পেৰিছ অলিম্পিকৰ বাবে নিৰ্বাচিত ভাৰতীয় খেলুৱৈসকলৰ তালিকা :
ফ্ৰান্সৰ ৰাজধানীত ২৬ জুলাইৰ পৰা আৰম্ভ হ'বলগীয়া পেৰিছ অলিম্পিকত এইবাৰ ১১৭ গৰাকী ভাৰতীয় খেলুৱৈয়ে প্ৰতিদ্বন্দ্বিতা আগবঢ়াব । মুঠ ৪৭ গৰাকী মহিলা আৰু ৭০ জন পুৰুষ খেলুৱৈয়ে ভাৰতক প্ৰতিনিধিত্ব কৰিব ৷ পেৰিছ অলিম্পিকত হাৰিয়ানাৰ ২৫ গৰাকী খেলুৱৈয়ে অংশগ্ৰহণ কৰিব ৷ পঞ্জাৱৰ ১৮ গৰাকী খেলুৱৈয়ে অংশগ্ৰহণ কৰিব । আগন্তুক পেৰিছ অলিম্পিকত তামিলনাডুৰ ১২ গৰাকী খেলুৱৈ উপস্থিত থাকিব ।
ৰাজ্য অনুসৰি খেলুৱৈৰ সংখ্যা :
ক্ৰম | ৰাজ্য | খেলুৱৈ | ক্ৰম | ৰাজ্য | খেলুৱৈ | ক্ৰম | ৰাজ্য | খেলুৱৈ |
১ | অন্ধ্ৰ প্ৰদেশ | ৪ | ৯ | কৰ্ণাটক | ৭ | ১৭ | ৰাজস্থান | ২ |
২ | অসম | ১ | ১০ | কেৰালা | ৭ | ১৮ | ছিকিম | ১ |
৩ | বিহাৰ | ১ | ১১ | মধ্য প্ৰদেশ | ৩ | ১৯ | তামিলনাডু | ১২ |
৪ | চণ্ডিগড় | ২ | ১২ | মহাৰাষ্ট্ৰ | ৬ | ২০ | তেলেংগানা | ৪ |
৫ | গোৱা | ১ | ১৩ | মণিপুৰ | ২ | ২১ | উত্তৰ প্ৰদেশ | ৬ |
৬ | গুজৰাট | ২ | ১৪ | নতুন দিল্লী | ২ | ২২ | উত্তৰাখণ্ড | ৪ |
৭ | হাৰিয়ানা | ২৫ | ১৫ | উৰিষ্যা | ২ | ২৩ | পশ্চিম বংগ | ৩ |
৮ | ঝাৰখণ্ড | ২ | ১৬ | পাঞ্জাৱ | ১৮ |
এইসমূহ ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ কোনো খেলুৱৈ নাই :
অৰুণাচল প্ৰদেশ, ছত্তিশগড়, হিমাচল প্ৰদেশ, মেঘালয়, মিজোৰাম, নাগালেণ্ড, ত্ৰিপুৰা, পুডুচেৰী, জম্মু আৰু কাশ্মীৰ কেন্দ্ৰীয় শাসিত অঞ্চল, আন্দামান আৰু নিকোবৰ দ্বীপপুঞ্জ, দাদৰা আৰু নগৰ হাভেলি আৰু দমন আৰু দিউ, লাডাখ, লাক্ষাদ্বীপ ৷
ক্ৰমাধিকাৰভিত্তিত খেলুৱৈৰ সংখ্যা :
২০২৪ চনলৈকে চনলৈকে চণ্ডিগড়ৰ জনসংখ্যা হৈছে ১২ লাখ, এই কেন্দ্ৰীয় শাসিত অঞ্চলৰ পৰা মাত্ৰ দুজন খেলুৱৈয়ে প্ৰতিনিধিত্ব কৰিছে কৰিব ৷ প্ৰতি জন খেলুৱৈৰ জনসংখ্যাৰ অনুপাত হৈছে ১:৬২২ হাজাৰ ৷ ছিকিম ১:৬৯৫ আৰু হাৰিয়ানা ১:১২২৩ হাজাৰ ৷
