নিৰ্দিষ্ট লক্ষ্যত উপনীত হয় ৷
হাৰিছ ৰৌফৰ ধুমুহা
হাৰিছ ৰৌফে জছ ইংলিশক তেওঁৰ প্ৰথমটো চিকাৰ হিচাপে আউট কৰে ৷ ইয়াৰ পিছত ৰৌফে মাৰ্ণাছ লাবুচেন আৰু এৰন হাৰ্ডিৰ উইকেট দখল কৰে । এনেদৰে ৰৌফে এটাৰ পিছত আনটো উইকেট দখল কৰি অষ্ট্ৰেলিয়াৰ মিডল অৰ্ডাৰৰ মেৰুদণ্ড ভাঙি পেলায় ৷
ৰৌফে অষ্ট্ৰেলিয়াৰ অধিনায়ক পেট কামিন্সৰ লগতে গ্লেন মেক্সৱেলৰো উইকেট দখল কৰে ৷ সমান্তৰালকৈ হেৰিছে নিজৰ এদিনীয়া কেৰিয়াৰত দ্বিতীয়বাৰৰ বাবে পাঁচটা উইকেট দখল কৰাৰ কৃতিত্ব অৰ্জন কৰে ৷ এয়া আছিল অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে পাকিস্তানী বলাৰগৰাকীৰ সৰ্বশ্ৰেষ্ঠ এদিনীয়া প্ৰদৰ্শন ।
হাৰিছ ৰৌফ এডিলেইডত এখন এদিনীয়াত 30 ৰাণতকৈও কম ৰাণত 5 টা উইকেট দখল কৰা প্ৰথমগৰাকী পাকিস্তানী ফাষ্ট বলাৰ হিচাপে পৰিগণিত হৈছে । ইয়াৰ পূৰ্বে, ছোহেল খানে 2015 চনত একেখন খেলপথাৰতে ভাৰতৰ বিৰুদ্ধে 55 ৰাণত পাঁচটা উইকেট দখল কৰিছিল ।