লখিমপুৰ, 10 জুন :ৰাজ্যৰ ক্ৰীড়া জগতলৈ সুখবৰ ৷ উত্তৰ-পূব ভাৰত ভিত্তিৰ মাৰ্চিয়েল চেম্পিয়নশ্বিপতলখিমপুৰৰ উদীয়মান খেলুৱৈয়ে লাভ কৰে সোণ ৰূপৰ পদক । অল ইণ্ডিয়া মিক্সড মাৰ্চিয়েল আৰ্টছ ফেডাৰেচনৰ সৌজন্যত আৰু ৱেষ্ট বেংগল মিক্সড মাৰ্চিয়েল (Mixed Martial) আৰ্টছ ফেডাৰেচনৰ সহযোগত শিলিগুৰিৰ দাগাপুৰত অৱস্থিত দিল্লী পাব্লিক স্কুলত অনুষ্ঠিত হয় উত্তৰ-পূব ভাৰত ষ্টাইকিং এমএমএ (striking mma) ৷
মাৰ্চিয়েল চেম্পিয়নশ্বিপত অসম সন্তানৰ কৃতিত্ব (ETV Bharat Assam) এই ষ্টাইকিং এমএমএ যোৱা 7 জুনৰ পৰা 9 জুনলৈ প্ৰথমবাৰৰ বাবে অনুষ্ঠিত হয় ৷ এই এমএমএ চেম্পিয়নশ্বিপত লখিমপুৰ জিলাৰ খেলুৱৈয়ে অংশ লৈ সোণ আৰু ৰূপৰ পদক লাভ কৰি ৰাজ্যখনলৈ সুনাম কঢ়িয়াই আনিছে ।
মাৰ্চিয়েল চেম্পিয়নশ্বিপত অসম সন্তানৰ কৃতিত্ব (ETV Bharat Assam) সদৌ অসম মিক্সড মাৰ্চিয়েল এছ'চিয়েছনৰ নেতৃত্বত অংশগ্ৰহণ কৰা আৰু লখিমপুৰত অৱস্থিত আআ অৰ্থাৎ আৰ্টছ এণ্ড স্পৰ্টচ একাডেমী মাৰ্চিয়েলৰ খেলুৱৈসকলে এই সন্মান লাভ কৰিছে । পদক প্ৰাপ্ত খেলুৱৈসকল হ’ল ক্ৰমে প্ৰত্যুষ দত্ত, কুণ্ডন কৌশিক হাজৰিকা আৰু জেচিকা ৰামুদামো ।
মাৰ্চিয়েল চেম্পিয়নশ্বিপত অসম সন্তানৰ কৃতিত্ব (ETV Bharat Assam) তেওঁলোকে ষ্টাইকিং এম এম এ (Striking mma) শাখাত সোণৰ পদক লাভ কৰে ৷ আনহাতে, মৃদুপৱন ডেকাই ৰূপৰ পদক আৰু মদন ঠাকুৰিয়ে ব্ৰঞ্জৰ পদক লাভ কৰি লখিমপুৰৰ লগতে সমগ্ৰ অসমলৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হৈছে ।
মাৰ্চিয়েল চেম্পিয়নশ্বিপত অসম সন্তানৰ কৃতিত্ব (ETV Bharat Assam) উল্লেখ্য যে, সমৰ কলাৰ বিভিন্ন প্ৰতিযোগিতাত লখিমপুৰৰ বহু খেলুৱৈয়ে ইতিমধ্যে অসংখ্যবাৰ জিলাখনলৈ সোণ-ৰূপৰ পদক কঢ়িয়াই আনিবলৈ সক্ষম হৈছে । তেনে খেলুৱৈসকলে ৰাষ্ট্ৰীয় পৰ্যায়ত বহু ৰাজ্যৰ খেলুৱৈক পৰাস্ত কৰি নিজৰ চমকপদ প্ৰতিভাৰ নিদৰ্শন দাঙি ধৰিছে ।
মাৰ্চিয়েল চেম্পিয়নশ্বিপত অসম সন্তানৰ কৃতিত্ব (ETV Bharat Assam) মাৰ্চিয়েল চেম্পিয়নশ্বিপত অসম সন্তানৰ কৃতিত্ব (ETV Bharat Assam) প্ৰচাৰবিহীনভাৱে জিলাখনৰ এচাম সমৰ কলাত নিপুণ খেলুৱৈয়ে নিজক এইক্ষেত্ৰত প্ৰতিষ্ঠা কৰাৰ লগতে জিলাখনক বাৰম্বাৰ গৌৰৱাম্বিত হোৱাৰ সুযোগ প্ৰদান কৰিছে ।
লগতে পঢ়ক:সম্ভাৱনাপূৰ্ণ খেলুৱৈলৈ সুখবৰ; বেগী বলাৰৰ সন্ধানত নামিছে অসম ক্ৰিকেট সন্থা - OPEN CAMP FOR PACE BOWLER