হাৰিয়ানাই পেৰিছ অলিম্পিকৰ বাবে সৰ্বাধিক সংখ্যক শীৰ্ষ শ্ৰেণীৰ খেলুৱৈ প্ৰেৰণ কৰিছে । বিহাৰ হৈছে এখন ডাঙৰ ৰাজ্য ৷ যাৰ জনসংখ্যা ১৩ কোটি ৷ কিন্তু ৰাজ্যখনৰ পৰা মাত্ৰ এগৰাকী খেলুৱৈয়ে প্ৰতিনিধিত্ব কৰিছে ৷ প্ৰতিজন খেলুৱৈৰ গড় জনসংখ্যা হৈছে 1: 12.8 কোটি ৷ একেদৰে ৰাজস্থানৰ 1: 4 কোটি আৰু উত্তৰ প্ৰদেশ 1:3.9 কোটি ৷
ভাৰতৰ সামগ্ৰিক জনসংখ্যালৈ তেওঁলোকৰ অৱদান নিম্নস্থানত থকা স্বত্বেও পাঞ্জাৱে পেৰিছ অলিম্পিক 2024-ৰ বাবে সৰ্বাধিক সংখ্যক খেলুৱৈ প্ৰেৰণ কৰিছে ৷ পাঞ্জাৱৰ এথলীট জনসংখ্যাৰ অনুপাত হৈছে 18 : 1718 (প্ৰতি হাজাৰ জনসংখ্যাৰ বিপৰীতে খেলুৱৈ )৷
ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ নিৰ্বাচিত খেলুৱৈৰ বিপৰীতে জনসংখ্যা (হাজাৰ) :
ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চল | খেলুৱৈৰ সংখ্যা | খেলুৱৈৰ বিপৰীতে জনসংখ্যা (হাজাৰ) |
---|---|---|
চণ্ডিগড় | ২ | ৬২২ |
ছিকিম | ১ | ৬৯৫ |
হাৰিয়ানা | ২৫ | ১২২৩ |
গোৱা | ১ | ১৫৮৩ |
মণিপুৰ | ২ | ১৬২৭ |
পাঞ্জাৱ | ১৮ | ১৭১৮ |
উত্তৰাখণ্ড | ৪ | ২৯৩৯ |
কেৰালা | ৭ | ৫১৩১ |
তামিলনাডু | ১২ | ৬৪২৪ |
তেলেংগানা | ৪ | ৯৫৬৮ |
কৰ্ণাটক | ৭ | ৯৭৩১ |
দিল্লী | ২ | ১০৮৭৬ |
অন্ধ্ৰ প্ৰদেশ | ৪ | ১৩৩৩৫ |
ঝাৰখণ্ড | ২ | ১৯৯৮২ |
মহাৰাষ্ট্ৰ | ৬ | ২১২২৭ |
ওড়িশা | ২ | ২৩২৮৩ |
মধ্য প্ৰদেশ | ৩ | ২৯২০৩ |
পশ্চিমবংগ | ৩ | ৩৩১৮৮ |
অসম | ১ | ৩৬০৪৭ |
গুজৰাট | ২ | ৩৬১৮৪ |
উত্তৰ প্ৰদেশ | ৬ | ৩৯৬৮০ |
ৰাজস্থান | ২ | ৪০৯৪৯ |
বিহাৰ | ১ | ১২৮৫৯২ |
অলিম্পিকৰ বাবে নিৰ্বাচিত ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ খেলুৱৈসকল :
অন্ধ্ৰ প্ৰদেশ : অন্ধ্ৰ প্ৰদেশৰ চাৰিগৰাকী খেলুৱৈ (দুজন পুৰুষ আৰু দুগৰাকী মহিলা)ই প্ৰতিনিধিত্ব কৰিব পেৰিছ অলিম্পিকত ৷ তেওঁলোক হ’ল ধীৰাজ বোম্মাদেৱৰা(আৰ্চাৰী), জ্যোতি য়াৰৰাজী (হাৰ্ডলছ), জ্যোতিকা শ্ৰী দণ্ডি (ৰিলে-মহিলা), সাতৱিকচাইৰাজ ৰেংকিৰেডী (বেডমিণ্টন-পুৰুষৰ ডাবলছ) ।
