স্পৰ্টছ ডেস্ক,১২ ফেব্ৰুৱাৰী :ব্ৰাজিল ফুটবল দলৰ অনুৰাগীৰ বাবে বেয়া খবৰ । আগন্তুক পেৰিছ অলিম্পিকৰ প্ৰতিযোগিতাবোৰত দেখা নাযাব ব্ৰাজিলক । অলিম্পিকৰ কোৱালিফায়াৰত হতাশ হ'বলগীয়া হ'ল ব্ৰাজিল । আঞ্চলিক প্ৰতিদ্বন্দ্বী আৰ্জেণ্টিনাৰ হাতত পৰাস্ত ব্ৰাজিল । আৰ্জেণ্টিনাৰ হাতত ১-০ গ'লত পৰাজিত হোৱাৰ পিচতে পেৰিছ অলিম্পিক পুৰুষৰ ফুটবল খিতাপৰ যুঁজত অৱতীৰ্ণ হ'ব নোৱাৰিব ব্ৰাজিল ।
নিৰ্ণায়ক দক্ষিণ আমেৰিকাৰ অলিম্পিক কোৱালিফায়াৰত লুচিয়ানো গণ্ডৌৱে আৰ্জেণ্টিনাৰ ২৩ অনূৰ্ধ্বৰ দলৰ হৈ বিজয়ী গ'লটো দিয়ে । কাৰাকাচৰ ব্ৰিগিডো ইৰিয়াৰ্টে ষ্টেডিয়ামত অনুষ্ঠিত নিৰ্ণায়ক খেলখনত ৭৮ মিনিটত তেওঁ গ'লটো কৰিবলৈ সক্ষম হয় । ব্ৰাজিলে ৰিঅ' ডি জেনেৰিঅ' আৰু টকিঅ' অলিম্পিকত পুৰুষৰ ফুটবলত স্বৰ্ণ জয় কৰিছিল ।
ফুটবলৰ পুৰুষৰ শিতানত পেৰিছ অলিম্পিকৰ বাবে যোগ্যতা অৰ্জন কৰিবলৈ দক্ষিণ আমেৰিকাৰ হাতত দুটা স্থান আছিল । ইতিমধ্যে ৭ পইণ্টৰ সৈতে পেৰাগুৱে দলটো তালিকাৰ শীৰ্ষত আছে । দেওবাৰে আয়োজক ভেনিজুৱেলাৰ বিৰুদ্ধে ২-০ গ'লত জয় লাভ কৰি অন্তিম গ্ৰুপ পৰ্যায়ৰ তালিকাৰ শীৰ্ষত স্থান লাভ কৰে পেৰাগুৱে দলটোৱে ।