সৰুপথাৰ, ২ ছেপ্টেম্বৰ:সাগৰৰ বুকুত বিজয় নিচান উৰুৱাই সোমবাৰে গৃহনগৰ সৰুপথাৰত উপস্থিত হয় নিশামণি বৰা । তামিলনাডুত অনুষ্ঠিত হোৱা কাইট ব’ৰ্ডিং চেম্পিয়নশ্বিপ ২০২৪ ত তেওঁ স্বৰ্ণ জয় কৰে ৷ এই প্ৰতিযোগিতাখনত জয়লাভ কৰি তেওঁ ইণ্ডিয়া বুকছ অৱ ৰেকৰ্ডছত নিজৰ নাম সন্নিৱিষ্ট কৰিবলৈ সক্ষম হয় ৷
সৰুপথাৰ ৰে’লৱে ষ্টেচনত নিশামণিক উষ্ম আদৰণি (ETV Bharat Assam) সৰুপথাৰৰ জীয়াৰী তথা আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ চেইলাৰ নিশামণি বৰা গৃহনগৰত উপস্থিত হোৱাৰ পাছত ধনশিৰি মহকুমা গাঁওবুঢ়া সন্থাৰ লগতে স্থানীয় ৰাইজে উষ্ম আদৰণি জনায় । গোলাঘাট জিলাৰ সৰুপথাৰ সমষ্টিৰ পৰাই লাভলীনা বৰগোঁহাই, নয়নমণি শইকীয়াৰ দৰে বিশ্বজয় কৰা খেলুৱৈৰ পিছতেই নিশামণিৰ এই বিজয় যাত্ৰাই সমষ্টিবাসীক গৌৰৱাম্বিত কৰিছে ৷ সৰুপথাৰৰ পৰা আন এগৰাকী খেলুৱৈ হিচাপে পৰৱৰ্তী অলিম্পিকলৈ যাত্ৰাৰ বাট মুকলি কৰাত সম্প্ৰতি ব্যস্ত নিশামণি বৰা ।
লগতে পঢ়ক:সাগৰৰ বুকুত বিজয় নিচান সৰুপথাৰৰ নিশামণি বৰাৰ: জিনিলে স্বৰ্ণ - KITE BOARDING CHAMPIONSHIP 2024
তামিলনাডুত ২৫ তাৰিখৰ পৰা ২৮ তাৰিখলৈকে অনুষ্ঠিত হৈছিল কাইট ব'ৰ্ডিং চেম্পিয়নশ্বিপ ২০২৪ । উক্ত প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিছিল সৰুপথাৰৰ আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ চেইলাৰ নিশামণি বৰাই । খেলৰ পূৰ্বে অসমবাসীৰ পৰা আশীৰ্বাদ বিচাৰিছিল নিশামণিয়ে । অৱশেষত সাগৰৰ বুকুত দুঃসাহসীক খেলত বিজয় নিচান উৰুৱাবলৈ সক্ষম হয় নিশামণি ।
উল্লেখ্য যে বিগত সময়ছোৱাত ছেইলিঙৰ দৰে দুঃসাহসিক ৰাষ্ট্ৰীয় ক্ৰীড়াত অংশগ্ৰহণ কৰি অসমৰ প্ৰথমগৰাকী মহিলা খেলুৱৈ নিশামণিয়ে INWTCৰ উদ্যোগত গোৱাত অনুষ্ঠিত ইণ্ডিয়ান নেভি অপেন উইণ্ড চাৰ্ফিং চেম্পিয়নশ্বিপত অংশগ্ৰহণ কৰি সোণৰ পদক অৰ্জন কৰিছিল । ইয়াৰ উপৰি তেওঁ বেপুৰ ইণ্টাৰনেছনেল ৱাটাৰ ফেষ্টিভেলত অংশগ্ৰহণ কৰি গৌৰৱ বুটলিবলৈ সক্ষম হৈছিল ।
লগতে পঢ়ক:ইণ্ডিয়ান নেভী অ'পেন ৱাইণ্ডছাৰ্ফিং চেম্পিয়নশ্বিপত চমকপ্ৰদ প্ৰদৰ্শন অসমৰ নিশামণিৰ - Navy Windsurfing Championship
2023 বৰ্ষৰ পৰা ক্ৰীড়াৰ পাতনি মেলা নিশামণিয়ে বৰ্তমান তামিলনাডুত Kite Surfingৰ কঠোৰ প্ৰশিক্ষণ চলাই আছিল । নিশামণিৰ সপোন অনাগত সময়ত এছিয়ান গেমচ আৰু অলিম্পিকত ভাৰতবৰ্ষক প্ৰতিনিধিত্ব কৰি সকলোকে অনুপ্ৰাণিত কৰাৰ লগতে অসমৰ ৱাটাৰ স্পৰ্টছক আগবঢ়াই নিয়াৰ । অসমত এই ক্ৰীড়াৰ কোনোধৰণৰ সা-সুবিধা নথকাকৈয়ে সৰুপথাৰৰ নগাজুৰি দ'চুক গাঁৱৰ পৰা গৈ সাগৰৰ বুকুত বিজয় নিচান উৰুৱাবলৈ সক্ষম হৈছে ।