অসম : বক্সাৰ লাভলীনা বৰগোহাঁই হৈছে অসমৰ একমাত্ৰ মহিলা খেলুৱৈ, যিয়ে পেৰিছ অলিম্পিক-২০২৪ত মহিলাৰ ৭৫ কেজি ইভেণ্টত প্ৰতিদ্বন্দ্বিতা কৰিব ৷ দ্বিতীয়বাৰৰ বাবে অলিম্পিকত অংশগ্ৰহণ কৰিব লাভলীনাই ৷
বিহাৰ : ট্ৰেপ শ্বুটাৰ শ্ৰেয়াচী সিঙে পেৰিছত অলিম্পিকত আত্মপ্ৰকাশ কৰিব । তেওঁ একমাত্ৰ এথেলেট যিয়ে বিহাৰৰ পৰা পেৰিছ অলিম্পিক-২০২৪ত প্ৰৱেশ কৰে ।
চণ্ডীগড় : শ্বুটিঙত চণ্ডীগড়ৰ দুজন খেলুৱৈ অৰ্জুন বাবুতা আৰু বিজয়বীৰ সিদ্ধুৱে পেৰিছ অলিম্পিক-২০২৪ৰ বাবে যোগ্যতা অৰ্জন কৰে । দুয়োজনে এই অলিম্পিকত অভিষেক ঘটাব ৷
গোৱা : মহিলা বেডমিণ্টন খেলুৱৈ ( মহিলা ডাবলছ) তানিছা ক্ৰাষ্টোৱে প্ৰথমবাৰৰ বাবে গ্ৰীষ্মকালীন অলিম্পিকত অংশগ্ৰহণ কৰিব ৷
গুজৰাট : ২০২৪ চনৰ পেৰিছ অলিম্পিকত ভাৰতক প্ৰতিনিধিত্ব কৰিব গুজৰাটৰ দুগৰাকী টেবুল টেনিছ খেলুৱৈ হৰমীত দেশাই আৰু মানৱ ঠাক্কাৰে ৷
হাৰিয়ানা : পেৰিছ অলিম্পিকৰ বাবে হাৰিয়ানাই মুঠ ২৫ গৰাকী খেলুৱৈক প্ৰেৰণ কৰিছে (১৪ গৰাকী মহিলা আৰু ১১ গৰাকী পুৰুষ খেলুৱৈ) ৷ খেলুৱৈসকল হ'ল নীৰজ চোপ্ৰা ( জেভেলিন থ্ৰ' -দ্বিতীয়বাৰৰ বাবে), অমিত ফাংগল নিশান্ত দেৱ প্ৰীতি পাৱাৰ , জয়ছমিন লেম্বোৰিয়া (বক্সিং), দীক্ষা ডাগৰ (গ’ল্ফ দ্বিতীয়বাৰৰ বাবে), সুমিত , সঞ্জয় , অভিষেক (পুৰুষ হকী দল), বলৰাজ পাণোৱাৰ (ৰোইং), ৰাইজা ধিলন ,ৰমিতা জিন্দল সৰাবজোত সিং , মনু ভাকেৰ , ৰিদম সংগম , অনিশ ভানৱালা (শ্বুটিং), সুমিত নগাল (টেনিছ), অমন চেহৰাৱত , বিনেশ ফোগাট, অংশু মালিক , নিশা দহিয়া , ৰীতিকা হুদা, অন্তিম ফাংগল (মল্লযুঁজ) ৷ তাৰ ভিতৰত ভজন কৌৰ, কিৰণ পহল , নিশান্ত দেৱ , প্ৰীতি পাৱাৰ , জয়ছমিন লেম্বৰিয়া, সঞ্জয়ে প্ৰথমবাৰৰ বাবে অলিম্পিকত ভাৰতক প্ৰতিনিধিত্ব কৰিছে ৷
ঝাৰখণ্ড : ঝাৰখণ্ডৰ এজন পুৰুষ আৰু এগৰাকী মহিলা খেলুৱৈয়ে পেৰিছ অলিম্পিক-২০২৪ৰ বাবে ফ্ৰান্সলৈ যাত্ৰা কৰিব ৷ পেৰিছ অলিম্পিকত ভাৰতক প্ৰতিনিধিত্ব কৰিব ঝাৰখণ্ডৰ খেলুৱৈ দীপিকা কুমাৰী (আৰ্চাৰী) আৰু বিকাশ সিঙে (ৰেচ ৱাক)।